নতুন দিল্লী: হাৰিয়ানা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ৰেণু ভাটিয়াই সোমবাৰে অশোকা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আলী খান মাহমুদাবাদক অপাৰেশ্যন সেন্দূৰক লৈ ছ’চিয়েল মিডিয়াত কৰা মন্তব্যৰ সন্দৰ্ভত আয়োগৰ সন্মুখত হাজিৰ নোহোৱাৰ বাবে কঠোৰ সমালোচনা কৰে । বিগত ১৫ মে’ত অধ্যাপকগৰাকীৰ অনুপস্থিতিক ভাটিয়াই আচৰিত আৰু তথাকথিত বুলি অভিহিত কৰে ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাটিয়াই কয়, "আমি অধ্যাপকগৰাকীৰ সৈতে আলোচনা কৰিবলৈ বিশ্ববিদ্যালয়খনলৈ গৈছিলো । তেওঁ ক্ষমা খুজিলে ভাল পালোহেঁতেন, কিন্তু তেওঁৰ তেনে কৰাৰ উদ্দেশ্য নাছিল । আয়োগৰ সন্মুখত হাজিৰ নোহোৱাৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিলে যে তেওঁ কোৱা কথাখিনি সঁচা । ১৫ তাৰিখে তেওঁ বিশ্ববিদ্যালয়ত হাজিৰ নোহোৱাটো বা আমাক লগ নোপোৱাটো আচৰিত আছিল ।"
অশোকা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী মাহমুদাবাদক দেওবাৰে দিল্লীৰ বাসগৃহৰ পৰা হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ভাৰতৰ সাৰ্বভৌমত্ব বিপন্ন কৰা আৰু সাম্প্ৰদায়িক সংগতিবিহীন প্ৰসাৰৰ সৈতে জড়িত অভিযোগকে ধৰি অধ্যাপকগৰাকীৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল হোৱাৰ পিছতে গোচৰ ৰুজু কৰি তেওঁক দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হয় । মহিলা আয়োগে পূৰ্বে উল্লেখ কৰিছিল যে তেওঁৰ এই মন্তব্যই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মহিলা বিষয়াসকলক অপমান কৰিছে ৷
অধ্যাপকগৰাকীৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অশোকা বিশ্ববিদ্যালয়ে এক বিবৃতিৰ জৰিয়তে এনেদৰে কয় "আজি পুৱা অধ্যাপক আলী খান মাহমুদাবাদক আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি আমাক অৱগত কৰা হৈছে । আমি গোচৰৰ সবিশেষ জানিবলৈ অপেক্ষাত আছো । বিশ্ববিদ্যালয়ে তদন্তত আৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব ।"
এই গ্ৰেপ্তাৰক লৈ বিৰোধী নেতাৰ সমালোচনা
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে Xত পোষ্ট কৰি কয় "মই অধ্যাপক আলী খান মাহমুদাবাদৰ সমগ্ৰ টুইটটো বাৰে বাৰে পঢ়িছো । বিবৃতিটোৰ কোনটো অংশ হাৰিয়ানা আৰক্ষীয়ে আপত্তিজনক আৰু আইন উলংঘাকাৰী বুলি বিবেচনা কৰিলে ? হাৰিয়ানা আৰক্ষীৰ কোনোবাই অনুগ্ৰহ কৰি আমাক জনাবনে ?"
I have read and re-read the entire tweet of Prof Ali Khan Mahmudabad
— P. Chidambaram (@PChidambaram_IN) May 19, 2025
Which portion of the statement did Haryana Police find objectionable and violative of law?
Will someone from Haryana Police please enlighten us?
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ো এই গ্ৰেপ্তাৰক গৰিহণা দি কয় “অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদক গ্ৰেপ্তাৰ কৰাটোৱে দেখুৱাইছে যে বিজেপিয়ে তেওঁলোকৰ যিকোনো ধৰণৰ অপচন্দৰ মতামতক লৈ কিমান ভয়ংকৰ ।”
The Indian National Congress stands with our Armed Forces, bureaucrats, academicians, intellectuals and their families.
— Mallikarjun Kharge (@kharge) May 19, 2025
I condemn any character assassination, vilification, trolling, harassment, unlawful arrest of any individual and vandalism of any business entity, either…
মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে কৰা মন্তব্যকে ধৰি শেহতীয়া আন আন কাণ্ডৰ কথা উল্লেখ কৰি খাৰ্গেই কয় “বিজেপি-আৰ এছ এছে বহুত্ববাদক প্ৰতিনিধিত্ব কৰা বা চৰকাৰক প্ৰশ্ন কৰা যিকোনো ব্যক্তিৰেই ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিছে ৷’’
তেওঁ লগতে কয় “যেতিয়া ৰাষ্ট্ৰীয় স্বাৰ্থই সৰ্বোচ্চ ৰাজত্ব কৰে, তেতিয়া সশস্ত্ৰ বাহিনী আৰু চৰকাৰক সমৰ্থন কৰাৰ অৰ্থ এইটো নহয় যে আমি চৰকাৰক প্ৰশ্ন কৰিব নোৱাৰো ।”
ইয়াৰ পূৰ্বে সোমবাৰে উচ্চতম ন্যায়ালয়ে মাহমুদাবাদৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে ২০ বা ২১ মে’ত শুনানিৰ বাবে বিষয়টো তালিকাভুক্ত কৰিব বুলি কয় ।
মাহমুদাবাদৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে আদালতত কয়- "তেওঁক দেশপ্ৰেমমূলক বক্তব্যৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে । অনুগ্ৰহ কৰি তালিকাভুক্ত কৰক ।"
লগতে পঢ়ক: মন্ত্ৰী বিজয় শ্বাহৰ মন্তব্য ‘‘লেতেৰা, ঘৃণনীয় আৰু লজ্জাজনক’’ : উচ্চতম ন্যায়ালয়