ETV Bharat / bharat

বাৰামুলাত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ; সেনা আৰু পৰ্টাৰ নিহত

Baramulla encounter: বাৰামুলাৰ বুটাপাথ্ৰীত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ । ২ সেনা জোৱান আৰু ২ গৰাকী পৰ্টাৰ নিহত ।

Baramulla encounter
বাৰামুলাত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ (ANI)
author img

By ANI

Published : October 25, 2024 at 10:10 AM IST

2 Min Read
Choose ETV Bharat

বাৰামুলা(জম্মু-কাশ্মীৰ): জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ পুনৰ বৃদ্ধি পাইছে ! শেহতীয়াকৈ কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । বৃহস্পতিবাৰেও সেনাৰ বাহনত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ কৰে । য'ত ২ গৰাকী সেনা জোৱান আৰু ২ গৰাকী পৰ্টাৰ নিহত হয় ।

ইফালে ১ গৰাকী সেনা জোৱান আৰু ১ গৰাকী পৰ্টাৰ আহত হয় । তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে, বাৰামুলাত সেনাই পুৱাৰে পৰা পুনৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।

সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

এক্সৰ এটা পোষ্টত শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছে কয়, "বাৰামুলাৰ বুটাপাথ্ৰীৰ সাধাৰণ এলেকাত ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত এক সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ সময়ত দুগৰাকী সেনা জোৱান আৰু দুজন পৰ্টাৰ আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসা সেৱাৰ বাবে তেওঁলোকক স্থানান্তৰিত কৰা হৈছে ।"

পৰৱৰ্তী সময়ত সেই পোষ্টটো আপডেট কৰি চিনাৰ কৰ্পছে কয়, "সংঘৰ্ষৰ সময়ত দুগৰাকী সেনা জোৱান আৰু দুজন পৰ্টাৰ আঘাতপ্ৰাপ্ত হয় । অভিযান অব্যাহত আছে ।" জানিব পৰা মতে, বাৰামুলাৰ বুটাপাথ্ৰী প্ৰথমে সেনা বাহিনীৰ বাহনক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল । তাৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ আৰম্ভ হয় ।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ

বৃহস্পতিবাৰৰ দিনটোতে আন এটা ঘটনাত পুলৱামা জিলাৰ বাটগুণ্ড ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী শ্ৰমিক নিহত হয় । আহত শ্ৰমিকজনক উত্তৰ প্ৰদেশৰ বাসিন্দা প্ৰীতম সিং বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পূৰ্বে ২০ অক্টোবৰত গান্দেৰবাল জিলাৰ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথত সন্ত্ৰাসবাদীয়ে এটা সুৰংগৰ নিৰ্মাণস্থলীত আক্ৰমণ কৰাৰ ফলত এগৰাকী চিকিৎসক আৰু ৬ গৰাকী নিৰ্মাণ শ্ৰমিক নিহত হৈছিল ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ : চিকিৎসকসহ ৭ শ্ৰমিক নিহত; অমিত শ্বাহ-প্ৰিয়ংকা গান্ধীৰ লগতে অন্যান্যৰ কঠোৰ ব্যৱস্থাৰ আহ্বান