ETV Bharat / bharat

বান্দ্ৰা ৰে'ল ষ্টেচনত হাহাকাৰ পৰিস্থিতি !

Bandra Railway Station: দীপাৱলীৰ প্ৰাকক্ষণত বান্দ্ৰা ষ্টেচনত অঘটন । ৰে'লত উঠাৰ সময়তে বাগৰি পৰিল বহু যাত্ৰী । আহত ৯ গৰাকী ।

Bandra Railway Station
বান্দ্ৰা ৰে'ল ষ্টেচনত হাহাকাৰ পৰিস্থিতি ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 27, 2024 at 12:13 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : দেশৰ ব্যস্ত ৰে'ল ষ্টেচনসমূহৰ ভিতৰত অন্যতম মুম্বাইৰ বান্দ্ৰা ষ্টেচনত অঘটন । ৰে'লত উঠাৰ সময়ত প্লেটফৰ্মতে বাগৰি পৰিল বহু যাত্ৰী । দেওবাৰে পুৱা সংঘটিত এই ঘটনাত ৯ গৰাকী লোক আহত হয় । যাত্ৰীসকলে উত্তৰ প্ৰদেশৰ গোৰখপুৰ অভিমুখে যোৱা ৰে'লখনত উঠিবলৈ চেষ্টা কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় ।

আহত ৯ যাত্ৰী

আহতসকলক শ্বাভিৰ আব্দুল ৰেহমান (৪০), পৰমেশ্বৰ সুখদাৰ গুপ্তা (২৮), ৰবীন্দ্ৰ হৰিহৰ চুমা (৩০), ৰামসেৱক ৰবীন্দ্ৰ প্ৰসাদ প্ৰজাপতি (২৯), সঞ্জয় তিলক্ৰাম কাংগে (২৭), দিব্যাংশু যোগেন্দ্ৰ যাদৱ (১৮), মহম্মদ শ্বৰীফ শ্বেখ (২৫), ইন্দ্ৰজিৎ চাহানী (১৯) আৰু নুৰ মহম্মদ শেখ (১৮) বুলি চিনাক্ত কৰা হৈছে । আহতসকলৰ ৭ জনৰ অৱস্থা সুস্থিৰ যদিও দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

যাত্ৰীৰ ভিৰৰ বাবে অঘটন

বোম্বাই পৌৰ নিগমৰ মতে দীপাৱলীৰ পূৰ্বে ষ্টেচনত যাত্ৰীৰ যথেষ্ট ভিৰ আছিল । বান্দ্ৰাৰ পৰা গোৰখপুৰলৈ ২২৯২১ নম্বৰৰ ৰে'লখন ষ্টেচনৰ ১ নং প্লেটফৰ্মত উপস্থিত হৈছিল আৰু যাত্ৰীসকলৰ এক বৃহৎ অংশই ততাতৈয়াকৈ ৰে'লখনত উঠিবলৈ প্লেটফৰ্মৰ ফালে গৈছিল । সেই সময়তে ভিৰৰ মাজত একাংশ যাত্ৰী বাগৰি পৰে ।

এটা ভিডিঅ'ত ষ্টেচনৰ প্লেটফৰ্মত তেজৰ চেকুৰা দেখা গৈছে । ৰে'লৱে আৰক্ষীৰ জোৱানসকলে আহতসকলক ষ্ট্ৰেচাৰত লৈ যোৱা দেখা গৈছে । আন এটা ভিডিঅ'ত এগৰাকী ৰে'ল বিষয়াই এজন আঘাতপ্ৰাপ্ত যাত্ৰীক কান্ধত লৈ যোৱা দেখা গৈছে । বিএমচিয়ে আশ্বাস দিছে যে ৰে'ল ষ্টেচনত পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু আহতসকলক ভাভা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :ঘূৰ্ণীবতাহ ডানাৰ পিছত এতিয়া বানৰ কবলত উত্তৰ ওড়িশা