ETV Bharat / bharat

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মুকলি কৰিলে ছুপাৰ এপ, টিকটৰ পৰা খাদ্যলৈকে সকলো সুবিধা উপলব্ধ ‘ৰে'লৱান’ ত

যাত্ৰীসকলে নিজৰ স্মাৰ্ট ডিভাইচৰ এণ্ড্ৰইড প্লে ষ্ট’ৰ আৰু আই অ’ এছ এপ ষ্ট’ৰ দুয়োটাৰে পৰা এই এপটো ডাউনলোড কৰি সবিশেষ তথ্য লাভ কৰিব পাৰিব ।

Union Railway Minister Ashwini Vaishnaw
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ (ANI)
author img

By ETV Bharat Assamese Team

Published : July 2, 2025 at 12:54 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে সকলো যাত্ৰী সেৱাৰ বাবে এক ষ্টপ সমাধান প্ৰদানৰ বাবে ছুপাৰ এপ ‘ৰে'লৱান’ মুকলি কৰে । চেণ্টাৰ ফৰ ৰে'লৱে ইনফৰ্মেশ্যন চিষ্টেমছ (চি আৰ আই এছ)ৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত বৈষ্ণৱে এই এপটো মুকলি কৰে । যাত্ৰীসকলে নিজৰ স্মাৰ্ট ডিভাইচৰ এণ্ড্ৰইড প্লে ষ্ট’ৰ আৰু আই অ’ এছ এপ ষ্ট’ৰ দুয়োটাৰে পৰা এই এপটো ডাউনলোড কৰি সবিশেষ তথ্য লাভ কৰিব পাৰিব ।

ৰে'ল মন্ত্ৰালয়ৰ মতে, এই এপটোৱে টিকট-সংৰক্ষিত, অসংৰক্ষিত, প্লেটফৰ্ম টিকটকে ধৰি সেৱাসমূহৰ সহজ প্ৰৱেশৰ সুবিধা প্ৰদান কৰে; ৰে'ল অনুসন্ধান, পি এন আৰ; ভ্ৰমণ পৰিকল্পনা; ৰে'ল সহায় সেৱা; ৰে'লত খাদ্য আজি সকলো তথ্য এই এপটোত উপলব্ধ । মালবাহী সেৱাৰ সৈতে তথঅয লাভৰ বাবেও ইয়াত বৈশিষ্ট্য আছে ।

বৈষ্ণৱে কয়, "ৰে'ল আন্তঃগাঁথনিৰ দ্ৰুত বিকাশৰ পিছত ৰে'লৱেৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি পাইছে । ৰে'লৱেৰ প্ৰতি মানুহৰ আস্থা শক্তিশালী কৰাটো আমাৰ দায়িত্ব । যাত্ৰীসকলে এতিয়া ৰে'লৱান এপৰ জৰিয়তে অসংৰক্ষিত টিকট বুকিং কৰিব পাৰিব । আমাৰ প্ৰধান গুৰুত্ব যাত্ৰী সুৰক্ষাৰ ওপৰত ।"

বৈষ্ণৱে লগতে কয়, "প্ৰায় ৭০ শতাংশ ষ্টেচনত ইলেক্ট্ৰনিক ইন্টাৰলক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে । প্ৰতি বছৰে প্ৰায় ৭৩০ কোটি যাত্ৰী এই ৰে'লেৰে যাত্ৰা কৰে । নমো ভাৰত, বন্দে ভাৰত, অমৃত ভাৰতৰ দৰে নতুন প্ৰযুক্তিৰে ৰে'লো বিভিন্ন পথত চলাচল কৰিবলৈ প্ৰৱৰ্তন কৰা হৈছে যিয়ে মানুহৰ মাজত আত্মবিশ্বাস গঢ়ি তুলিছে ।"

ইফালে ৰে’ল মন্ত্ৰালয়ৰ এজন বিষয়াই কয়, "ভাৰতীয় ৰে'লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প'ৰেশ্যন (আই আৰ চি টি চি)ত সংৰক্ষিত টিকটৰ ব্যৱস্থা অব্যাহত থাকিব । ৰে'লৱান এপটোও আই আৰ চি টি চিৰ সৈতে অংশীদাৰিত্ব কৰা আন বহু বাণিজ্যিক এপৰ দৰেই আই আৰ চি টি চিৰ দ্বাৰা অনুমোদিত হৈছে । এপটোৱে স্থান ৰাহি কৰে, কিয়নো একাধিক এপ ইনষ্টল কৰাৰ প্ৰয়োজন নাই ।"

এপটোৰ বৈশিষ্ট্যসমূহ :

এপটোৰ মূল গুৰুত্ব হৈছে নিৰৱচ্ছিন্ন আৰু পৰিষ্কাৰ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠৰ জৰিয়তে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা বৃদ্ধি কৰা । ই কেৱল সকলো সেৱাক একে ঠাইতে একত্ৰিত কৰাই নহয়, সেৱাসমূহৰ মাজত কেইবাটাও সংহতিও আছে যাতে ব্যৱহাৰকাৰীসকলক ভাৰতীয় ৰে’ল সেৱাৰ সম্পূৰ্ণ পেকেজ প্ৰদান কৰা হয় ।

একক-চাইন-অন :

একক-চাইন-অন বৈশিষ্ট্য এই এপটোৰ অন্যতম অনন্য বৈশিষ্ট্য যিয়ে ব্যৱহাৰকাৰীৰ পৰা একাধিক পাছৱৰ্ড মনত ৰখাৰ বোজা হ্ৰাস কৰে । ডাউনলোড কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে মোবাইল এপত থকা ৰে'ল কানেক্ট বা ইউ টি এছৰ বৰ্তমানৰ ব্যৱহাৰকাৰী প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰিব পাৰিব । লগতে ভাৰতীয় ৰে'লৱেৰ বিভিন্ন সেৱাৰ বাবে ব্যৱহাৰকাৰীয়ে একাধিক এপ্লিকেচন কঢ়িয়াই নিয়াৰ প্ৰয়োজন নাই । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীৰ ডিভাইচত স্থানৰ ব্যৱহাৰ হ্ৰাস কৰে ।

আৰ-ৱালেট:

ৰে'লৱে ই-ৱালেট (আৰ-ৱালেট)ৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে । সংখ্যাগত m PIN আৰু বায়'মেট্ৰিক যোগেদি লগইন কৰিবলৈ এটা সহজ প্ৰৱেশ বিকল্পও প্ৰদান কৰা হৈছে । নতুন ব্যৱহাৰকাৰী পঞ্জীয়নৰ বাবে নূন্যতম ব্যৱহাৰকাৰী তথ্যৰ প্ৰয়োজন হয়, যাৰ ফলত ই সহজ আৰু দ্ৰুত হয় । সোধা-পোছাৰ উদ্দেশ্যে ব্যৱহাৰকাৰীয়ে মোবাইল নম্বৰ/OTP ৰ জৰিয়তে অতিথি হিচাপে লগইন কৰিব পাৰিব ।

যাত্ৰীৰ সুবিধাসমূহ :

নতুনকৈ মুকলি কৰা এই এপটোৱে সংৰক্ষিত আৰু অসংৰক্ষিত টিকট, প্লেটফৰ্ম টিকট, ৰে’লৰ বিষয়ে সোধা-পোছা, পি এন আৰৰ তথ্য, ভ্ৰমণ পৰিকল্পনা, ৰে’ল সহায় সেৱা আৰু ৰে’লত খাদ্য গ্ৰহণ আদি বিভিন্ন সেৱাৰ সহজ প্ৰৱেশৰ সুবিধা প্ৰদান কৰে ।

লগতে পঢ়ক : ১ জুলাইৰ পৰা যাত্ৰীবাহী ৰে’লৰ ভাৰা বৃদ্ধি

নক্সাল অধ্যুষিত বস্তৰত চলিব উন্নয়নৰ ৰে’ল, জৰীপ চলিছে কোঠাগুডেম-কিৰাণ্ডুল সংযোগী ৰে’লপথৰ

জুলাইত দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব মিজোৰামৰ ৰাজধানী আইজল !