গয়া (বিহাৰ) : “বংকাট গাঁৱত বসতি স্থাপন কৰা লোকসকলে বাংকটৰ বাবে নিয়ম বনাইছিল । প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি এই নিয়ম সকলোৱে মানি চলিছে ।” এই মন্তব্য ৭৬ বছৰীয়া ৰামদেৱ যাদৱৰ ।
- থানাত শূন্য গোচৰ থকা গাঁও :
আচলতে বিহাৰ বুলি ক’লে সততে অপৰাধৰ কথাই মনলৈ আহে ৷ কিন্তু সেই ৰাজ্যখনতে লুকাই আছে এনে এখন গাঁও, য’ত অপৰাধ বুলিবলৈ একো নাই ৷ গাঁওখনৰ ৰাইজে গচকিয়েই পোৱা নাই থানা আৰু আদালতৰ দুৱাৰমুখ ৷
বিহাৰৰ এই গয়া গাঁওখন প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ৰাইজে দেখা নাই থানা বা আদালত । এই গাঁওখন ‘‘জিৰ’ কেছ’’ অৰ্থাৎ শূন্য গোচৰ থকা গাঁও বুলি বিখ্যাত ।

- আৰক্ষী থানাত কোনো অভিলেখ নাই :
আচলতে জিলা সদৰৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগত আমছ ব্লকৰ বৰহী চিলমি পঞ্চায়তত আছে এই বাংকট গাঁওখন । যোৱা ১১১ বছৰে গাঁওখনৰ পৰা কোনো বিবাদ বা অপৰাধৰ গোচৰ ৰুজু হোৱা নাই থানাত ৷ সকলোৰে বাবে এই বংকাট গাঁওখন হৈ পৰিছে এক আদৰ্শস্বৰূপ ।
অৱশ্যে এই গাঁওখনত যে আজিলৈকে বিবাদ হোৱা নাই, এনে নহয় ৷ বিবাদ হয় যদিও কোনেও এই অভিযোগ লৈ গাঁৱৰ বাহিৰলৈ নাযায় । কাৰণ গাঁৱৰ বয়োজ্যেষ্ঠসকলে নিজেই বিষয়টো সমাধান কৰে । গাঁৱৰ নিয়ম উলংঘা কৰাসকলকো শাস্তি দিয়া হয় ।

বংকাট গাঁৱৰ স্থানীয় বাসিন্দা হীৰা ৰাৱানীয়ে কয় যে তেওঁৰ বয়স ৪৫ বছৰ । এই বয়সতো তেওঁ আমছ থানাৰ ভিতৰখনেই দেখা নাই ৷ কাৰণ তেওঁ থানালৈ যোৱাৰ প্ৰয়োজনেই হোৱা নাই । ককাক-দেউতাকৰ মুখৰ পৰাও তেওঁ শুনিছে যে স্বাধীনতাৰ আগতেও এই গাঁৱত এটাও অপৰাধমূলক গোচৰ ৰুজু হোৱা নাছিল । কাৰো বিৰুদ্ধে কোনো অভিযোগ বা শত্ৰুতা নাই ।
"আমি নাজানো কিয় সেই সময়ত আমাৰ পূৰ্বপুৰুষে এই নিয়মবোৰ বনাইছিল ৷ কিন্তু আজিও আমি আমাৰ পৰম্পৰা জানো আৰু মানি চলি আছো । ইয়াত তিনিটা সম্প্ৰদায়ৰ মানুহে বাস কৰে ৷ সকলোৱে ইজনে সিজনক সন্মান কৰে ।" ক'লে হীৰা ৰাৱানীয়ে ৷

এই বংকাট গাঁৱৰ আৰক্ষী থানাৰ বিষয়া শৈলেশ কুমাৰে জানিবলৈ দিয়া মতে, থানাৰ ৰেকৰ্ডত বংকাট গাঁৱৰ কোনো গোচৰ নাই । আনকি তেওঁৰ কাৰ্যকালতো এতিয়ালৈকে এটাও গোচৰ ৰুজু হোৱা নাই । থানাৰ ৰেকৰ্ড অনুসৰি বছৰ বছৰ ধৰি গাঁওখনৰ কোনো গোচৰ ৰুজু হোৱা নাই ।
- আমি নিজৰ মাজতে বিবাদৰ নিষ্পত্তি কৰো :
গাঁওবুঢ়া ৰাজ কুমাৰ গেহলটে কয় যে তেওঁ নিজেই যোৱা ১০ বছৰে গাঁওবুঢ়া হৈ আছে ৷ এই সময়ছোৱাত গাঁৱৰ কোনো ব্যক্তিৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হোৱা নাই ৷ তেওঁ কয় যে বাংকাটৰ অধিকাংশ লোক শান্তিপ্ৰিয় । তেওঁলোকৰ মাজত কিবা এটা হ’লেও কিছু বুজাবুজিৰ অন্তত বিষয়টো সমাধান হৈ যায় আৰু কোনেও থানালৈ নাযায় ।
"মই প্ৰতিনিধিত্ব কৰা গাঁওখন জিলাখনৰ লগতে ৰাজ্যখনৰো আদৰ্শ হিচাপে পৰিগণিত হৈ আহিছে ৷ যাক লৈ মই সুখী । প্ৰায় ১১১ বছৰত এটাও গোচৰ পঞ্জীয়ন হোৱা নাই ।'' এইদৰে কয় ৰাজ কুমাৰ গেহলটে ৷

- গাঁওখনৰ নিজা নিয়ম-নীতি আছে :
গাঁওখনৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তি ৭৬ বছৰীয়া ৰামদেৱ যাদৱে কয় যে বংকাট গাঁৱৰ নিজা নিয়ম-নীতি আছে, যাৰ অধীনত তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰে ৷ পঞ্চায়তৰ পেনেলত গাঁওখনৰ পৰাই ৫ জন ব্যক্তি থাকে, যাৰ সিদ্ধান্ত মানি চলাটো বাধ্যতামূলক । এই ৫ ব্যক্তিৰ ভিতৰত প্ৰত্যেক ফালৰ পৰা দুজনকৈ ব্যক্তি থাকে, আনহাতে ইয়াৰ মূল ব্যক্তিজন হ’ল গাঁৱৰ এজন বৃদ্ধ ব্যক্তি, যাৰ প্ৰতি গাঁৱৰ আন মানুহৰ লগতে দুয়োপক্ষৰ সন্মতি থাকে ।
- শাৰীৰিক শাস্তি এবাৰ হৈছিল :
ৰামদেৱ যাদৱে কয় যে গাঁৱৰ এজন ৭৬ বছৰীয়া ব্যক্তিক এবাৰ শাৰীৰিক শাস্তি দিয়া হৈছিল । ঘটনাটো হোৱা প্ৰায় ৩০ বছৰতকৈও অধিক হ’ল । এতিয়া গাঁৱৰ প্ৰত্যেকেই পৰম্পৰা হিচাপে নিজৰ নিজৰ নিয়ম মানি চলে । ইয়াত কোনো জঘন্য অপৰাধ হোৱা নাই, গতিকে কঠোৰ শাস্তিও বিহা হোৱা নাই । এই গাঁৱৰ বেছিভাগ বিষয় ঘৰুৱা, যিবোৰ পাৰস্পৰিকভাৱে সমাধান কৰাটো সহজ ।
- আৰ্থিক জৰিমনাৰ পৰা সামাজিক কাম কৰা হয় :
জৰিমনা হিচাপে পোৱা ধনৰাশি গাঁৱৰ দৰিদ্ৰ লোকৰ বিবাহ, তেওঁলোকৰ চিকিৎসা আৰু জনকল্যাণমূলক কামৰ বাবে ব্যৱহাৰ কৰা হয় । গাঁৱৰ কোনো ব্যক্তিক সেই ধনৰ প্ৰয়োজন হ’লে ঋণ হিচাপেও দিয়া হয় ।

- ১৯১৪ চনত স্থাপন কৰা গাঁওখন :
বাংকট গাঁৱৰ ৰাজহ গাঁওখন চিলমি গাঁও । আমছ ব্লকৰ বি এল অ’ৰ তত্বাৱধায়ক তথা শিক্ষক অৰুণ কুমাৰ যাদৱে কয় যে ১৯১৪ চনত বাংকট প্ৰতিষ্ঠা হৈছিল । ১৯১৪ চনৰ সমীক্ষাত নাথুনী যাদৱ, তুলসী যাদৱ আৰু মুংগেশ্বৰ যাদৱৰ বাহিৰেও ইয়াত আন কিছু লোক আহি বসতি স্থাপন কৰিছিল ।
সেই সময়ত মাত্ৰ চাৰি-পাঁচটা ঘৰহে আছিল । চাৰিওফালে হাবি আৰু পাহাৰ । আজিও গাঁৱৰ ওচৰত পাহাৰ আৰু বনাঞ্চল আছে যদিও গাঁওখনত পানী, বিদ্যুৎ আৰু পথৰ ব্যৱস্থা উন্নত হৈছে ।

- গাঁওখনত সামাজিক ঐক্য :
স্থানীয় সাংবাদিক ধনঞ্জয় কুমাৰে কয় যে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ সময়ত বংকাট গাঁৱত দুটা বুথ নিৰ্মাণ কৰা হয় । ৰাজনৈতিকভাৱেও সজাগ গাঁওখন । এই গাঁওখনে নিৰ্বাচনৰ আগতে একত্ৰিত হৈ ভোটদানৰ সিদ্ধান্ত লয় আৰু তাৰ পিছত লোৱা সিদ্ধান্ত অনুসৰি ভোটদান হয় । গাঁওখন ডাঙৰ হোৱাৰ পিছতো ইয়াত অধিক সামাজিক ঐক্যতা দেখা যায় ।
- গাঁওখনৰ নাম কেনেকৈ বংকাট হ’ল ?
গাঁৱৰ বয়োজ্যেষ্ঠসকলে কয় যে গাঁওখনত চাৰিজন মানুহে বসতি স্থাপন কৰিছিল । গাঁওখনত বসতি স্থাপন কৰা সময়ত চৌদিশে অৰণ্য আছিল । লাহে লাহে সেই অৰণ্য কাটি খেতি কৰিব পৰা মাটিলৈ ৰূপান্তৰিত কৰি ল’লে ৷ এই কাৰণেই গাঁওখনৰ নাম বংকাট হৈ পৰিল ।
তুলসী যাদৱ, মুংগেশ্বৰ যাদৱ, নাথুনী যাদৱ আৰু সজীৱন যাদৱ নামৰ একে চাৰিজন ব্যক্তিয়ে গাঁওখনৰ নামকৰণ কৰিছিল ।
- নক্সালবাদীয়েও একো কৰিব নোৱাৰিলে :
বংকাটৰ স্থানীয় লোকে কয় যে ৯০ৰ দশকত গয়া জিলাৰ নক্সালবাদী অঞ্চল আছিল । গাঁৱৰ এই পৰম্পৰাৰ বিষয়ে নক্সালবাদীয়ে জানিবলৈ পাই তেওঁলোকেও হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল যদিও নক্সালবাদীয়েও গাঁৱৰ ঐক্যক লৰচৰ কৰিব নোৱাৰিলে ।
ৰামদেৱ যাদৱে কয় যে নক্সালবাদীৰ নীতিও বৃটিছৰ দৰে আছিল, তেওঁলোকে ভাগ ভাগ কৰিব বিচাৰিছিল ৷ কিন্তু গাঁওবাসীয়ে এখন বৈঠক অনুষ্ঠিত কৰি নক্সালবাদীৰ হস্তক্ষেপ অস্বীকাৰ কৰে । কেৱল এয়াই নহয়, গাঁৱত নক্সালবাদীৰ তীব্ৰ বিৰোধিতাও হৈছিল ।

- ছোৱালী স্নাতক :
শিক্ষাৰ ক্ষেত্ৰটো গাঁওখন আগবঢ়া ৷ গাঁওখনত আছে বহু শিক্ষিত লোক ৷ এই গাঁৱৰে চাৰিজন যুৱক চৰকাৰী সেৱাত নিয়োজিত হৈ আছে ৷ আনহাতে দুই ডজনৰো অধিক ছোৱালী স্নাতক ডিগ্ৰীধাৰী ।
গাঁৱত থকা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয় । উচ্চশিক্ষাৰ বাবে ঔৰংগাবাদ জিলাৰ অন্তৰ্গত মদনপুৰ হাইস্কুললৈ যাব লাগে ৷ গাঁৱৰ ল’ৰা-ছোৱালীয়ে ঔৰংগাবাদৰ পৰা স্নাতক শিক্ষা লাভ কৰে । খোৱাপানীৰ আঁচনিৰ পৰা আৰম্ভ কৰি সকলো সা-সুবিধা এই গাঁওখনত আছে ।