ETV Bharat / bharat

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক আশ্ৰয় দি আছে: হিমন্ত বিশ্ব শৰ্মা

তুংগত উঠিছে ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । উদাত্ত ভাষণেৰে প্ৰচাৰত নামিছে হিমন্ত বিশ্ব শৰ্মা ।

JHARKHAND ASSEMBLY VIP CONSTITUENCY
ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰত নামিছে হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2024 at 9:56 PM IST

2 Min Read
Choose ETV Bharat

চাহিবগঞ্জ (ঝাৰখণ্ড): ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে । ২০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে এতিয়া মাত্ৰ এসপ্তাহ বাকী । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত দলসমূহে সন্থল পৰগণাৰ ১৮ টা বিধানসভা সমষ্টিত প্ৰচাৰ অভিযান তুংগত তুলিছে । ষ্টাৰ কেম্পেইনাৰ হিচাপে যুদ্ধংদেহী ভাৱেৰে নামি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে উধৱাৰ ৰাধানগৰ উচ্চ বিদ্যালয়ৰ ৰাজহুৱা সভাস্থলীত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী অনন্ত ওজাৰ সপক্ষে ভোট বিচাৰি অভিযান চলায় । ইয়াৰ উপৰিও তেওঁ ৰাধানগৰত এখন ৰাজহুৱা সভাও সম্বোধন কৰে ।

ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰত নামিছে হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

এই নিৰ্বাচনী মঞ্চৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীসকলৰ অনুপ্ৰৱেশক লৈ হেমন্ত ছোৰেণ চৰকাৰক তীব্ৰ কটাক্ষ কৰে । তেওঁ কয়,"ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশীসকলক আশ্ৰয় দি আছে । পাকুৰৰ গাইবাথানত জনজাতীয় লোকসকলক প্ৰহাৰ কৰা হৈছিল । তেতিয়া আৰক্ষী আৰু মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল ? যদি ৰাজ্যখনত জনজাতীয় লোকসকল সুৰক্ষিত নহয়, তেতিয়া সাধাৰণ লোকসকল ক'ৰ পৰা সুৰক্ষিত হ'ব ?"

তেওঁ ৰাজমহল বিধানসভা সমষ্টিৰ মণ্ডল, শ্বাহ আৰু যাদৱ ভোটাৰসকলক ঐক্যবদ্ধ হৈ থাকিবলৈ ইংগিত দি কয়,"যেতিয়া এই অনুপ্ৰৱেশকাৰীসকলে জনজাতীয় লোকসকলক এৰি নাযায়, তেতিয়া মণ্ডলে যাদৱক এৰি যাব ।" লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"শুকুৰবাৰে নামাজ পঢ়াৰ বাবে বিদ্যালয় বন্ধ থাকে । কিন্তু, হনুমান চালিচা পঢ়িবলৈ মঙলবাৰে বিদ্যালয় কিয় বন্ধ কৰা হোৱা নাই ? এয়া হিন্দুস্তান, নিয়মবোৰ সকলোৰে বাবে একেই হ'ব ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় লোকৰ হ্ৰাস হোৱা জনসংখ্যা আৰু মুছলমানসকলৰ বৰ্ধিত জনসংখ্যাৰ তুলনা কৰি কয়,"এনে কিয় হৈ আছে । যদি আগন্তুক দিনত বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক বাধা দিয়া নহয়, সন্থল পৰগণাৰ জনগাঁথনি সলনি হ'ব ।"

লগতে পঢ়ক: ভাই, ভুল নম্বৰত ডায়েল কৰিলে আপোনালোকে ! কাক ক’লে ? কোনে ক'লে ?

মণিপুৰতকৈও অসুৰক্ষিত ঝাৰখণ্ডৰ জনজাতীয় লোক : হিমন্ত বিশ্ব শৰ্মা