তেজপুৰ: ভাৰতৰ অন্যতম পুৰণি আৰু সন্মানীয় অৰ্ধসামৰিক বাহিনী অসম ৰাইফলছৰ শ্বিলঙৰ মুখ্য কাৰ্যালয়ত সোমবাৰে ১৯০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । প্ৰায় দুটা শতিকাৰ নিষ্ঠাৱান সেৱা, সাহস আৰু দেশৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে অটল দায়বদ্ধতাক চিহ্নিত কৰে এই বাহিনীয়ে ।
প্ৰতিৰক্ষা মুখপাত্ৰই জনাই, ‘‘আজি শ্বিলঙৰ যুদ্ধস্মাৰকত বাহিনীটোৰ সঞ্চালকপ্ৰধান লেফটেনেণ্ট জেনেৰেল বিকাশ লখেৰা, এ ভি এছ এম, এছ এম, বাহিনীটোৰ সকলো ৰেংকে বিগত সময়ত বলিদান দিয়া বীৰসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনায়’’ ।
আনহাতে, সঞ্চালকপ্ৰধানগৰাকীয়ে ফ’ৰ্চৰ সকলো ৰেংকক সম্বোধন কৰে য’ত তেওঁ উত্তৰ-পূব আৰু কাশ্মীৰত বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ দিয়াত সকলো ৰেংকৰ অসাধাৰণ অৱদানৰ বাবে প্ৰশংসা কৰে ।

উক্ত অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে ২০২৩-২৪ বৰ্ষৰ সন্মানীয় ডিগাৰ বেনাৰ ইয়াৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ইউনিটসমূহক প্ৰদান কৰি ৩৬ নং অসম ৰাইফলছক দ্বিতীয় ৰাণাৰ্ছ আপ, তৃতীয় অসম ৰাইফলছক প্ৰথম ৰাণাৰ্ছ আপ আৰু চতুৰ্থ অসম ৰাইফলছক ডিগাৰ বেনাৰ ২০২৩-২৪ ৰ বিজয়ী হিচাপে অন্তৰ্ভুক্ত কৰা । এই বঁটাসমূহে অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিতিশীলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত বিভিন্ন বেটালিয়ন আৰু ইউনিটে আগবঢ়োৱা নিষ্ঠা, পেছাদাৰিত্ব আৰু অসাধাৰণ অৱদানক স্বীকৃতি প্ৰদান কৰে ।
উল্লেখযোগ্য যে, ২০২৪-২৫ চনতো অপাৰেচনত নিজৰ দক্ষতা প্ৰমাণ কৰি আহিছে বাহিনীটোৱে । বিগত এবছৰৰ ভিতৰত অসম ৰাইফলছৰ চাৰিটা বেটালিয়নে সেনাধ্যক্ষ ইউনিটৰ মুৰব্বী আৰু ছটা বেটালিয়নে জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ ইউনিট প্ৰশস্তি বঁটা লাভ কৰে । ইয়াৰোপৰি বাহিনীটোৰ কৰ্মীসকলক এটা শৌৰ্য চক্ৰ, আঠটা সেনা পদক, ৪০০ টা ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল পদক প্ৰদান কৰা হয় ।

লগতে ২০২৪-২৫ বৰ্ষত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত ২৫৪ টা পদক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২১ টা পদক লাভ কৰি ক্ৰীড়াতো উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে এই বাহিনীটোৱে ।
অত্যাধুনিক, অস্ত্ৰ-শস্ত্ৰ, চোৰাংচোৱাগিৰি আৰু সুৰক্ষা সঁজুলি অধিগ্ৰহণৰ ক্ষেত্ৰত বাহিনীটোৱে নিজৰ সঁজুলিৰ প্ৰফাইল আধুনিকীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে । প্ৰতিটো বছৰৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মাজত অসম ৰাইফলছ শক্তিশালীভাৱে থিয় দি আছে । অঞ্চলটোৱে উন্নয়ন আৰু সমৃদ্ধিৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে বাহিনীটোৱে স্থানীয় লোকসকলৰ মাজত নিৰাপত্তাৰ ভাৱ জগাই তুলিছে ।
এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আৰু নিজৰ মূলমন্ত্ৰ আৰু ‘‘উত্তৰ-পূৱৰ চেণ্টিনেল’’ হিচাপে নিজৰ ভূমিকা পালন কৰিবলৈ অসম ৰাইফলছৰ বিকাশ অব্যাহত আছে ।
লগতে পঢ়ক: ছাৰ, মোক পাছ কৰাই দিয়ক, নহ’লে বিয়া দিব ! পৰীক্ষাৰ বহীত আবেগৰ বৰষুণ - UP BOARD EXAM PAPER