ETV Bharat / bharat

পশ্চিমবংগ-অসম-মেঘালয়-মিজোৰামত হাই এলাৰ্ট - Bangladesh Crisis

Assam put on high alert: বাংলাদেশৰ সৈতে সীমান্ত ভাগ বাটোৱাৰা কৰা পশ্চিমবংগ, অসম, মেঘালয়, মিজোৰামৰ নিৰাপত্তা সংস্থাসমূহক হাই এলাৰ্টত ৰখা হৈছে । কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ খবৰৰ পিছত ইংগিত দিয়া হৈছে যে বাংলাদেশৰ নিষিদ্ধ সংগঠন জামাত-ই-ইছলামীৰ সদস্যসকলে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিব পাৰে। শেহতীয়াকৈ বাংলাদেশত দুবাৰকৈ জেল ভাঙি পলায়ন কৰা ৭০৯ জন কয়দীৰ ভিতৰত কেইবাজনো সন্ত্ৰাসবাদী সন্দেহযুক্ত লোক থকাৰ কথা প্ৰকাশৰ পিছতে এই সতৰ্কবাণী প্ৰকাশ পাইছে ।

Assam put on high alert
পশ্চিমবংগ, অসম, মেঘালয় আৰু মিজোৰামত হাই এলাৰ্ট (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 10, 2024 at 10:36 PM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, ১০ আগষ্ট: বাংলাদেশৰ নিষিদ্ধ সংগঠন জামাত-ই-ইছলামী (JeI)ৰ সদস্যই ভাৰতত লুকাই চুৰকৈ সোমাবলৈ চেষ্টা কৰিব পাৰে বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে বাংলাদেশৰ সৈতে নিজৰ সীমা ভাগ কৰা পশ্চিমবংগ, অসম, মেঘালয় আৰু মিজোৰামৰ নিৰাপত্তা সংস্থাসমূহক হাই এলাৰ্ট কৰা হৈছে ।

যোৱা কিছুদিনত বাংলাদেশৰ দুখন কাৰাগাৰৰ পৰা পলায়ন কৰা ৭০৯জন কয়দীৰ ভিতৰত কেইবাজনো সন্ত্ৰাসবাদী সন্দেহযুক্ত লোকে হয়তো লুকাই চুৰকৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব পাৰে বুলি প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই এই সতৰ্কবাণী জাৰি কৰিছে । চোৰাংচোৱা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এটা চোৰাংচোৱা প্ৰতিবেদনৰ কথা উল্লেখ কৰি কয়, "আমাৰ হাতত খবৰ আছে যে দুই এজন জামাতৰ সদস্যও বাংলাদেশৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছে ।"

ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থাসমূহে চুবুৰীয়া দেশৰ পৰা তথ্য সংগ্ৰহ কৰি আছে, ৰাজ্যৰ আৰক্ষীয়ে হোটেল আৰু লজসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । বিষয়াগৰাকীয়ে কয়, "বৰ্তমানৰ পৰিস্থিতিৰ সুযোগ লৈ ভাৰত বিৰোধী শক্তিসমূহে হয়তো লুকাই চুৰকৈ দেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব আৰু প্ৰথম অৱস্থাত হোটেল আৰু ল'জত আশ্ৰয় ল’ব ।"

মঙলবাৰে শ্বেৰপুৰ জিলা কাৰাগাৰত এটা অস্ত্ৰধাৰী দুস্কৃতিকাৰী দলে সুযোগ বুজি ৫০০ৰো অধিক কয়েদীক মুকলি কৰি দিয়ে । সেইদিনা প্ৰায় ২০৯ জন কয়েদী গাজীপুৰৰ কাছিমপুৰ কাৰাগাৰৰ পৰা পলায়ন কৰে । সীমান্তৰক্ষী সংস্থাক যিটোৱে চিন্তিত কৰি তুলিছে সেয়া হ’ল বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বাংলাদেশৰ পৰা হাজাৰ হাজাৰ লোকে লুকাই চুৰকৈ ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্ত অঞ্চলৰ কাষ চাপি আহিছে । শুকুৰবাৰে বি এছ এফে বাংলাদেশৰ পৰা ভাৰতত আশ্ৰয় ল’ব বিচৰা ১০০০ ব্যক্তিক পিছলৈ ঠেলি পঠিয়ায় ।

বিষয়াগৰাকীয়ে লগতে কয়, "যদি জামাতৰ সদস্যসকলে লুকাই চুৰকৈ ভাৰতত প্ৰৱেশ কৰে তেন্তে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে এক বৃহৎ সমস্যাৰ সৃষ্টি হ’ব । ভাৰতৰ চাৰিখন ৰাজ্যই বাংলাদেশৰ সৈতে মুঠ ৪০৯৬ দীঘল কিলোমিটাৰ সীমান্ত ভাগ কৰে । পশ্চিমবংগৰ মুঠ ২,২১৭ কিলোমিটাৰ, ত্ৰিপুৰাৰ ৮৫৬ কিলোমিটাৰ, মেঘালয়ৰ ৪৪৩ কিলোমিটাৰ, অসমৰ ২৬২ কিলোমিটাৰ আৰু মিজোৰামৰ ৩১৮ কিলোমিটাৰ ভাগ বাটোৱাৰা কৰি আছে ।

জামাত-ই-ইছলামী :

১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ পিছৰে পৰা জামাত-ই-ইছলামীৰ কাৰ্যকলাপ বিতৰ্কিত হৈ আহিছে । যুদ্ধৰ সময়ত পাকিস্তানী বাহিনীৰ সৈতে সহযোগিতা কৰাৰ বাবে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত প্ৰথমখন চৰকাৰে এই সংগঠনটো প্ৰথমে নিষিদ্ধ কৰিছিল ।

বাংলাদেশ চৰকাৰে ২০০৯ চনৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ ১৮/১ ধাৰাত সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰি ২০২৪ চনৰ ১ আগষ্টত জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ শাখা, ছাত্ৰ শিবিৰক আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰিছিল । পূৰ্বৰ শ্বেখ হাছিনা চৰকাৰেও দেশত বিশৃংখলতা আৰু অৰাজকতা বিয়পোৱাৰ ক্ষেত্ৰত জামাতৰ ভূমিকা বুলি অভিযোগ উত্থাপন কৰিছিল ।

গাজাস্থিত হামাছ, পেলেষ্টাইনী ইছলামিক জেহাদ আৰু মুছলিম ব্ৰাদাৰহুডকে ধৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে এই সংগঠনটোৰ সম্পৰ্ক আছে ।

লগতে পঢ়ক: ধাৰণা কৰা ধৰণে বাংলাদেশত হিন্দুসকল অসুৰক্ষিত নহয় : গোবিন্দ চন্দ্ৰ প্ৰামাণিক - Bangladesh Crisis