ETV Bharat / bharat

'দেৱতাৰ ৰাজ্য' গোৰিচেনলৈ ভাৰতীয় সেনাৰ বিশেষ অভিযান

২০ আগষ্টৰ পৰা আৰম্ভ হৈছে সৰ্বোচ্চ স্কেলেবল শৃংগ মাউণ্ট গোৰিচেনলৈ ভাৰতীয় সেনাৰ এই অভিযান ।

Indian Army mountaineering expedition
গোৰিচেনলৈ ভাৰতীয় সেনাৰ বিশেষ অভিযান (@DefencePRO)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 1:03 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে লিকাবালিৰ পৰা সৰ্বোচ্চ স্কেলেবল শৃংগ মাউণ্ট গোৰিচেন (৬,৪৮৮ মিটাৰ)লৈ এক পৰ্বতাৰোহণ অভিযানৰ বুধবাৰে ফ্লেগ অফ কৰে । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱটে জনায় যে পূব হিমালয়ত মহিমাময়ভাৱে সুৰক্ষা প্ৰদান কৰি থকা মাউণ্ট গোৰিচেন সহনশীলতা, স্থিতিস্থাপকতা আৰু দুঃসাহসিক কৰ্মৰ এক উচ্চ শিখৰৰ প্ৰতীক হিচাপে থিয় দি আছে ।

ভাৰতীয় সেনা জোৱানৰ এটা দলে ২০ আগষ্টৰ পৰা আৰম্ভ হোৱা এই অভিযানত অংশগ্ৰহণ কৰিছে বুলি ৰাৱটে জনাইছে । ১ অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলক প্ৰত্যাহ্বানসমূহক আঁকোৱালি লোৱা, অনুশাসন আৰু জাতীয় গৌৰৱৰ লালন-পালনৰ দিশত অনুপ্ৰাণিত কৰিব বিচাৰিছে । এনে পদক্ষেপে সেনাবাহিনীৰ সাহস, দায়বদ্ধতা আৰু জাতি সেৱাৰ কালজয়ী নীতি-নিয়ম বজাই ৰখাৰ লগতে অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ সৈতে গভীৰ সংযোগকো পুনৰ দৃঢ় কৰে ।

MT Gorichen Mountaineering expedition
গোৰিচেনলৈ ভাৰতীয় সেনাৰ বিশেষ অভিযান (@DefencePRO)

উল্লেখ্য যে পূৰ্বে ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া সংস্থা ডিৰাঙৰ এটা দলে অৰুণাচল প্ৰদেশৰ টাৱাং তথা পশ্চিম কামেং অঞ্চলৰ হিমালয়ৰ গোৰিচেন অংশৰ ২০,৯৪২ ফুট উচ্চতাৰ এটা শৃংগত সফলতাৰে আৰোহণ কৰি ষষ্ঠ দালাই লামাৰ নামত উছৰ্গা কৰে ৷ ইয়াৰ পিছতে চীনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ লিন জিয়ানে এই বিষয়ে বেইজিঙত মন্তব্য কৰে, "এইবোৰ এটা তথাকথিত নামকৰণ প্ৰক্ৰিয়া, ভাৰতৰ অৰুণাচল প্ৰদেশৰ ওপৰত কোনো অধিকাৰ নাই ৷ অৰুণাচল প্ৰদেশ চীনৰ অংশ ৷ চীনে অৰুণাচল প্ৰদেশক জাংনান বুলি অভিহিত কৰে ।"

MT Gorichen Mountaineering expedition
গোৰিচেনলৈ ভাৰতীয় সেনাৰ বিশেষ অভিযান (@DefencePRO)

মাউণ্ট গোৰিচেন

ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত পূব হিমালয়ৰ অন্যতম উল্লেখযোগ্য শৃংগ মাউণ্ট গোৰিচেন । ই পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেঙৰ মাজত অৱস্থিত । আন্তঃৰাষ্ট্ৰীয় সীমা তিব্বত (চীন) আৰু ভূটানৰ সীমান্তৰ ওচৰত অৱস্থিত আৰু পূব হিমালয়ৰ পৰ্বতমালাৰ এক অবিচ্ছেদ্য অংশ । শৃংগটোৰ উচ্চতা ৬,৪৮৮ মিটাৰ (২১,২৮৬ ফুট) । যাৰ বাবে ইয়াক অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ শৃংগ বুলি জনা যায় । স্থানীয়ভাৱে চা-ঙা ফু (Sa-Nga Phu) মনপা ভাষাত অৰ্থ "দেৱতাৰ ৰাজ্য" হিচাপে জনাজাত । গোৰিচেন পূব আৰু গোৰিচেন দক্ষিণৰ দৰে সৰু সৰু শৃংগৰে আগুৰি আছে এই হিমালয়ৰ অঞ্চলটো । এই শৃংগৰ এক তাৎপৰ্য আছে । বিশেষকৈ মনপা জনগোষ্ঠীয়ে ইয়াক পবিত্ৰ পৰ্বত বুলি গণ্য কৰে । যিসকলে বিশ্বাস কৰে যে ই তেওঁলোকক দুষ্ট আত্মাৰ পৰা ৰক্ষা কৰে ।

MT Gorichen Mountaineering expedition
গোৰিচেনলৈ ভাৰতীয় সেনাৰ বিশেষ অভিযান (@DefencePRO)

ইয়াক প্ৰায়ে টাৱাঙৰ আধ্যাত্মিক ৰক্ষক হিচাপে শ্ৰদ্ধা কৰা হয় । ইয়াৰ পবিত্ৰতাৰ বাবে বহু স্থানীয় লোকে ইয়াক বগাই যোৱাৰ পৰা বিৰত থাকে । ধৰ্মীয় তাৎপৰ্য থকাৰ পিছতো পৰ্বতাৰোহীয়ে ইয়াত আৰোহণ কৰি আহিছে । প্ৰত্যাহ্বানমূলক ভূখণ্ড, ঠেক ঢাল আৰু গধুৰ বৰফৰ আৱৰণৰ বাবে পৰিচিত এই শৃংগ । বেচ কেম্পলৈ ট্ৰেক কৰিলে হিমালয়ৰ মনোমোহা দৃশ্য দেখা যায় । জৈৱ বৈচিত্ৰ্যৰ ফালৰ পৰা চাৰিওফালৰ অঞ্চলটো আলপাইন উদ্ভিদ আৰু বিভিন্ন বন্যপ্ৰাণীৰে চহকী । ট্ৰেক পথসমূহ দুৰ্গম মনপা গাঁৱৰ মাজেৰে পাৰ হৈ যায়, যিয়ে এক বিশেষ সাংস্কৃতিক অভিজ্ঞতা প্ৰদান কৰে ।

লগতে পঢ়ক :দেশদ্ৰোহৰ অভিযোগত দুই সাংবাদিকলৈ চমন গুৱাহাটী আৰক্ষীৰ - GUWAHATI POLICE SUMMONS JOURNALIST