ETV Bharat / bharat

এ কে-৪৭ ৰ কাৰ্টিজৰ সৈতে গ্ৰেপ্তাৰ সেনা জোৱান

কৰ্মসূত্ৰে আহমেদনগৰত বাস কৰা জোৱানজনে এমাহৰ ছুটী লৈ ঘৰলৈ আহিছিল ৷

ARMY SOLDIER CARTRIDGE ARRESTED
প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 9:58 AM IST

2 Min Read
Choose ETV Bharat

মীৰাট: বহুসংখ্যক এ কে-৪৭ কাৰ্টিজৰ সৈতে গ্ৰেপ্তাৰ হৈছে এগৰাকী সেনা জোৱান ৷ মহাৰাষ্ট্ৰৰ আহমেদনগৰ টেলি চেণ্টাৰত কৰ্মসূত্ৰে বাস কৰা জোৱানজনৰ নাম ৰাহুল কুমাৰ ।

শেহতীয়াকৈ তেওঁ এমাহৰ ছুটী লৈ নিজৰ ঘৰ মীৰাটলৈ আহিছিল । এই কাৰ্টিজসমূহ মীৰাটৰ কোনো লোকক যোগান ধৰাৰ উদ্দেশ্যে সেনা জোৱানজনে লৈ অহা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই ৷ সম্প্ৰতি জোৱানজনক জেৰা কৰি থকা হৈছে ।

জানিব পৰা মতে, পল্লৱপুৰম থানাৰ অন্তৰ্গত এ টু জেদ কলনী(A2Z Colony) ৰ সমীপৰ এক সূত্ৰৰ তথ্যৰ ভিত্তিত আটক কৰা হৈছিল ৰাহুল কুমাৰক । ধৃত জোৱানজন মীৰাটৰ দৌৰালা থানাৰ অন্তৰ্গত নাংলি গাঁৱৰ বাসিন্দা ৷

জোৱানজনৰ ঘৰৰ পৰা জব্দ হোৱা কাৰ্টিজসমূহ সেনাবাহিনীত ব্যৱহৃত এ কে-৪৭ ৰাইফলৰ । প্ৰায় ৭০ টা এনেধৰণৰ কাৰ্টিজ জব্দ কৰা বুলি আৰক্ষীয়ে জনায় ৷ আৰক্ষীয়ে জোৱানজনক গ্ৰেপ্তাৰৰ চেষ্টা চলাওতেই তেওঁ আৰক্ষী আৰু এ টি এছৰ চকুত ধূলি মাৰি পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীৰ লোকসকলে জোৱানজনক চাৰিওফালৰ পৰা ঘেৰি ধৰি অৱশেষত গ্ৰেপ্তাৰ কৰে ৷

এই সন্দৰ্ভত আৰক্ষীয়ে কয় ‘‘সূত্ৰ অনুসৰি ৰাহুল কুমাৰে এই কাৰ্টিজবোৰ মীৰাটৰ কোনো লোকক দিবলৈ এনেদৰে লৈ আনিছিল ৷ কিন্তু এইবোৰ কাক আৰু কি উদ্দেশ্যৰে যোগান ধৰা হ’ব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
এই গুৰুতৰ বিষয়টো বিবেচনা কৰি সামৰিক চোৰাংচোৱা বিভাগৰ লগতে আৰক্ষীয়ে জোৱানজনৰ জেৰা অব্যাহত ৰাখিছে ৷’’

উল্লেখ্য় যে, জেৰাৰ সময়ত ইয়াৰ পূৰ্বেও ৰাহুলে কাৰোবাক এনেধৰণে কাৰ্টিজ যোগান ধৰিছে নেকি বুলি আৰক্ষীয়ে সোধে ৷ সেনা জোৱানজন অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ নাইবা কাৰ্টিজৰ সৰবৰাহৰ সৈতে জড়িত বুলিও সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী বিষয়াসকলে ৷ এই কাৰ্টিজবোৰ কোনো অপৰাধমূলক বা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰা হ’ব নেকি সেই কথাটোতো তদন্তকাৰী সংস্থাসমূহে গুৰুত্ব দিছে । জোৱানজনে জেৰাত মুখ খুলিলে বহু কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ভাৰতে আৰম্ভ কৰিলে অপাৰেচন সিন্ধু; বৃহস্পতিবাৰে পুৱা ভাৰতত উপস্থিত হ'ব প্ৰথমখন বিমান