উদ্যোগপতিৰে বৈঠক হিমন্ত বিশ্ব শৰ্মাৰ: এডভাণ্টেজ আছাম ২.০ ত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান
বেদান্তা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে মুখ্য়মন্ত্ৰীক কয় যে তেওঁৰ গ্ৰুপে অসমৰ উন্নয়নৰ যাত্ৰাত সম্পূৰ্ণভাৱে দায়বদ্ধ আৰু ৰাজ্যৰ হাইড্ৰ'কাৰ্বন খণ্ডত বিকাশৰ বাবে আগ্ৰহী ।

By ANI
Published : May 24, 2025 at 4:49 PM IST
নতুন দিল্লী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নতুন দিল্লীত চলি থকা ৰাইজিং নৰ্থ ইষ্ট সন্মিলন ২০২৫ত শীৰ্ষ উদ্যোগপতিসকলক সাক্ষাৎ কৰে । মুখ্য়মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত 'এডভাণ্টেজ আছাম ২.০' বিনিয়োগ আৰু পৰিকাঠামো সন্মিলনত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তেওঁলোকক অনুৰোধ জনায় ।
মুখ্যমন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে সন্ধিয়া বেদান্তা গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালাক তেওঁৰ বাসগৃহত লগ কৰি তেওঁলোকে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম’ত দিয়া বিনিয়োগৰ প্ৰতিশ্ৰুতি বাস্তবায়িত কৰিবলৈ আহ্বান জনায় । ৰাজ্য় চৰকাৰে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে । বেদান্তা গ্ৰুপৰ অধ্যক্ষগৰাকীয়ে মুখ্য়মন্ত্ৰীক কয় যে তেওঁৰ গ্ৰুপে অসমৰ উন্নয়নৰ যাত্ৰাত সম্পূৰ্ণভাৱে দায়বদ্ধ আৰু ৰাজ্যৰ হাইড্ৰ'কাৰ্বন খণ্ডত বিকাশৰ বাবে আগ্ৰহী ।
ইয়াৰ পিছতেই মুখ্য়মন্ত্ৰীয়ে X (পূৰ্বৰ টুইটাৰ)ত উল্লেখ কৰিছে, "আজি নতুন দিল্লীত মই @Vedanta_Groupৰ উদ্যোগী চেয়াৰমেন @AnilAgarwal_Ved ক সাক্ষাৎ কৰিলো । আমি #AdvantageAssam2ৰ সময়ত গ্ৰুপটোৰ বিনিয়োগ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ বিষয়ে কথা পাতিলো । Vedanta ই ৰাজ্যৰ হাইড্ৰ'কাৰ্বন খণ্ডত আৰম্ভণিৰে পৰা বিস্তাৰ কৰিবলৈ আগ্ৰহী ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে ITC হোটেলৰ পৰিচালন সঞ্চালক অনিল চান্দক তেওঁৰ বাসভৱনত লগ ধৰি অসমত আতিথ্য়খণ্ডত বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে । ITC হোটেলৰ পৰিচালন সঞ্চালকগৰাকীয়ে মুখ্যমন্ত্ৰীক কয় যে তেওঁৰ গ্ৰুপটোৱে অসমত আতিথ্য খণ্ডত থকা সুযোগৰ ব্য়ৱহাৰ কৰিবলৈ খুবেই আগ্ৰহী ।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত Xত এইদৰে কয়, "ITC হোটেলৰ পৰিচালন সঞ্চালক অনিল চান্দক আজি সাক্ষাৎ কৰো । তেওঁ অসমৰ আতিথ্যখণ্ডত বিনিয়োগৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰি সুযোগৰ সন্ধান কৰিবলৈ খুবেই ইচ্ছা প্ৰকাশ কৰে ।" 'এডভাণ্টেজ আছাম ২.০' সন্মিলনত অহা পাঁচ বছৰত ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্ৰুতি নিশ্চিত কৰিছে ।"
চৰকাৰী বিবৃতিটোত উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰী শৰ্মাই 'এডভাণ্টেজ আছাম ২.০' বিনিয়োগ সন্মিলনৰ সময়ত বিভিন্ন কোম্পানীৰ দ্বাৰা কৰা বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ পৰ্যবেক্ষণ কৰি আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ২৬ মে'ত ৰাষ্ট্ৰীয় ৰাজধানীত উদ্যোগীসকলৰ সৈতে এখন এখনকৈ বৈঠকত মিলিত হ'ব বুলি উল্লেখ কৰি এগৰাকী উচ্চপদস্থ বিষয়াই কয়, "মুখ্যমন্ত্ৰীয়ে কোম্পানীসমূহৰ সৈতে বিনিয়োগ বাস্তৱায়িত কৰিবলৈ কেনেকৈ আগবাঢ়িব লাগে, তেওঁলোকৰ কি ধৰণৰ প্ৰেৰণাৰ আৱশ্যক হ'ব, তেওঁলোকৰ কিমান ভূমি আৱশ্যক হ'ব সেই সন্দৰ্ভত ব্যক্তিগতভাৱে আলোচনা আৰম্ভ কৰিছে । আমি অহা ছয় মাহৰ ভিতৰত প্ৰস্তুতিমূলক ৰোডমেপৰ পৰিকল্পনা কৰিম ।"

