তিনিমহলীয়া অট্টালিকা খহি 6 গৰাকী শিশুসহ অতি কমেও 10 জনৰ মৃত্যু - Building collapsed
Zakir Nagar building collapse: এটা তিনিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত একেটা পৰিয়ালৰে 8 গৰাকী সদস্যসহ অতিকমেও 10 জন লোকে হেৰুৱালে প্ৰাণ ৷ ইয়াৰ ভিতৰত 6 গৰাকী হৈছে শিশু ৷

Published : September 15, 2024 at 1:23 PM IST
নিউজ ডেস্ক, 15 ছেপ্টেম্বৰ: উত্তৰ প্ৰদেশৰ মীৰাটৰ জাকিৰ নগৰত শনিবাৰে বিয়লি এটা তিনিমহলীয়া ঘৰ ভাঙি ৬ টা শিশুকে ধৰি কমেও ১০ জন লোকৰ মৃত্যু হয় ৷ দেওবাৰেও উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে কৰ্তৃপক্ষই আশংকা কৰিছে যে এজন ব্যক্তি এতিয়াও ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ আছে ।
এক বিবৃতিত জিলা প্ৰশাসনে জনোৱা মতে, নিহত লোককেইজন হৈছে ছাজিদ, তেওঁৰ কন্যা ছানিয়া, পুত্ৰ চাকিব, ছিমৰা, ৰিজা, নাফো, ফাৰহানা, আলিছা, আলিয়া, ৰিমছা ৷ ছফিয়ানৰ অৱস্থা সুস্থিৰ বুলি প্ৰশাসনে বিবৃতিটোত প্ৰকাশ কৰিছে ।
আহতসকলৰ ভিতৰত নইম, নাদীম, চাকিব আৰু ছাইনা লালা লাজপত ৰায় মেম’ৰিয়েল মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে । শনিবাৰে বিয়লি তিনি মহলীয়া ঘৰটো ভাঙি ১৫ জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে ।
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মীৰাট জিলা দণ্ডাধীশ দীপক মীনাৰে কয় যে, "যেতিয়া উদ্ধাৰ অভিযান আৰম্ভ হৈছিল, তেতিয়া আত্মীয়ই ১৫জন ব্যক্তিৰ তথ্য দিছিল । অট্টালিকাটো ভাঙি যোৱাৰ সময়ত তিনিজনে পলায়ন কৰিবলৈ সক্ষম হৈছিল ।"
বিষয়াগৰাকীয়ে লগতে কয়, "এতিয়ালৈকে মৃত্যুৰ সংখ্যা ১০ জন আৰু পাঁচজন লোক জীয়াই আছে । সমগ্ৰ ধ্বংসাৱশেষ আঁতৰোৱালৈকে উদ্ধাৰ অভিযান অব্যাহত থাকিব । মৃতদেহ চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ কাম চলি আছে ৷’’
উদ্ধাৰ অভিযানৰ নিৰীক্ষণৰ বাবে মীৰাট মণ্ডলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ডি কে ঠাকুৰ, সংমণ্ডল আয়ুক্ত চেলভা কুমাৰী জে, আৰক্ষী মহাপৰিদৰ্শক নচিকেতা ঝা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিপিন তাদাকে ধৰি জ্যেষ্ঠ বিষয়াসকল উপস্থিত হয় । এন ডি আৰ এফ, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ।
লগতে পঢ়ক: আগ্ৰাত বৰষুণৰ অভিলেখ ভংগ; তাজমহলৰ মুখ্য সমাধিত নিগৰিল পানী - Agra rain records

