ETV Bharat / bharat

মুখ্যমন্ত্ৰীক আক্ৰমণকাৰী পূৰ্বেও হৈছিল গ্ৰেপ্তাৰ, ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ বিজেপিৰ

আপৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিজেপিৰ । ৪১ বছৰীয়া খিমজিৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও আই পি চিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছিল ।

Attack On Delhi CM
দিল্লীৰ মুখ্যমন্ত্ৰীৰ আক্ৰমণকাৰী পূৰ্বেও হৈছিল গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 2:16 PM IST

5 Min Read
Choose ETV Bharat

নতুন দিল্লী: দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ৰাজেশ ভাই খিমজি ভাই সাকাৰিয়াৰ পৰিয়ালে তেওঁক নিৰ্দোষী আৰু মানসিকভাৱে অস্থিৰ বুলি কৰা দাবী কৰাৰ বিপৰীতে আৰক্ষীয়ে খিমজিৰ পূৰ্বৰ অপৰাধৰ দস্তাবেজ খুলিছে । গুজৰাটৰ ৰাজকোটত তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছিল ।

বুধবাৰে ৰাইজৰ ওজৰ আপত্তি শুনাৰ এক কাৰ্যসূচীৰ সময়ত মুখ্যমন্ত্ৰী গুপ্তাৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত চিভিল লাইনছ আৰক্ষীয়ে খিমজিৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, ১৩২ ধাৰা (ৰাজহুৱা কৰ্মচাৰীক বাধা দিয়া) আৰু ২২১ ধাৰা (ৰাজহুৱা কাম-কাজত বাধা দিয়া)ৰ অভিযোগত বিএনএছ ধাৰা ১০৯(১)ৰ অধীনত গোচৰ ৰুজু কৰিছে ।

দিল্লী আৰক্ষীয়ে এক বিবৃতিত কয়, "মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়টোত চিভিল লাইনছ পি এছত ১০৯(১)/১৩২/২২১ বিএনএছৰ গোচৰ ৰুজু কৰা হৈছে । অভিযুক্তক আৰক্ষীৰ জিম্মাত লোৱা হৈছে । অধিক তদন্ত চলি আছে । আমি সম্ভাৱ্য সকলো দিশৰ পৰা তদন্ত কৰি আছো ।"

ইফালে তদন্তৰ অন্তত আৰক্ষীয়ে কয় যে ৪১ বছৰীয়া খিমজিৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও আইপিচিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছিল ।

খিমজিৰ অপৰাধজনিত ঘটনাৰ বিষয়ে দিল্লী আৰক্ষীয়ে জনোৱা মতে ৰাজকোটৰ ভক্তিনগৰ থানাত তেওঁৰ বিৰুদ্ধে কমেও ৫ টা গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰে চাৰিটা গোচৰত তেওঁক দোষমুক্ত কৰা হৈছে, আনহাতে এটা গোচৰ আদালতত বিচাৰাধীন হৈ আছে । গোচৰটোৰ পৰৱৰ্তী শুনানি ৯ ছেপ্টেম্বৰত হ'ব । আৰক্ষীয়ে কয় যে তেওঁৰ বিৰুদ্ধে গুজৰাটত নিষেধাজ্ঞা আইনৰ অধীনত অবৈধভাৱে সুৰা, নিচাযুক্ত দ্ৰব্য মজুত আৰু নিষিদ্ধ সামগ্ৰী পৰিবহণৰ সৈতে জড়িত গোচৰ আছে ।

ৰাজেশৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

  • ২০১৭ চনত ৰাজকোটৰ ভক্তিনগৰ থানাত আই পি চিৰ ৩২৬, ৫০৪, ১১৪ ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল । ২০১৯ চনৰ নৱেম্বৰ মাহত তেওঁক দোষমুক্ত কৰা হৈছিল ।
  • ২০২০ চনত (গোচৰ নম্বৰ ১২২৭) গুজৰাট নিষেধাজ্ঞা আইনৰ ৬৫এএ, ১১৬বি ধাৰাত গোচৰ ৰুজু হৈছিল যদিও ২০২৩ চনৰ নৱেম্বৰ মাহত আদালতে দোষমুক্ত কৰাৰ পিছত তেওঁক মুকলি কৰি দিয়া হৈছিল ।
  • একে ধাৰাত পঞ্জীয়ন হোৱা ২০২০ চনৰ এক গোচৰত (গোচৰ নম্বৰ ১৫৯১) ২০২৩ চনৰ অক্টোবৰ মাহত গুজৰাটৰ আদালতে পুনৰ দোষমুক্ত কৰে ।
  • ২০২২ চনত (গোচৰ নম্বৰ ০৮৭১) ধাৰা ৬পিআই, ১১৬বিৰ অধীনত পঞ্জীয়ন কৰা এই বিষয়টো এতিয়াও অতিৰিক্ত দেৱানী ন্যায়াধীশৰ সন্মুখত বিচাৰাধীন হৈ আছে, পৰৱৰ্তী শুনানি চলিত বৰ্ষৰ ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ।
  • ২০২৪ চনত (গোচৰ নম্বৰ ০০৭২) আই পি চিৰ ৩২৪, ৩২৩, ৫০৪, ১১৪ আৰু গুজৰাট নিষেধাজ্ঞা আইন ১৩৫(১) ধাৰাত গোচৰ ৰুজু হৈছিল যদিও ২০২৪ চনৰ ডিচেম্বৰ মাহত ৰাজকোটৰ আদালতে তেওঁক দোষমুক্ত কৰে ।

চৰকাৰী সূত্ৰ অনুসৰি খিমজিয়ে মঙলবাৰে পুৱা (১৯ আগষ্ট) ৰাজকোটৰ পৰা দিল্লীত উপস্থিত হৈ চিভিল লাইনছ এলেকাৰ গুজৰাটী ভৱনত আছিল । গুজৰাটত থকা বন্ধু এজনৰ সৈতে ফোনযোগে অহৰহ যোগাযোগত আছিল আৰু আনকি শ্বালিমাৰ বাগস্থিত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত উপস্থিত হোৱাৰ কথাও উল্লেখ কৰিছিল । আৰক্ষীয়ে এইটোও নিশ্চিত কৰিছে যে এয়া তেওঁৰ প্ৰথম দিল্লী ভ্ৰমণ আছিল ।

প্ৰথম অৱস্থাত খিমজিয়ে দিল্লীৰ ৰাজপথৰ পৰা কুকুৰ আঁতৰোৱাৰ অভিযোগ লৈ মুখ্যমন্ত্ৰী গুপ্তাৰ ওচৰলৈ অহা বুলি দাবী কৰিছিল যদিও আৰক্ষীয়ে স্পষ্ট কৰি দিছিল যে তেওঁ মুখ্যমন্ত্ৰীৰ জন সেৱা সদনলৈ এনে কোনো অভিযোগ পত্ৰ লৈ যোৱা নাছিল ।

আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্ত ৰাজেশ খিমজিক তিছ হাজাৰী আদালতত হাজিৰ কৰি জিম্মাত বিচাৰিছিল । সূত্ৰৰ মতে আদালতে অভিযুক্তক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ।

ষড়যন্ত্ৰৰ সন্দেহ বিজেপিৰ

মুখ্যমন্ত্ৰীক আক্ৰমণৰ ঘটনাটোৱে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই আক্ৰমণক বিৰোধীৰ পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । বিজেপিৰ বিধায়ক হৰিশ খুৰানা আৰু মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই দাবী কৰে যে আক্ৰমণকাৰী গুজৰাট আম আদমি পাৰ্টীৰ নেতা গোপাল ইটালিয়াৰ ঘনিষ্ঠ ।

ছিৰছাই কয়, "এয়া বিৰোধীৰ ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় । এগৰাকী মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ মাজত ঘণ্টাৰ পিছত ঘণ্টা কটালে, নিষেধাজ্ঞা নোহোৱাকৈ নিজৰ বাসগৃহত মুকলিকৈ মানুহক লগ কৰাটো তেওঁলোকে সহ্য কৰিব নোৱাৰে । ইয়াৰ পৰা স্পষ্টভাৱে এই কাণ্ডৰ আঁৰৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ ইংগিত পোৱা যায় । দিল্লী আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰি আছে আৰু অতি সোনকালে সকলো তথ্য পোহৰলৈ আহিব ।"

অৱশ্যে ইয়াৰ প্ৰত্যুত্তৰত ইটালিয়াই অভিযোগসমূহ নস্যাৎ কৰি খুৰানাক 'সস্তীয়া ট্ৰ'ল' বুলি অভিহিত কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিছে।

লগতে পঢ়ক :দিল্লীৰ পদপথৰ কুকুৰ বিতৰ্কৰ শুনানি;চৰকাৰৰ পৰা বিচাৰিলে উত্তৰ - STRAY DOGS ROW