অমৃতসৰ: শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগাম অঞ্চলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰক কঠোৰ একচন মুডত দেখা গৈছে । ২৬ জন ভাৰতীয়ৰ মৃত্যুৰ পিছত পাকিস্তানৰ সীমান্তত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সিন্ধু জলচুক্তি ইতিমধ্যে বাতিল কৰাৰ পিছত ততালিকে অমৃতসৰত বন্ধ কৰি দিয়া হৈছে আটাৰী-ৱাঘা সীমান্ত ৷
ইয়াৰ লগতে ভাৰতত উপস্থিত পাকিস্তানী নাগৰিকক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে । দেশৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যিসকল লোকে পাকিস্তানৰ পৰা ভিছা লৈ ভাৰতলৈ আহিছিল, তেওঁলোকে ৪৮ ঘণ্টাৰ ভিতৰত পাকিস্তানলৈ উভতি যাব লাগিব ৷ কিয়নো তেওঁলোকৰ ভিছা তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে । যিসকলে পাকিস্তানৰ পৰা ভাৰতলৈ আহিবলৈ ভিছাৰ বাবে আবেদন কৰি আছিল, তেওঁলোকেও ভাৰতলৈ আহিব নোৱাৰিব ।
ইয়াৰ উপৰিও ভাৰতত থকা পাকিস্তানৰ দূতাবাসসমূহো বন্ধ কৰি দিয়া হৈছে । অৱশ্যে সন্ধিয়া সীমান্তত অনুষ্ঠিত হ’বলগীয়া পশ্চাদপসৰণ অনুষ্ঠান সন্দৰ্ভত এতিয়াও কোনো ঘোষণা কৰা হোৱা নাই । আটাৰী আৰু ৱাঘা সীমান্তই ভাৰত আৰু পাকিস্তানৰ মাজত আন্তৰ্জাতিক সীমা চিহ্নিত কৰে । সীমান্তত থকা ভাৰতীয় গাঁওখনৰ নাম আট্টাৰী, আনহাতে সীমান্তত থকা পাকিস্তানী গাঁওখনৰ নাম ৱাঘা ।
অমৃতসৰৰ পৰা ২৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত আট্টাৰী ভাৰতৰ প্ৰথমটো স্থল বন্দৰ, যি পাকিস্তানৰ সৈতে বাণিজ্যৰ একমাত্ৰ অনুমোদিত স্থলপথ । ১২০ একৰ ভূমিত বিস্তৃত আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১ ৰ সৈতে পোনপটীয়াকৈ সংযুক্ত এই চেক পোষ্টটোৱে সীমা অতিক্ৰম কৰা বাণিজ্যত বিশেষকৈ আফগানিস্তানৰ পৰা আমদানিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
এই সীমান্তৰ মাজেৰে মুছলমানসকলৰ বন্ধৰ দিন ঈদ আৰু হিন্দুসকলৰ বন্ধ হিচাপে দীপাৱলীৰ দিনত দুয়োখন দেশৰ সৈন্যই মিঠাই বিতৰণ কৰি আনন্দৰ ভাগ-বাটোৱাৰা কৰি আহিছে ৷
উল্লেখ্য যে বিগত ২২ এপ্ৰিলত অনন্তনাগ জিলাৰ পহলগামৰ মনোমোহা বেছৰাণ ঘাঁহনিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰায় ২৬ জন লোকৰ মৃত্যু হৈছিল, ইয়াৰে অধিকাংশই আছিল পৰ্যটক । এইসকল পৰ্যটকক ধৰ্মৰ কথা সুধি হত্যা কৰাৰ ঘটনাই দেশৰ জনসাধাৰণক অধিক ক্ষুব্ধ কৰি তুলিছে ৷ কাৰণ সন্ত্ৰাসবাদীয়ে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ভাৰতীয় নাগৰিকক হত্যা কৰিছে ।
আনহাতে, এই বৰ্বৰ আক্ৰমণত ১৭ জন লোক আহত হয় । পৰ্যটকক লক্ষ্য কৰি গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে । সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত বুধবাৰে পুৱাৰে পৰা সেনা, নিয়া, আৰক্ষী আৰু অন্যান্য সংস্থাসমূহ সতৰ্ক হৈ আছে । প্ৰতিটো এলেকা ড্ৰোণ আৰু হেলিকপ্টাৰৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীৰ সন্ধান অব্যাহত আছে । তদুপৰি জম্মু-কাশ্মীৰৰ পৰা দিল্লীলৈ জাৰি কৰা হৈছে হাই এলাৰ্ট ।
লগতে পঢ়ক: পহলগাম আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ভাৰতে: এক বিশ্লেষণ