পাথানামথিট্টা : কেৰালাৰ পাথানামথিট্টাত অসমৰ যুৱকক গ্ৰেপ্তাৰ । ছ'চিয়েল মিডিয়াত দেশবিৰোধী প্ৰচাৰ চলোৱাৰ অভিযোগত অসমৰ প্ৰব্ৰজনকাৰী শ্ৰমিকজনক গ্ৰেপ্তাৰ কৰা হৈছে । ডিব্ৰুগড়ৰ বাসিন্দা ইদ্ৰিছ আলীক (২৩) অস্থিৰতা সৃষ্টি কৰা আৰু প্ৰধানমন্ত্ৰীকে ধৰি ৰাষ্ট্ৰীয় নেতাসকলক নেতিবাচকভাৱে চিত্ৰিত কৰা পোষ্ট কৰাৰ বাবে আৰনমুলা আৰক্ষীয়ে ইতিমধ্যে জিম্মাত লৈছে ।
বিজেপিৰ আৰানমুলা সমষ্টিৰ সভাপতি দীপা জি নায়াৰে দাখিল কৰা অভিযোগৰ পিছত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় । অভিযোগ-পত্ৰত নায়াৰে উল্লেখ কৰিছে যে ইদ্ৰিছে ফেচবুকত ৰাষ্ট্ৰীয় নেতাসকলৰ সন্দৰ্ভত অপমানজনক কণ্টেণ্ট পোষ্ট কৰি আহিছে । আৰানমুলা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ (বি এন এছ) ধাৰা ১৯৬ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ।

আৰানমুলাৰ নালকালিক্কাল দলঙৰ ওচৰত মাছৰ ব্যৱসায় চলাই থকা ইদ্ৰিছ আলীক সোমবাৰে সন্ধিয়া প্ৰায় ৫ বজাত আটক কৰা হয় । আনহাতে, গ্ৰেপ্তাৰৰ সময়ত আৰক্ষীয়ে তেওঁৰ মোবাইল ফোনটো জব্দ কৰে । ইফালে পৰৱৰ্তী সোধা-পোছাৰ পৰা আৰক্ষীয়ে জানিব পাৰে যে তেওঁৰ ওচৰত একাধিক সঁজুলি আছে । কিডাংগাননুৰৰ ভাৰাঘৰত তালাচী চলোৱাৰ সময়ত আন এটা মোবাইল ফোনো উদ্ধাৰ হয় ।

জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশনাত আৰানমুলা আৰক্ষী পৰিদৰ্শক ভি এছ প্ৰবীণে এই অভিযানৰ নেতৃত্ব দিয়ে । কৰ্তৃপক্ষই জনোৱা মতে, ইদ্ৰিছৰ কাৰ্যকলাপৰ উদ্দেশ্য আৰু তেওঁৰ সৈতে আন কোনো জড়িত আছে নেকি তাৰ সন্ধানত আৰক্ষীয়ে এক বিতং অনুসন্ধান চলাই আছে ।
আনহাতে, অভিযুক্ত ইদ্ৰিছক আদালতত হাজিৰ কৰোৱাৰ পিছত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।
উল্লেখ্য যে শেহতীয়াভাৱে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশজুৰি ছ'চিয়েল মিডিয়া পোষ্টৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । দেশবিৰোধী মন্তব্য প্ৰকাশ কৰাৰ বাবে বিভিন্ন ৰাজ্যত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে । অসমতো বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।