ETV Bharat / bharat

অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী গতিশীল নেতা : পেমা খাণ্ডু - MOPIN FESTIVAL

অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াঙৰ গালোত আয়োজিত মোপিন উৎসৱত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ।

Assam CM attend the 59th Mopin Festival Celebrations In Arunachal
মোপিন উৎসৱত অসমৰ মুখ্যমন্ত্ৰী (@PemaKhanduBJP X)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 9:48 PM IST

4 Min Read

তেজপুৰ : ‘‘বগা সাগৰত হাজাৰ হাজাৰ গালোৰ মাজত হিমন্ত বিশ্ব শৰ্মা । তেওঁৰ উপস্থিতিয়ে ভগ্নী ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি প্ৰেমৰ উদাহৰণ দাঙি ধৰিছে ।’’ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।

কিয়নো আজি (শনিবাৰ) অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াঙৰ গালোত আয়োজন কৰা হয় মোপিন উৎসৱৰ । এই উৎসৱত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মা । এই উৎসৱতে নিজৰ ভাষণত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাক উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী গতিশীল নেতা তথা বৰ্তমান দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বিশিষ্ট ব্যক্তি বুলিও প্ৰশংসা কৰে ।

খাণ্ডুৱে কয়, ‘‘মোদীজী দেশৰ প্ৰধানমন্ত্ৰী আৰু হিমন্তজী অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শাসন ব্যৱস্থা আৰু উন্নয়নৰ গতিৰ সম্পূৰ্ণ পৰিৱৰ্তন দেখা গৈছে । ৰাজ্য হিচাপে অসমে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে । অসমত যিয়েই নহওক কিয়, ই আমাৰ সকলোকে প্ৰভাৱিত কৰে ।’’

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয়, ‘‘দশক দশক ধৰি অসমক প্ৰভাৱিত কৰা, অসমৰ সৈতে দীঘলীয়া আন্তঃৰাজ্যিক সীমাৰেখা ভাগ কৰা অৰুণাচল প্ৰদেশত প্ৰভাৱ পেলোৱা বিদ্ৰোহ, হিমন্তৰ প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আশীৰ্বাদৰ বাবে প্ৰায় শেষ হৈছে ।’’

তেওঁ আৰু কয়, “বিদ্ৰোহ নোহোৱাৰ লগে লগে কেৱল অসমতে নহয়, উত্তৰ-পূবৰ সকলো ৰাজ্যতে চলি থকা উন্নয়নমূলক কামৰ আমি সকলোৱে সাক্ষী । হিমন্তৰ অধীনত অসম চৰকাৰৰ এডভাণ্টেজ আছাম পদক্ষেপে ৰাজ্যখনৰ বাবে গেম চেঞ্জাৰ হ’ব ৷ যিহেতু অসমক বিনিয়োগৰ কেন্দ্ৰ হিচাপে চিত্ৰিত কৰা হৈছে, সেয়েহে বিনিয়োগকাৰীয়ে অঞ্চলটোত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচৰাৰ বাবে অঞ্চলটোৰ আন ৰাজ্যসমূহো লাভৱান হ’ব ।”

তেওঁ আৰু কয়, ”অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দশক দশক পুৰণি আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধানৰ বাবে ১৫ জুলাই, ২০২২ৰ ঐতিহাসিক নামছাই ঘোষণা সম্ভৱ হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ সক্ৰিয় ভূমিকাৰ বাবেহে ।” ৰাজ্যবাসীৰ হৈ অসমৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা প্ৰকাশ কৰি খাণ্ডুৱে লগতে কয়, ”হিমন্তজীৰ সহযোগিতাত প্ৰায় সকলো সীমা সমস্যা সমাধান হৈছে ।’’

ইফালে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ গীতৰ কলি "চিয়াঙৰে গালং লুহিতৰে খামটি টিৰাপৰে ৱানচুৱে মোক কিয় মাতিছে ?’’ অসমীয়াতে গাই মোপিন উৎসৱত অৰুণাচলবাসীক সম্ভাষণ জনায় ।

  • 'মোপিন' বা 'মুপিন' উৎসৱ -

'মোপিন' বা 'মুপিন' উৎসৱ অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীয়ে বিশেষকৈ পূব চিয়াং আৰু পশ্চিম চিয়াং জিলাত বাস কৰা গালো জনগোষ্ঠীয়ে পালন কৰে । ই কৃষিভিত্তিক এক উৎসৱ । গালো মাহত "লুমি আৰু "লুকি"ত অনুষ্ঠিত হোৱা কৃষি কৰ্মৰ বতৰৰ উদযাপন, যিটো মাৰ্চ–এপ্ৰিল আৰু গালো জনগোষ্ঠীৰ বাবে নতুন বছৰৰ সৈতে মিল খায় । গালো জনগোষ্ঠীয়ে ড’নি-প’লো ধৰ্ম অনুসৰণ কৰে ।

মোপিন উৎসৱে সকলো পৰিয়াল আৰু সমগ্ৰ সমাজৰ বাবে ধন-সম্পত্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয় । মোপিন উৎসৱ উদযাপনৰ লগত জড়িত আচাৰ-ব্যৱহাৰে কু-ছাঁক অৰ্থাৎ বেয়াবোৰ খেদি পঠিয়াই সকলো মানৱ জাতিৰ বাবে আশীৰ্বাদ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে । উৎসৱৰ সময়ত পূজা কৰা প্ৰধান দেৱীক 'মোপিন আনে' বুলি কোৱা হয় ।

উল্লেখ্য যে, শনিবাৰে অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াঙৰ গালোত আয়োজিত এই মোপিন উৎসৱত অসমৰ মুখ্যমন্ত্ৰীক সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে ।

এই উৎসৱতে আয়োজিত এক সভাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী খাণ্ডুৱে দৈনিক বজাৰ নিৰ্মাণৰ বাবে ১৫ কোটি টকা আৰু পশ্চিম ছিয়াং জিলাৰ মুখ্য কাৰ্যালয় আলোত বহুমহলীয়া পাৰ্কিং লট নিৰ্মাণৰ বাবে ১০ কোটি টকাৰ অনুমোদনৰ কথাও ঘোষণা কৰে ।

লগতে পঢ়ক : অৰুণাচল সীমান্তত পকী দলং নিৰ্মাণতো বাধা চীনৰ; পবিত্ৰ হোলী ট্ৰিলৈ মাত্ৰ এখন ওলোমা দলং

লগতে পঢ়ক : জুলাইত দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব মিজোৰামৰ ৰাজধানী আইজল !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.