অৰুণাচলৰ শৃংগক চীনৰ অংশ বুলি কৰা দাবীৰ বিৰুদ্ধে কঠোৰ সাংসদ - Tsangyang Gyatso peak
China's claim on Arunachal land : ছাংয়াং জ্ঞ্যাটছো শৃংগক চীনৰ অংশ বুলি কৰা দাবীক লৈ চীনক সকীয়নি অৰুণাচল প্ৰদেশৰ সাংসদ টাপীৰ গাৱৰ ৷ অৰুণাচল প্ৰদেশৰ কোনো অংশ চীনৰ অধীনত নাই বুলি মন্তব্য সাংসদগৰাকীৰ ৷

Published : September 27, 2024 at 9:07 PM IST
তেজপুৰ, ২৭ ছেপ্টেম্বৰ : ‘‘ষষ্ঠ দালাই লামাই অৰুণাচল প্ৰদেশৰ টাৱাঙত জন্ম গ্ৰহণ কৰিছিল ১৬৮২ চনত ৷ গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অৰুণাচল প্ৰদেশৰ অতি উচ্চতাৰ শৃংগটো ষষ্ঠ দালাই লামাৰ নামত নামাকৰণৰ সম্পূৰ্ণ অধিকাৰ আছে ।’’- এই মন্তব্য অৰুণাচল প্ৰদেশৰ বিজেপিৰ সাংসদ তাপীৰ গাৱৰ ৷
ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত হোৱা এক আছুতীয়া টেলিফোন বার্তাত বিজেপিৰ সাংসদ গাৱে কয়, ‘‘চীনৰ কোনো অধিকাৰ নাই যে ভাৰতবৰ্ষৰ ভিতৰৰ বা অৰুণাচল প্ৰদেশৰ ভিতৰৰ কথাত মন্তব্য কৰাৰ ৷ ভাৰতীয় অৰুণাচল প্ৰদেশৰ মনপা লোকৰ ষষ্ঠ দালাই লামাৰ সন্মানৰ বাবে এই নামাকৰণ হৈছে ৷ ষষ্ঠ দালাই লামাই পৰৱৰ্তী সময়ত লাচালৈ যায়গৈ ৷ তেওঁলোকে পূৰ্বৰ মেক মোহন লাইনৰ সীমাক সন্মান কৰাৰ প্ৰয়োজন আছে ৷’’
উল্লেখ্য যে দুদিন পূৰ্বে ৰাষ্ট্ৰীয় পৰ্বতাৰোহন আৰু দুঃসাহসিক ক্ৰীড়া সংস্থা ডিৰাঙৰ এটা দলে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ তথা পশ্চিম কামেং অঞ্চলৰ হিমালয়ৰ গেৰিচেন অংশৰ ২০,৯৪২ ফুট উচ্চতাৰ এটা নামহীন শৃংগত সফলতাৰে আৰোহণ কৰি ষষ্ঠ দালাই লামাৰ নামত উৎসৰ্গা কৰে ৷ ইয়াৰ পিছতে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ লিন জিয়ানে (Lin Jian) এই বিষয়ে বৃহস্পতিবাৰে বেইজিঙত মন্তব্য কৰি কৰে এইদৰে- ‘‘এইবিলাক এটা তথাকথিত নামাকৰণ প্ৰক্ৰিয়া, ভাৰতৰ অৰুণাচল প্ৰদেশৰ ওপৰত কোনো অধিকাৰ নাই ৷ অৰুণাচল প্ৰদেশ চীনৰ অংশ ৷ চীনে অৰুণাচল প্ৰদেশক জাংনান বুলি অভিহিত কৰে ৷’’
উল্লেখযোগ্য যে, প্ৰতিৰক্ষা বিভাগে তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ সন্মানত শৃংগটোক ‘ছাংয়াং জ্ঞ্যাটছো শৃংগ’ হিচাপে নামাংকন কৰে ৷ এই শৃংগটোৰ নাম ষষ্ঠ দালাই লামাৰ নামেৰে নামাংকন কৰি ধৰ্মগুৰুজনৰ যুগজয়ী প্ৰজ্ঞা আৰু মনপা সম্প্ৰদায়ৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ‘ছাংয়াং জ্ঞ্যাটছো শৃংগ’ জয় কৰাৰ অভিযানটো আছিল এই দলটোৱে এতিয়ালৈকে কৰা আটাইতকৈ কঠিন পৰ্বত আৰোহণ অভিযানসমূহৰ ভিতৰত অন্যতম ।
সাংসদ গাৱৰ মতে লাডাখৰ ছিক্কিম আৰু অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলত পূৰ্বৰ বৈদেশিক সচিব ছাৰ মেক মোহনে নিৰ্ধাৰিত কৰা সীমাৰ প্ৰতি চীনে সন্মান জনোৱা প্ৰয়োজন ৷ সাংদগৰাকীয়ে চীনৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিয়ে ৷
ইফালে ২০১৭ চনৰ পৰা চীনে সময়ে সময়ে অৰুণাচল প্ৰদেশৰ ঠাইৰ নাম সলনি কৰি থকা বিষয়টো সাংসদ গাৱে অৰ্থহীন বুলি গৰিহণা দিয়ে । তেওঁ ই টিভি ভাৰতৰ জৰিয়তে চীনক সকীয়নী দি কয়- ‘‘চাংপো নদীৰ সীমাৰ পৰা লাচালৈ তিব্বতৰ বিস্তৃত এলেকাত পূব অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীয় ভাইসকল আছে ৷ গতিকে তিব্বতৰ সেই এলেকা অৰুণাচল প্ৰদেশৰ অন্তৰ্গত বুলি মই দাবী কৰো ৷ এতিয়া দেশবাসীয়ে জানিব লাগে যে অৰুণাচল প্ৰদেশৰ কোনো অংশ চীনৰ অধীনত নাই ৷’’
লগতে পঢ়ক : পৃথিৱীৰ মানচিত্ৰত খোদিত আন এক শৃংগ
চীনৰ সৈতে সম্পৰ্ক জটিল ভাৰতৰ; সীমান্তৰ পৰা সেনা বিতাৰণৰ সিদ্ধান্তক আদৰণি এছ জয় শংকৰৰ

