ETV Bharat / bharat

উত্তৰাখণ্ডৰ নাৰায়ণী শিলা মন্দিৰত প্ৰাৰ্থনা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

বছৰৰ শেষত উত্তৰাখণ্ডত পৰিয়ালৰ সৈতে সময় কটাইছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে নাৰায়ণী শিলা মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ ।

Assam CM at Uttarakhand
উত্তৰাখণ্ডৰ নাৰায়ণী শিলা মন্দিৰত প্ৰাৰ্থনা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 9:18 AM IST

4 Min Read
Choose ETV Bharat

হৰিদ্বাৰ : পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে সকলোতে প্ৰস্তুতি দেখা গৈছে । এই সময়ত বহুতে পৰিয়ালৰ সৈতে বনভোজ অথবা ভাল লগা ঠাইলৈ গৈছে আৰু সময় কটাইছে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও ব্যস্ততা এৰি পৰিয়ালৰ সৈতে সময় কটোৱাৰ উদ্দেশ্যে উত্তৰাখণ্ডত উপস্থিত হৈছে । তাৰ মাজতে দেওবাৰে বিয়লি তেওঁ শ্ৰীনাৰায়ণী শিলা (প্ৰেত শিলা) মন্দিৰত ভগৱান নাৰায়ণৰ ওচৰত পূজা আগবঢ়ায় । তেওঁ সকলোৰে সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।

প্ৰয়াত প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ বিদায় যাত্ৰা বিতৰ্ক

উত্তৰাখণ্ডৰ নাৰায়ণী শিলা মন্দিৰত প্ৰাৰ্থনা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat)

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ অন্তিম বিদায় যাত্ৰাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মন্দিৰ দৰ্শনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, "প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং দেশৰ এগৰাকী ডাঙৰ নেতা আছিল । তেওঁ দেশৰ বাবে বহু সেৱা কৰিছে । কিন্তু তেওঁৰ অন্তিম যাত্ৰাত কংগ্ৰেছে যি ৰাজনীতি কৰিলে সেয়া তেওঁলোকৰ বেয়া মানসিকতাৰ পৰিচয় ।" তেওঁ লগতে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দেশৰ প্ৰতি থকা সেৱাৰ বাবে সকলোৱে বিশাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব লাগিছিল ।

অসমৰ মুখ্যমন্ত্ৰীয়ে লগতে কয়, "কংগ্ৰেছে পি ভি নৰসিংহ ৰাও, প্ৰণৱ মুখাৰ্জীক সন্মান নিদিয়ে ।" কংগ্ৰেছ তথা ৰাহুল গান্ধীক সমালোচনা কৰি তেওঁ লগতে কয় যে কংগ্ৰেছৰ হাতত বৰ্তমান কোনো ৰাজনৈতিক বিষয় নাই । যিগৰাকী লোকে দেশৰ বাবে সেৱা কৰিছে তেওঁৰ বিদায় অনুষ্ঠান বিশাল হ'ব লাগিছিল । তাতো কংগ্ৰেছে ৰাজনীতি কৰিছে । প্ৰধানমন্ত্ৰী হিচাপে ড৹ মনমোহন সিঙক ৰাহুল গান্ধীয়ে কিমান অপমান কৰিছিল সেয়া ৰাইজৰ মনত আছে বুলিও মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ।

মোহন ভাগৱতৰ মন্দিৰ-মছজিদ বিতৰ্ক

প্ৰতিটো মছজিদত মন্দিৰ বিচাৰি পোৱা সম্পৰ্কীয় মোহন ভাগৱতৰ মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা কোনো প্ৰশ্নৰে উত্তৰ নিদিলে ড৹ শৰ্মাই ৷ তেওঁ কেৱল কয়, "মোহন ভাগৱত মোৰ পূজনীয় । তেওঁৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়াটো মোৰ বাবে সম্ভৱ নহয় ।"

কেজৰিৱালক আক্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীত হ'বলগীয়া নিৰ্বাচন সন্দৰ্ভতো তেওঁ অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি ল'লে । তেওঁ কয়,"যদি কোনো আঁচনি অনাৰ পৰিকল্পনা আছিল, অৰবিন্দ কেজৰিৱালৰ হাতত ১০ বছৰৰ সময় আছিল । ইচ্ছা থাকিলে তেওঁ তেতিয়াই এই আঁচনিবোৰ আনিব পাৰিলেহেতেন । কিন্তু নিৰ্বাচনৰ পূৰ্বে এই আঁচনিবোৰ অনাৰ আঁৰত ৰাজনীতি আছে । দিল্লীৰ ৰাইজে বুজি পাইছে ।" অসমৰ মুখ্য়মন্ত্ৰীৰ মতে এই সকলোবোৰ মিথ্যাচাৰ ।

বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ

বাংলাদেশত চলি থকা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, "বাংলাদেশৰ ঘটনা অতি চিন্তনীয় । প্ৰধানমন্ত্ৰীয়ে কূটনৈতিক মাধ্যমেৰে ইয়াক সমাধানৰ চেষ্টা কৰি আছে । হিন্দু সমাজৰ প্ৰতি আমাৰ সমবেদনা আছে । হিন্দু সমাজক যদি বাংলাদেশে সুৰক্ষা দিব নোৱাৰে তেনেহ'লে এই কথা নিশ্চিত যে সেই দেশ কেতিয়াও আগুৱাই যাব নোৱাৰিব । যি দেশে সংখ্যালঘুসকলক সুৰক্ষা দিব নোৱাৰে, সেই দেশ কেনেকৈ আগুৱাই যাব । যেতিয়া বাংলাদেশ হৈছিল তেতিয়া হিন্দুৰ সংখ্যা কিমান আছিল, এতিয়া কিমান কমি গ'ল । আমাৰ দেশত সংখ্যালঘুৰ সংখ্যা বাঢ়ি আছে ।"

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক প্ৰশংসা

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক শুভেচ্ছা জনাই ড৹ শৰ্মাই কয়, "তেওঁ ইউ চি চি কাৰ্যকৰী কৰি সমগ্ৰ দেশক বাট দেখুৱাইছে । তাক লৈ আমিও আগুৱাই যাব লাগিব । অসমত ইউ চি চি বলবৎ সন্দৰ্ভত তেওঁ কয়, "মোৰো বিল সাজু আছিল কিন্তু পিছত সিদ্ধান্ত হ'ল যে সমগ্ৰ দেশতে ছেকুলাৰ ইউনিফৰ্ম কোড যিহেতু কেন্দ্ৰীয় চৰকাৰে আনিব সেয়ে ৰাজ্যভিত্তিত ইয়াক কৰিব নালাগে ।"

লগতে পঢ়ক :২০২৫ৰ ৰণকৌশল; বিজেপিৰ বিৰুদ্ধে ৰাজপথত নামিব কংগ্ৰেছ - CONGRESS 2025 ACTION PLAN