ছোনিয়া-ৰাহুল-খাৰ্গেক লগত লৈ বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ মনোনয়ন দাখিল
মনোনয়ন দাখিলৰ পূৰ্বে ৰেড্ডীয়ে সকলোৱে তেওঁক সমৰ্থন কৰিব বুলি আশা প্ৰকাশ কৰে । সোমবাৰে এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে মনোনয়ন দাখিল কৰিছিল ৷

Published : August 21, 2025 at 12:40 PM IST
|Updated : August 21, 2025 at 12:58 PM IST
নতুন দিল্লী : উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২৫ ৰ মনোনয়ন প্ৰক্ৰিয়া অব্যাহত আছে ৷ বৃহস্পতিবাৰে বিৰোধী দলসমূহৰ (ইণ্ডিয়া ব্লক) প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে মনোনয়ন দাখিল কৰে ৷ তথ্য অনুসৰি পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ মনোনয়ন দাখিল কৰে ৷ ইতিমধ্যে বুধবাৰে নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে মনোনয়ন দাখিল কৰিছিল ৷
বি সুদৰ্শন ৰেড্ডীয়ে মনোনয়ন দাখিল কৰা সময়ত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, ৱায়ানাড়ৰ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি বহু নেতা উপস্থিত থাকে ৷ তেওঁ মনোনয়ন দাখিল কৰাৰ পূৰ্বে প্ৰেৰণা স্থলত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিছত তেওঁ কয় যে সংখ্যাই গুৰুত্বপূৰ্ণ ৷ নিশ্চয় আশা কৰোঁ ৷ যিহেতু মই কোনো ৰাজনৈতিক দলৰ নহয়, গতিকে সকলোৱে মোক সমৰ্থন কৰিব বুলি মোৰ বিশ্বাস ৷ কালি বুধবাৰে মই এইটো স্পষ্ট কৰি দিলোঁ ৷ এয়া মতাদৰ্শৰ যুদ্ধ ৷
#WATCH | INDIA alliance Vice-Presidential nominee, former Supreme Court Judge B Sudershan Reddy says, " numbers matter continues...of course, i am hopeful. since i don't belong to any political party, i believe everyone would support me...i have made it very clear yesterday. it is… pic.twitter.com/iqOxQckny2
— ANI (@ANI) August 21, 2025
উল্লেখ্য যে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ২০২৫ ৰ বাবে মনোনয়ন দাখিল কৰা দুয়োগৰাকী প্ৰাৰ্থী দক্ষিণ ভাৰতৰ ৰাজ্যৰ পৰা আহিছে ৷ এনে পৰিস্থিতিত যিজন প্ৰাৰ্থীয়েই জয়ী নহওক কিয়, তেওঁ দক্ষিণক প্ৰতিনিধিত্ব কৰিব ৷ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই বুধবাৰে অংশীদাৰ দলসমূহৰ সকলো নেতাৰ লগত বি সুদৰ্শনৰ পৰিচয় কৰায় ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰেড্ডীক চলিত সপ্তাহৰ আৰম্ভণিতে বিৰোধীৰ যৌথ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল ৷ তেওঁ এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণৰ মুখামুখি হ’ব ৷ সংসদত মনোনয়নৰ সময়ত ৰেড্ডীৰ সৈতে বিৰোধী দলৰ নেতাসকলো থকাৰ সম্ভাৱনা আছে ৷
INDIA alliance Vice-Presidential nominee, former Supreme Court Judge B Sudershan Reddy files his nomination in the presence of Congress president-Rajya Sabha LoP Mallikarjun Kharge, Congress Parliamentary Party Chairperson Sonia Gandhi and Lok Sabha LoP Rahul Gandhi. pic.twitter.com/FdJiGMmpr4
— ANI (@ANI) August 21, 2025
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বুধবাৰে কয় যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক মনোনীত কৰাটো ৰাজ্যসভাৰ কাম-কাজত ‘ন্যায্যতা, নিৰপেক্ষতা আৰু মৰ্যাদা’ পুনৰ ঘূৰাই অনাৰ বাবে বিৰোধীৰ দৃঢ় প্ৰতিশ্ৰুতি ৷ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ইণ্ডিয়া ব্লকৰ সদস্যসকলক সম্বোধন কৰি খাৰ্গে কয় যে বিৰোধী সদস্যসকলক উচ্চ সদনত গুৰুত্বপূৰ্ণ জনচিন্তাৰ বিষয়সমূহ উত্থাপন কৰাৰ সুযোগ দিয়া হোৱা নাই আৰু এই ‘উলংঘা’ৰ পৰা হাত সাৰিবলৈ সুদৰ্শন ৰেড্ডী নিৰ্বাচিত হোৱাটো গুৰুত্বপূৰ্ণ ৷
#WATCH | INDIA alliance Vice-Presidential nominee, former Supreme Court Judge B Sudershan Reddy files his nomination in the presence of Congress president-Rajya Sabha LoP Mallikarjun Kharge, Congress Parliamentary Party Chairperson Sonia Gandhi and Lok Sabha LoP Rahul Gandhi.… pic.twitter.com/Xxg6KX2ncQ
— ANI (@ANI) August 21, 2025
খাৰ্গে আৰু কয় যে সংসদত আমি বিৰোধীৰ কণ্ঠ দমনৰ ধাৰা বৃদ্ধি পোৱা দেখিবলৈ পাইছো ৷ সদনত জনস্বাৰ্থৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিবলৈ আমাক বাৰে বাৰে সুযোগ দিয়া নহয় ৷ সংসদত এই উলংঘাৰ বিৰোধিতা কৰি ইয়াৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা ল’বলৈ দেশক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে এজন দৃষ্টান্তমূলক, নিৰপেক্ষ ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ প্ৰয়োজন ৷ তেওঁৰ মনোনয়নে ভাৰতক সংজ্ঞায়িত কৰা গণতান্ত্ৰিক আদৰ্শক সুৰক্ষিত আৰু ৰক্ষা কৰাৰ আমাৰ সামূহিক সংকল্পক প্ৰতিনিধিত্ব কৰে ৷
#WATCH | INDIA alliance Vice-Presidential nominee, former Supreme Court Judge B Sudershan Reddy pays tribute to Mahatma Gandhi at Prerna Sthal, ahead of filing nomination)
— ANI (@ANI) August 21, 2025
(Video: Congress MP) pic.twitter.com/D6BgGfLUsO
তেওঁ কয় যে ৰেড্ডীৰ জীৱন আৰু কামে আমাৰ সংবিধানৰ মনোভাৱ, ন্যায়পৰায়ণতা, মমতা আৰু প্ৰতিজন নাগৰিকৰ সবলীকৰণৰ প্ৰতি দায়বদ্ধতাক প্ৰতিফলিত কৰে ৷ উল্লেখ্য যে, ২১ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই স্বাস্থ্যজনিত কাৰণত জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পিছতে উপ-ৰাষ্ট্ৰপতি পদ খালী হৈ পৰে ৷ ইয়াৰ পাছত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে ৯ ছেপ্টেম্বৰত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনা ভোটগণনাও হ’ব ৷ একে সময়তে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট, আনহাতে ২৫ আগষ্টলৈ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ৷
সংসদৰ দুয়োখন সদনৰ সদস্যৰে গঠিত এখন নিৰ্বাচক মণ্ডলীৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয় ৷ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন সংবিধানৰ ৬৪ আৰু ৬৮ নং অনুচ্ছেদৰ বিধান অনুসৰি পৰিচালিত হয় ৷ নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আইন, ১৯৫২ৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে অৱগত কৰে ৷ ভাৰতীয় সংবিধানৰ ৬৬(১) অনুচ্ছেদ অনুসৰি একক হস্তান্তৰযোগ্য ভোটৰ দ্বাৰা আনুপাতিক প্ৰতিনিধিত্বৰ ব্যৱস্থাৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হ’ব আৰু এনে নিৰ্বাচনত ভোটদান গোপন বেলটৰ দ্বাৰা হ’ব ৷

