তেজপুৰ : "এবাৰ যদি কোনোৱে এজন সৈনিক হিচাপে স্বীকৃতি লাভ কৰে, তেওঁ সদায় এজন সৈনিক হিচাপে থাকে । Once a soldier, always a Soldier..." এই বাক্যশাৰীয়ে ইয়াকে কয় যে এজন সৈনিকে সক্ৰিয় কৰ্তব্য এৰি যোৱাৰ পিছতো তেওঁৰ মূল্যবোধ, অভ্যাস আৰু পৰিচয় সদায় ৰৈ যায় ।
এই ধাৰণাটো তেতিয়া গঢ়ি উঠে, যেতিয়া সামৰিক সেৱা আগবঢ়োৱাৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিসকলে এতিয়াও নিজকে সৈনিক বুলি গণ্য কৰে আৰু সেই ভূমিকাক কেন্দ্ৰ কৰি নিজৰ নতুন পৰিচয় গঢ়ি তুলিব পাৰে । যাৰ বাবে সেনাৰ তৰফৰ পৰা তেওঁক কেতিয়াও পাহৰি যোৱা নহয় ।
এই কাহিনী তেনে এগৰাকী সৈনিকৰ । তেওঁ হৈছে ১০৫ বছৰ বয়সৰ এগৰাকী অসম ৰাইফলছৰ প্ৰাক্তন হাবিলদাৰ । কেইবাখনো যুদ্ধৰ সাক্ষী এই জোৱানগৰাকীক সেনাবাহিনীৰ তৰফৰ পৰা আজিও সুঁৱৰি আছে ।

প্ৰতিবছৰে তেওঁৰ ওচৰলৈ গৈ মনৰ খবৰ লয় অসম ৰাইফলছৰ সঞ্চালকপ্ৰধানে । এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই । অসম ৰাইফলছৰ সঞ্চালকপ্ৰধান লেফ্টটেনেণ্ট জেনেৰেল বিকাশ লাখৰায় তেওঁৰ বাসগৃহত গৈ তেওঁক সাক্ষাৎ কৰি মনৰ খবৰ লয় ।
১৯২০ চনৰ ১৫ নৱেম্বৰত নাগালেণ্ডত জন্মগ্ৰহণ কৰা হাবিলদাৰ মেৰিং আও অসম ৰাইফলছৰ তৃতীয় বেটেলিয়ন এজন বিশিষ্ট প্ৰবীণ সৈনিক আৰু বাহিনীটোৰ ইতিহাসৰ আটাইতকৈ পুৰণি বীৰত্ব বঁটা লাভ কৰা ব্যক্তি । তেওঁৰ বৰ্তমান বয়স ১০৫ বছৰ ।
দ্বিতীয় বিশ্বযুদ্ধৰ অংশগ্ৰহণকাৰী হিচাপে তেওঁ কোহিমা আৰু বাৰ্মাৰ ছেক্টৰত ঐতিহাসিক যুদ্ধত অংশ লৈছিল । ১৯৬০ চনত নাগালেণ্ডত বিদ্ৰোহবিৰোধী অভিযানৰ সময়ত তেওঁ এজন বিদ্ৰোহীক নিৰ্মূল কৰি আন দুজনক আঘাত কৰি ব্যতিক্ৰমী সাহসিকতা প্ৰদৰ্শন কৰিছিল ।
এই বীৰত্বমূলক কাৰ্যৰ বাবে ১৯৬০ চনৰ ২১ এপ্ৰিলত তদানীন্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক তৃতীয় শ্ৰেণীৰ অশোক চক্ৰ (পিছলৈ শৌৰ্য চক্ৰ নামেৰে নামকৰণ কৰা হয়) বঁটা প্ৰদান কৰে ।

লেফটেনেণ্ট জেনেৰেল বিকাশ লাখৰা, (Lt. Gen. Vikas Lakhera) এ ভি এছ এম, এছ এম, ডি জি আছাম ৰাইফলছে মঙলবাৰে নাগালেণ্ডৰ মুককচুঙত থকা অসম ৰাইফলছ বেটেলিয়নত উপস্থিত হৈ অঞ্চলটোৰ লগতে পাহাৰীয়া ৰাজ্যখনৰ নিৰাপত্তাৰ পৰ্যালোচনা কৰাৰ সময়তে ছুনগ্ৰাটছু গাঁৱলৈ গৈ বাহিনীটোৰ অন্যতম বিশিষ্ট আৰু সন্মানীয় প্ৰবীণ সৈনিক ১০৫ বছৰীয়া অসম ৰাইফলছৰ প্ৰবীণ হাবিলদাৰ মেৰিং আও, এছ চিক (অৱসৰপ্ৰাপ্ত) সাক্ষাৎ কৰি তেওঁৰ সৈতে মত বিনিময় কৰে ।
অসম ৰাইফলছৰ জেনেৰেলে প্ৰাক্তন প্ৰবীণ সেনাগৰাকীক তেওঁৰ কিংবদন্তী সেৱা আৰু জাতিটোৰ প্ৰতি আজীৱন দায়বদ্ধতাক স্বীকাৰ কৰি প্ৰশংসা কৰে । এই পাৰস্পৰিক ভাব বিনিময় আছিল এক গভীৰ আৰু আৱেগিক মুহূৰ্ত, যিয়ে অসম ৰাইফলছৰ নায়কসকলক সন্মান জনোৱা আৰু তেওঁলোকৰ উত্তৰাধিকাৰ সংৰক্ষণৰ নীতি-নিয়মক উজ্জ্বল কৰি তোলে ।
অসম ৰাইফলছৰ তৃতীয় বেটেলিয়নত কৰ্মৰত আৰু দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰবীণ সেনাগৰাকীয়ে কোহিমা আৰু বাৰ্মাৰ দৰে উল্লেখযোগ্য যুদ্ধত অংশ লৈছিল । ১০৫ বছৰ বয়সীয়া হাবিলদাৰ মেৰিং আওৱে নাগালেণ্ডৰ মুককচুং জিলাৰ ছুনগ্ৰাটছু গাঁৱত বাস কৰে । তেওঁৰ অৱদানক স্বীকৃতি দি পূৰ্বৰ সঞ্চালকপ্ৰধান জেনেৰেল পি চি নায়াৰ ২০২৩ চনত তেওঁৰ ওচৰলৈ গৈছিল আৰু তেওঁ আৰু তেওঁৰ পৰিয়ালৰ কুশল-বাৰ্তা জানিবলৈ অসম ৰাইফলছে তেওঁৰ সৈতে সঘনাই যোগাযোগ কৰি আহিছে ।
পৰৱৰ্তী সময়ত অসম ৰাইফলছৰ সপ্তম ছেক্টৰে ১২ অসম ৰাইফলছৰ কমাণ্ডেণ্টৰ সৈতে তেওঁৰ ওচৰলৈ গৈ শ্ৰদ্ধা আৰু প্ৰশংসাৰ চিনস্বৰূপে তেওঁক শ্ৰৱণ যন্ত্ৰ উপহাৰ দিয়ে । অসম ৰাইফলছৰ শ্বিলংস্থিত মুখপাত্ৰ লেফটেণ্ট কৰ্ণেল ৰোহণ মহাজনে এক বার্তাত কয়, "হাবিলদাৰ মেৰিং আওৰ জীৱন আৰু সেৱাই বহুতকে অনুপ্ৰাণিত কৰি আহিছে । কাৰণ ই অসম ৰাইফলছৰ চিৰস্থায়ী মনোভাব আৰু নিষ্ঠাৰ প্ৰতীক ।"