ETV Bharat / bharat

বুগেনভেলিয়া নহয়; এইবাৰ পৰ্যটকক আদৰিবলৈ সাজু 15 লক্ষাধিক টিউলিপ - ASIA LARGEST TULIP GARDEN

পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি কৰা হৈছে এছিয়াৰ সৰ্ববৃহৎ টিউলিপ ফুলৰ বাগিচাখন ৷ এই বাগিচাখন ক’ত আছে জানেনে ?

ASIAS LARGEST TULIP GARDEN
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 5:19 PM IST

4 Min Read

শ্ৰীনগৰ: চিত্ৰময় জাবৰৱান পৰ্বতমালাৰ পাদদেশত অৱস্থিত আৰু ডাল হ্ৰদৰ সমীপৰ পৰা সৌন্দৰ্য উপভোগ কৰিব পৰা এছিয়াৰ সৰ্ববৃহৎ টিউলিপ বাগিচাখন পৰ্যটকক আদৰিবলৈ সাজু হৈছে । ১৫ লাখ টিউলিপ ফুলি থকা শ্ৰীনগৰৰ ইন্দিৰা গান্ধী স্মাৰক টিউলিপ উদ্যানখনৰ প্ৰৱেশদ্বাৰ বুধবাৰে মুকলি কৰা হয় ৷

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ বাবে সদায়ে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে এই টিউলিপ বাগিচাখন ৷ কাশ্মীৰ উপত্যকাত বসন্তৰ আগমনৰ প্ৰাকক্ষণত বুধবাৰে বিয়লি ২ বজাত ফিটা কাটি উদ্যানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ।

ASIAS LARGEST TULIP GARDEN
সকলোৰে অন্যতম প্ৰিয় ঠাইখনত আছে এই বাগিচা (ANI Photo)

জম্মু-কাশ্মীৰৰ তথ্য বিভাগৰ টুইটত ঘোষণা কৰা হৈছে, "এছিয়াৰ সৰ্ববৃহৎ টিউলিপ গাৰ্ডেনত ১৫ লাখ টিউলিপ ফুলৰ সাক্ষী হওক ! আজি বিয়লি ২ বজাত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বসন্তৰ আগমন উপলক্ষে আটাইতকৈ দৰ্শনীয়ভাৱে টিউলিপ শ্ব' ২০২৫ উদ্বোধন কৰিবলৈ ওলাইছে ৷"

২০০৭ চনত এই বাগিচা প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা যোৱা বছৰ সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি বাগিচাখন দৰ্শন কৰে ৪,৬৫,০০০ গৰাকী পৰ্যটকে ৷ ২০২৩ চনত এই বাগিচাখনে ৩,৬৫,০০০ গৰাকী দৰ্শনাৰ্থী বা পৰ্যটকক আদৰণি জনাইছিল । চলিত ছিজনত পুনৰ অভিলেখ ভংগ কৰাৰ বাবে আশাবাদী বিষয়াসকল ।

ASIAS LARGEST TULIP GARDEN
ইয়াত আছে প্ৰায় 15 লক্ষাধিক টিউলিপ (ANI Photo)

পৰ্যটকৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই পাৰ্কিঙৰ সুবিধা বৃদ্ধি কৰাৰ লগতে ই-টিকটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যাতে প্ৰৱেশ পথত পৰ্যটকসকলে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব নালাগে ৷

বাগিচাখনৰ দায়িত্বত থকা বিষয়া জাভিদ মাছুদে কয়, ‘‘আমি ফুলৰ সময় বৃদ্ধি কৰাৰ লগতে দৰ্শনাৰ্থীয়ে বাগিচাখন অধিক সময়ৰ বাবে উপভোগ কৰিবলৈ পৰ্যায়ক্ৰমে টিউলিপ বাল্ব ৰোপণ কৰিছো । ৫৫ হেক্টৰ মাটিৰ এই বাগিচাখনত মন্ত্ৰমুগ্ধকৰ টিউলিপৰ উপৰিও হাইচিন্থ, ডেফডিল, মাস্কাৰি, চাইক্লেমেন আদি বিভিন্ন ধৰণৰ বসন্তকালত ফুলা ফুল থাকিব ৷’’

ASIAS LARGEST TULIP GARDEN
এছিয়াৰ সৰ্ববৃহৎ টিউলিপ ফুলৰ বাগিচা (ANI Photo)

দৰ্শনাৰ্থীৰ অভিজ্ঞতা উন্নত কৰাৰ প্ৰয়াসৰে কৰ্তৃপক্ষই অনলাইন টিকটৰ ব্যৱস্থা আৰম্ভ কৰিছে ৷ তদুপৰি শ্ৰীনগৰ বিমানবন্দৰ আৰু পৰ্যটক অভ্যৰ্থনা কেন্দ্ৰকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহত কিউ আৰ ক’ড(QR Code) ভিত্তিক বুকিঙৰ সুবিধা প্ৰৱৰ্তন কৰিছে । ফুলৰ খেতিৰ সঞ্চালক শ্বকিল-উল-ৰেহমান ৰাথাৰে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে যানজঁট হ্ৰাস কৰা আৰু ভিৰ অধিক ফলপ্ৰসূভাৱে পৰিচালনা কৰা ৷

ৰাথাৰে লগতে কয়, ‘‘আমি কেইবাখনো দেশৰ পৰ্যটন বিভাগৰ সৈতেও অংশীদাৰিত্ব কৰিছো, যাৰ ফলত ভ্ৰমণকাৰীসকলে তেওঁলোকৰ ৱেবছাইটৰ জৰিয়তে টিকট বুকিং কৰিব পাৰিব । প্ৰথমবাৰৰ বাবে আমি অনলাইন আৰু অফলাইন, দুয়োটা টিকটৰে বিকল্প আগবঢ়াইছো আৰু পৰৱৰ্তী দুবছৰৰ পৰা তিনি বছৰৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেলাইজ কৰা হ’ব ৷’’

দৰ্শনাৰ্থীৰ আগমন অধিক সহজ কৰি তুলিবলৈ এতিয়া নিৰ্বাচিত হোটেলত টিকট উপলব্ধ । ৰাথাৰে লগতে কয়, “আমাৰ লক্ষ্য হৈছে বৈধ টিকট থকাসকলেহে বাগিচাখনলৈ অহাটো নিশ্চিত কৰা, যিয়ে হুলস্থুল কমোৱাত সহায় কৰিব আৰু যান-জঁট কম কৰিব ৷”

ASIAS LARGEST TULIP GARDEN
পৰ্যটকে অনলাইনত টিকট বুকিং কৰিব পাৰিব (ANI Photo)

কৰ্তৃপক্ষই আশাবাদী যে, এই বছৰৰ সংখ্যাই যোৱা বছৰৰ অভিলেখ অতিক্ৰম কৰিব ৷ কিয়নো ৰমজানৰ শেষৰটো দিনত বাগিচাখন মুকলি কৰা হয় । ৰাথাৰে কয়, ‘‘যোৱা বছৰ ৰমজানৰ ১৫ দিন বাকী থকাৰ সময়তে বাগিচাখন উদ্বোধন কৰা হৈছিল যদিও এইবাৰ ঈদৰ ওচৰত সময় নিৰ্ধাৰণ হোৱাৰ লগে লগে আমি আশা কৰিছো যে পৰ্যটকে ৪.৫ লাখৰ সীমা অতিক্ৰম কৰিব ৷’’

পূৰ্বতে গ্ৰীষ্ম আৰু শীতকালতে সীমাবদ্ধ থকা জম্মু-কাশ্মীৰৰ পৰ্যটনৰ বতৰ বৃদ্ধিৰ উদ্দেশ্যে ২০০৭ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান স্থাপন কৰিছিল । পূৰ্বে চিৰাজবাগ নামেৰে পৰিচিত এই বাগিচাখন কাশ্মীৰৰ অন্যতম চিনাকি পৰ্যটনস্থলীত পৰিণত হৈছে আৰু ২০২৩ চনত ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ (লণ্ডন)-এ এছিয়াৰ সৰ্ববৃহৎ টিউলিপ বাগিচা হিচাপে স্বীকৃতি লাভ কৰিছিল ।

লগতে পঢ়ক: কোনে ১২ লাখ টকাত বিক্ৰী কৰিছে এটা গছপুলি ? - PLANT SELLER JALANDHAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.