ETV Bharat / bharat

1 এপ্ৰিললৈকে কেজৰিৱাল থাকিব লাগিব ই ডিৰ জিম্মাত - KEJRIWAL ED REMAND EXTENDED

Kejriwal in Rouse Avenue Court: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰা হয় । আদালতে ইডিৰ জিম্মাৰ ম্যাদ 1 এপ্ৰিললৈ বৃদ্ধি কৰিছে ।

LIQUOR POLICY CASE
KEJRIWAL IN ROUSE AVENUE COURT
author img

By ETV Bharat Assamese Team

Published : March 28, 2024 at 8:08 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 28 মাৰ্চ: দিল্লী ৰাউজ এভিনিউ আদালতে বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) ৰিমাণ্ড ১ এপ্ৰিললৈ বৃদ্ধি কৰিছে । ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় । কেজৰিৱালে কয় যে তেওঁৰ গ্ৰেপ্তাৰ এক "ৰাজনৈতিক ষড়যন্ত্ৰ" আৰু তেওঁ শাসন কৰা ৰাজ্যখনে "ষড়যন্ত্ৰকাৰীসকল"ক উপযুক্ত প্ৰত্যুত্তৰ দিব ।

কেজৰিৱালে নিজেই আবকাৰী নীতিৰ গোচৰৰ শুনানিৰ সময়ত দিল্লীৰ এখন আদালতত দাখিল কৰি কৈছিল যে আপক "দুৰ্নীতিগ্ৰস্ত" হিচাপে এখন ধূসৰ ছবি ৰাষ্ট্ৰৰ সমুখত দাঙি ধৰা হৈছে ।

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তেওঁক বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাৰ আদালতত হাজিৰ কৰোৱাৰ বাবে আবেদন দাখিল কৰিছিল আৰু গোচৰটোৰ সৈতে জড়িত কিছু লোকৰ সৈতে তেওঁ মুখামুখি হ'ব লাগিব বুলি যুক্তি দি তেওঁক আৰু সাত দিনৰ বাবে জিম্মাত বিচাৰিছিল । "ইডিৰ দুটা উদ্দেশ্য আছে - আপক ধ্বংস কৰিবলৈ এক ধূসৰ ছবি সৃষ্টি কৰা আৰু এটা ধন দাবীৰ ৰেকেট সৃষ্টি কৰা ।

ৰাঘৱ ৰেড্ডীয়ে বিজেপিলৈ ৫৫ কোটি অৰিহণা যোগাইছিল । মানি ট্ৰেইলত স্পষ্টভাৱে প্ৰতিষ্ঠিত হৈছে," কেজৰিৱালে তেওঁৰ চাফাইত কয় ।

"মোক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু কোনো আদালতে মোক দোষী প্ৰমাণ কৰা নাই । চিবিআইয়ে ৩১,০০০ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিছে আৰু ইডিয়ে ২৫,০০০ পৃষ্ঠাৰ অভিযোগামা দাখিল কৰিছে । আনকি আপুনি সেইবোৰ একেলগে পঢ়িলেও প্ৰশ্ন উঠে যে মোক কিয় গ্ৰেপ্তাৰ কৰা হৈছে ?" কেজৰিৱালে আদালতক প্ৰশ্ন কৰে ।

"মোৰ নাম মাত্ৰ চাৰিবাৰ আহিছিল আৰু এবাৰ 'চি অৰবিন্দ' আছিল । তেওঁৰ উপস্থিতিত চিছোদিয়াই মোক কিছুমান নথিপত্ৰ দিছিল । কিন্তু বিধায়কসকলে মোক ফাইল দিবলৈ, চৰকাৰৰ বিষয়ে আলোচনা কৰিবলৈ দৈনিক মোৰ ঘৰলৈ আহিছিল । এজন বৰ্তমানৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ এনে ধৰণৰ মন্তব্য যথেষ্ট নেকি ?" কেজৰিৱালে লগতে প্ৰশ্ন কৰে ।

আদালতত, কেজৰিৱালে অভিযোগ কৰে যে প্ৰৱৰ্তন সঞ্চালকালয়ৰ মাত্ৰ এটাই উদ্দেশ্য- সেয়া হৈছে তেওঁক ফান্দত পেলোৱা । "তিনিটা বিবৃতি দিয়া হৈছিল (এজন সাক্ষীৰ দ্বাৰা) কিন্তু আদালতে কেৱল সেইসকলকহে দেখিছিল যিসকলে মোক অভিযুক্ত কৰিছিল । কিয় ? এইটো সঠিক নহয়," দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে ।

"আন এজন সাক্ষীয়ে ছয়টা বিবৃতি দিছিল য'ত মুখ্যমন্ত্ৰীৰ নাম উল্লেখ কৰা নাছিল, কিন্তু তেওঁক সপ্তম বিবৃতিৰ পিছত মুকলি কৰি দিয়া হৈছিল । যদি সঁচাকৈয়ে ১০০ কোটিৰ কেলেংকাৰী হৈছে তেন্তে টকা ক'ত আছে ?" কেজৰিৱালে প্ৰশ্ন কৰে ।

এক পৃথক ঘটনাক্ৰমত, দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিচত অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ বিচাৰি এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (পিআইএল) প্ৰত্যাখ্যান কৰে । কাৰ্যকৰী মুখ্য ন্যায়াধীশ মনমোহনৰ নেতৃত্বত এখন বিচাৰপীঠে বিষয়টোৰ গুণাগুণ সম্পৰ্কে মন্তব্য দিবলৈ অস্বীকাৰ কৰি কয় যে এয়া ন্যায়িক হস্তক্ষেপৰ পৰিসৰৰ বাহিৰত । ন্যায়াধীশ মনমিট পি এছ অৰোৰাক লৈ গঠিত বিচাৰপীঠে কয়, "আইন অনুসৰি পৰীক্ষা কৰাটো চৰকাৰৰ আন শাখাবোৰৰ কাম ।"

শুনানিৰ সময়ত, আদালতে আবেদনকাৰী সুৰজিৎ সিং যাদৱৰ পৰামৰ্শদাতাক কেজৰিৱালক মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰখাৰ ওপৰত আইনী বাধা দেখুৱাবলৈ কৈছিল । "ব্যৱহাৰিক অসুবিধা হ'ব পাৰে কিন্তু সেয়া অন্য কিবা । আইনী দণ্ড ক'ত ?" আদালতে প্ৰশ্ন কৰে ।

লগতে পঢ়ক: দিল্লীৰ জনস্বাৰ্থ সম্পৰ্কীয় চৰকাৰী আঁচনি বন্ধ নহ’ব: স্পষ্ট কৰিলে দিল্লী চৰকাৰে - Govt schemes in Delhi