13 টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে 7 ৰাজ্যত আৰম্ভ ভোটগ্ৰহণ - Assembly by Election
By Election 2024: 13 টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দেশৰ 7 খন ৰাজ্যত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বিহাৰ, পশ্চিম বংগ, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ 13 টা বিধানসভা সমষ্টিৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ 13 জুলাইৰ দিনা হ’ব ভোটগণনা ৷

By ANI
Published : July 10, 2024 at 10:11 AM IST
নেশ্যনেল ডেস্ক, 10 জুলাই: দেশৰ 7 খনকৈ ৰাজ্যত মঙলবাৰে অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ বিহাৰ, পশ্চিম বংগ, তামিলনাডু, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ 13 টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে । পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া 6 বজাত সামৰণি পৰিব ।
13 টা বিধানসভা সমষ্টিৰ নাম
পশ্চিমবংগৰ ৰায়গঞ্জ, দক্ষিণ ৰানাঘাট, বাগদা, মাণিকতলা
উত্তৰাখণ্ডৰ বদ্ৰীনাথ আৰু মাংলৌৰ
পঞ্জাৱৰ পশ্চিম জলন্ধৰ
হিমাচল প্ৰদেশৰ ডেহৰা, হামিৰপুৰ আৰু নালাগড়
বিহাৰৰ ৰূপৌলী
তামিলনাডুৰ বিক্ৰবন্দী
মধ্যপ্ৰদেশৰ অমৰৱাৰা
হিমাচল প্ৰদেশ
কংৰা জিলাৰ ডেহৰা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কমলেশ, ভাৰতীয় জনতা পাৰ্টিৰ হুচিয়াৰ সিং, নিৰ্দলীয় প্ৰাৰ্থী সুলেখা দেৱী, অৰুণ অংকেশ শ্যাল, অধিবক্তা সঞ্জয় শৰ্মাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
নিৰ্বাচনী বিষয়াই জনোৱা মতে, হামিৰপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ আশীষ শৰ্মা, কংগ্ৰেছৰ ড৹ পুষ্পিন্দৰ বাৰ্মা, নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ কুমাৰ আৰু নন্দ লাল শৰ্মাই প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
নালাগড় সমষ্টিৰ বাবে কংগ্ৰেছৰ হৰদীপ সিং বাৱা, বিজেপিৰ কে এল ঠাকুৰ, স্বাভিমান পাৰ্টিৰ কিশোৰী লাল শৰ্মা, নিৰ্দলীয় প্ৰাৰ্থী গুৰনাম সিং, হৰপ্ৰীত সিং আৰু বিজয় সিঙে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
সদনৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰা তিনিজন নিৰ্দলীয় বিধায়কৰ পদত্যাগ অধ্যক্ষই মানি লোৱাৰ পিচতে হামিৰপুৰ, নালাগড় আৰু ডেহৰা বিধানসভা সমষ্টিকেইটা শূন্য হৈ পৰে ।
পশ্চিম বংগ
মাণিকতলাত তৃণমূলৰ সুপ্তী পাণ্ডেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিৰ কল্যাণ চৌবেই । দক্ষিণ ৰানাঘাটত টিএমচিয়ে বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে মুকুট মণি অধিকাৰীক প্ৰক্ষেপ কৰিছে । ৰায়গঞ্জত টিএমচিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কৃষ্ণ কল্যাণীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিয়ে ।
পঞ্জাৱ
জলন্ধৰ পশ্চিম বিধানসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনৰ বাবে মহিন্দৰ ভগতক আম আদমী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছে সমষ্টিটোৰ পৰা সুৰিন্দৰ কৌৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।
আম আদমী পাৰ্টিৰ বিধায়ক শীতল আংগুৰালে পদত্যাগ কৰাৰ পিচতে আসনখন খালী হৈ পৰে । 28 মাৰ্চত পদত্যাগ কৰিছিল আংগুলে । একেখন আসনৰ পৰাই তেওঁক বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে । মাৰ্চ মাহত আপৰ প্ৰাক্তন সাংসদ সুশীল কুমাৰ ৰিংকুৰ সৈতে বিজেপিত যোগদান কৰি আপৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল আংগুলে ।
উল্লেখ্য যে, অসম বিধানসভাৰ পাঁচখন আসনৰ বাবেও উপ নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও বৰ্তমানেও দিন ধাৰ্য হোৱা নাই ৷ বিহালী, চামগুৰি, ধলাই, চিদলী, বঙাইগাঁও বিধানসভা সমষ্টিত হ’ব উপ-নিৰ্বাচন ৷ ইফালে ৰাজ্যসভাৰো অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ৷

