ETV Bharat / bharat

প্ৰত্যুৎপন্নমতিতা আৰু দায়িত্ববোধৰ উৎকৃষ্ট নিদৰ্শন: নৱজাতকক জীৱন দান ১০৮ এম্বুলেন্সৰ কৰ্মচাৰীৰ - BABY BREATHED LIFE

তেলেংগানাৰ 108 এম্বুলেন্সৰ জৰুৰীকালীন কৰ্মচাৰীৰ মানসিক দৃঢ়তা আৰু শক্তিয়ে এটি নৱজাতকক নতুন জীৱন দিলে ।

Baby Breathed Life
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 8:16 PM IST

4 Min Read

পেডেমুল (তেলেংগানা): কিংবদন্তি ফুটবলাৰ মাৰাডোনাৰ সেই বহুচৰ্চিত গ'লটোৰ কথা নিশ্চয় মনত আছে, য'ত হাতেৰে এটা গ'ল কৰি দেশক বিশ্বজয়ী কৰিছিল । কিন্তু উক্ত গ'লটোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হ'লেও মাৰাডোনাই সেই ঘটনাক 'ভগৱানৰ হাত' বুলি উল্লেখ কৰিছিল । অৱশ্যে এই ঘটনা তেনেধৰণৰ নহ'লেও ইয়াতো এক ঐশ্বৰিক শক্তি নিহিত হৈ আছে আৰু যিটো হয়তো ভগৱানে মানুহৰ হাতেৰেই কৰিছে ।

এই অলৌকিক ঘটনাৰ লগত জড়িত হৈ আছে এটি শিশুৰ পুনৰ জন্মৰ কাহিনী । শেহতীয়াকৈ তেলেংগানাৰ বিকাৰাবাদ জিলাৰ পেডেমুলত জন্ম প্ৰক্ৰিয়াৰ সময়ত উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি হোৱা এটি নৱজাতকৰ ক্ষেত্ৰত কোনো চিকিৎসালয়ত নহয়, এম্বুলেসৰ ভিতৰত এক অসাধ্য সাধন কৰে । এম্বুলেন্সৰ চিকিৎসা কৰ্মীৰ দলটোৱে চি পি আৰ বা কাৰ্ডিঅ'-পালমোনাৰী ৰিচাচিটেচনৰ জৰিয়তে শিশুটিক জীৱন দান দিয়ে ।

নিশাৰ ভাগত এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হয় । তাৰ পিছত ততাতৈয়াকৈ এখন এম্বুলেন্স মতা হয় । কিন্তু প্ৰসৱ বেদনাত যুঁজি থকা মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ সময়ত আদবাটতে ততালিকে প্ৰসৱ কৰাবলগা হয় । সেই সময়ত নৱজাতকটিয়ে যেতিয়া জীয়াই থকাৰ কোনো লক্ষণ দেখুওৱা নাছিল, চিকিৎসা কৰ্মীৰ দলটো আতংকিত হৈ পৰে । লগে লগে 108 এম্বুলেন্সৰ জৰুৰীকালীন কৰ্মচাৰীয়ে চি পি আৰৰ ওপৰত নিৰ্ভৰ কৰি শিশুটিক জীয়াই তোলাৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয় । অৱশেষত তেওঁলোকৰ এই প্ৰচেষ্টা সফল হয় আৰু কেঁচুৱাটোৱে চলাচল কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত সকলোৱে স্বস্তিৰ নিশ্বাস পেলায় ।

এই নাটকীয় ঘটনাটো শনিবাৰে মাজনিশা বিকাৰাবাদ জিলাৰ পেডেমুল মণ্ডলৰ বান্দামিদিপল্লী গাঁৱত সংঘটিত হয় । কৰ্ণাটকৰ সীমান্তৱৰ্তী গাঁওখনৰ বাসিন্দা মালা কিস্তাপ্পাই তিনি বছৰ পূৰ্বে নাগাম্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । ইয়াৰ পূৰ্বেও পৰিয়ালটোত এক দুখজনক ঘটনা সংঘটিত হৈছিল । প্ৰথম গৰ্ভধাৰণত নাগাম্মাই এটা কন্যা সন্তান জন্ম দিয়ে যদিও এমাহৰ ভিতৰতে কৰুণ মৃত্যুক সাৱটি লয় । ইফালে চিকিৎসকে নাগাম্মাক দ্বিতীয় গৰ্ভধাৰণৰ সম্ভাৱ্য জটিলতাৰ বিষয়েও সতৰ্ক কৰি দিয়ে ।

ঘটনাৰ দিনা নিশা নাগাম্মাৰ প্ৰসৱ বেদনা বৃদ্ধি হোৱাৰ লগে লগে পৰিয়ালটোৱে জৰুৰীকালীন সহায়ৰ বাবে 108 ডায়েল কৰে । তেওঁক তান্দুৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত থাটেপল্লীৰ ওচৰত শাৰীৰিক অৱস্থা শোচনীয় হৈ পৰে । ইফালে পৰিস্থিতি ইমানেই সংকটজনক হৈ পৰে যে কেঁচুৱাটো প্ৰসৱৰ স্থিতিত আছিল আৰু মাত্ৰ এখন ভৰি ওলাই আছিল । যাৰ বাবে এম্বুলেন্সখন ৰখাবলগা হয় আৰু ই এম টি নাৰ্ছে প্ৰসৱত সহায় কৰিবলৈ দ্ৰুততাৰে আগবাঢ়ি আহে ।

কিন্তু ল'ৰা সন্তান এটি জন্ম হোৱাৰ পিছত সমগ্ৰ পৰিৱেশ এক মৃত্যু শীতল নীৰৱতাই বিৰাজ কৰিছিল । কিয়নো কেঁচুৱাটিয়ে কোনো ধৰণৰ লৰচৰ কৰা নাছিল । লগে লগে সময় অপচয় নকৰাকৈ ই এম টি নাৰ্ছে চি পি আৰ কৰে আৰু লেলাৱতি চুহি নৱজাতকৰ বায়ুপথ সাৱধানে পৰিষ্কাৰ কৰে ।

ৰাখে হৰি মাৰে কোনে বুলি এষাৰ কথা আছে । কেঁচুৱাটিৰ ক্ষেত্ৰতো এই আপ্তবাক্যশাৰী সত্য প্ৰমাণিত হয় । কিয়নো তেওঁলোকৰ প্ৰচেষ্টা ফলপ্ৰসূ হয় । এই প্ৰচেষ্টাৰ কেইমিনিটমানৰ ভিতৰতে কেঁচুৱাটিয়ে কান্দিবলৈ আৰম্ভ কৰে । এই কান্দোন আছিল আনন্দৰ কান্দোন । লগে লগে এম্বুলেন্সখনৰ ভিতৰত থকা সকলোৱে সকাহ অনুভৱ কৰে । ইয়াৰ পিছত নৱজাতক আৰু প্ৰসূতি দুয়োকে অধিক চিকিৎসা যত্ন আৰু পৰ্যবেক্ষণৰ বাবে তৎক্ষণাৎ তান্দুৰ মাতৃ আৰু শিশু চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ।

লগতে পঢ়ক :গৰুৰ গোবৰেৰে উষ্ণতা নিয়ন্ত্ৰণ: কলেজৰ অধ্যক্ষই হাতে-কামে কৰি দেখুৱালে শ্ৰেণীকোঠাৰ পৰীক্ষা - DU COLLEGE PRINCIPAL VIRAL VIDEO
লগতে পঢ়ক :এতিয়াৰে পৰা আৰু চিন্তা নাই, এটকাতে কৰিব পাৰিব দাঁতৰ যিকোনো সমস্যা সমাধান ! - FIRST ONE RUPEE DENTAL CLINIC

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.