ETV Bharat / bharat

ৰাজ্যত চলি থকা প্ৰকল্পৰ বিষয়ে নীতিন গাডকাৰীৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ - ASSAM CM MEET NITIN GADKARI

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বাসগৃহত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

Assam CM meet Nitin Gadkari
ৰাজ্যত চলি থকা প্ৰকল্পৰ বিষয়ে নীতিন গাডকাৰীৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ (ANI)
author img

By ANI

Published : May 25, 2025 at 1:01 PM IST

2 Min Read

নতুন দিল্লী : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যত চলি থকা বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বিষয়ে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে । গাডকাৰীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত দুয়োগৰাকী নেতাই অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সন্দৰ্ভত আলোচনা কৰাৰ লগতে সমগ্ৰ ৰাজ্যৰ স্থল যোগাযোগ নেটৱৰ্কক অধিক শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰে । নতুন প্ৰকল্প সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰে ।

ইফালে বহু প্ৰত্যাশিত যোৰহাট-মাজুলীৰ দলংখনৰ নিবিদা মুকলি কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গডকাৰীক ধন্যবাদো জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৈঠকত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী আৰু নতুন দিল্লীৰ অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মনাভন উপস্থিত থাকে ।

এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত লিখিছে, "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে ।"

পোষ্টটোত লগতে লিখিছে, "এই বৈঠকত অসমত চলি থকা পথ আন্তঃগাঁথনি প্ৰকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু সমগ্ৰ ৰাজ্যতে যোগাযোগ আৰু উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ অন্বেষণ কৰা হয় । ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰৰ সক্রিয় সহযোগিতাৰে অসম চৰকাৰে বিকশিত অসমৰ দৃষ্টিভংগীক ৰূপান্তৰিত কৰাৰ বাবে ব্যাপক পদক্ষেপ গ্রহণ কৰিছে ।’’

নতুন দিল্লীত অনুষ্ঠিত হোৱা 'বিকশিক ভাৰত ২০৪৭ ৰ বাবে বিকশিত ৰাজ্য' শীৰ্ষক নিটি আয়োগৰ দশম পৰিষদৰ বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, "বিকশিত অসমৰ সাধনা দীৰ্ঘদিন ধৰি আমাৰ জনসাধাৰণৰ এক আকাংক্ষা । প্ৰধানমন্ত্ৰী ৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীয়ে সেই আকাংক্ষাক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ লগতে পুনৰ সজীৱ কৰাৰ সুযোগ আমাৰ সন্মুখত আগবঢ়াইছে ।"

তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ অসম চৰকাৰে ভাৰতক দ্বিতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ অভিলাষী লক্ষ্যক ৰূপায়ণ কৰাৰ এক পৰিৱৰ্তনশীল যাত্ৰাত নামিছে । মুখ্যমন্ত্ৰীয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে ৰপ্তানি আৰু উদ্ভাৱনৰ পৰা ডিজিটেল আন্তঃগাঁথনিলৈকে, ৰে'লৱেৰ পৰা আৰম্ভ কৰি ৰকেট উৎক্ষেপণলৈকে ভাৰতে অগ্ৰগতিৰ নতুন অধ্যায় লিখিছে ।

লগতে পঢ়ক :৬০০.৫১ কোটি টকা ব্যয়েৰ যোৰহাট-মাজুলী দলঙৰ বাবে নিবিদা কেন্দ্ৰীয় চৰকাৰৰ, মুখ্যমন্ত্রীৰ কৃতজ্ঞতা - CM HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.