ETV Bharat / bharat

স্পাইচজেটৰ ৪ কৰ্মচাৰীক সেনা বিষয়াৰ প্ৰহাৰ; এজাহাৰ দাখিল

শ্ৰীনগৰ বিমানবন্দৰত এজন সেনা বিষয়াই স্পাইচজেটৰ ৪ কৰ্মচাৰীক আক্ৰমণ কৰে । গুৰুতৰভাৱে আহত ২ কৰ্মচাৰী ।

Screengrab shows the man attacking one of the staff members with a signboard
স্পাইচজেটৰ ৪ কৰ্মচাৰীক সেনা বিষয়াৰ প্ৰহাৰ (X@shukla_tarun)
author img

By ETV Bharat Assamese Team

Published : August 3, 2025 at 7:46 PM IST

3 Min Read
Choose ETV Bharat

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত চাঞ্চল্যকৰ ঘটনা । শ্ৰীনগৰ বিমানবন্দৰত এজন সেনা বিষয়াই আক্ৰমণ কৰে স্পাইচজেটৰ কৰ্মচাৰী । এজন দুজন নহয় ৪ জন কৰ্মচাৰীক আক্ৰমণ কৰাৰ অভিযোগ সেনা বিষয়াজনৰ বিৰুদ্ধে । জানিব পৰা মতে, ঘটনাত দুজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হৈছে ।

দেওবাৰে সামাজিক মাধ্যমত ভাইৰেল হোৱা এই কাণ্ডৰ এটা কথিত ভিডিঅ'ত দেখা গৈছে যে লোকজনে মাটিৰ তুলি লোৱা ধাতুৰ ব'ৰ্ড যেন লগা বস্তুৰে কৰ্মচাৰীসকলক আক্ৰমণ কৰিছে । চিআইএছএফৰ এজন বিষয়াই হস্তক্ষেপ কৰি লোকজনক ঠেলি দিয়া দেখা গৈছে ।

স্পাইচজেটে এক বিবৃতিত জনোৱা মতে, ২৬ জুলাইত শ্ৰীনগৰৰ পৰা দিল্লী অভিমুখী বিমান এছ জি-৩৮৬ৰ বৰ্ডিং গেটত স্পাইচজেটৰ ৪ জন কৰ্মচাৰীক এজন লোকে গুৰুতৰভাৱে আক্ৰমণ কৰিছিল ।

বিমান সংস্থাটোৱে কয়, "আমাৰ কৰ্মচাৰীসকলে ৰাজহাড় আৰু মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পাইছে ।" লগতে কোৱা হৈছে যে আক্ৰমণ কৰা স্পাইচজেটৰ এজন কৰ্মচাৰী মজিয়াত অচেতন হৈ পৰি যায় কিন্তু যাত্ৰীজনে অচেতন কৰ্মচাৰীজনক আক্ৰমণ অব্যাহত ৰাখিলে ।

বিবৃতিত কোৱা হৈছে যে আন এজন কৰ্মচাৰীয়ে অচেতন হৈ পৰা সহকৰ্মীজনক সহায় কৰিবলৈ যোৱাৰ সময়তে তেওঁক মুখত আক্ৰমণ কৰে । আহত কৰ্মচাৰীকেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তেওঁলোক চিকিৎসাধীন হৈ আছে বুলি স্পাইচজেটে বিবৃতিত উল্লেখ কৰিছে ।

বিমান সংস্থাটোৱে যাত্ৰীজনক সেনাবাহিনীৰ এজন জ্যেষ্ঠ বিষয়া বুলি চিনাক্ত কৰিছে যিয়ে মুঠ ১৬ কিলোগ্ৰাম ওজনৰ কেবিন বেগ দুটা কঢ়িয়াই লৈ ফুৰিছিল, যাৰ অনুমোদিত সীমা ৭ কেজিৰ দুগুণতকৈও অধিক ।

সংস্থাটোৱে কৈছে, "যেতিয়া অতিৰিক্ত সামগ্ৰীৰ বিষয়ে ভদ্ৰভাৱে জনোৱা হৈছিল আৰু প্ৰযোজ্য চাৰ্জ দিবলৈ কোৱা হৈছিল, তেতিয়া যাত্ৰীজনে নাকচ কৰে আৰু বৰ্ডিং প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈয়ে বলপূৰ্বকভাৱে এৰোব্ৰিজত প্ৰৱেশ কৰে – যিটো বিমান নিৰাপত্তাৰ প্ৰট'কলৰ স্পষ্ট উলংঘা । তেওঁক চিআইএছএফৰ এজন বিষয়াই গেটলৈ ঘূৰাই লৈ গৈছিল । গেটত যাত্ৰীজন ক্ৰমান্বয়ে আক্ৰমণাত্মক হৈ পৰে আৰু স্পাইচজেটৰ ৪ জন কৰ্মচাৰীক আক্ৰমণ কৰে ।"

স্থানীয় আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে আৰু বিমান সংস্থাটোৱে অসামৰিক বিমান পৰিবহণৰ নিয়ম অনুসৰি যাত্ৰীজনক ন'-ফ্লাই তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি বিমান সংস্থাটোৱে জনাইছে ।

এই সন্দৰ্ভত স্পাইচজেটে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈও পত্ৰ লিখি তেওঁলোকৰ কৰ্মচাৰীৰ ওপৰত কৰা আক্ৰমণৰ বিষয়ে মূল্যায়ন কৰি যাত্ৰীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে । বিমান সংস্থাটোৱে বিমানবন্দৰ কৰ্তৃপক্ষৰ পৰা ঘটনাৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি আৰক্ষীক প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :প্ৰজ্বল ৰেৱন্নাৰ নতুন পৰিচয় কয়দী নম্বৰ ১৫৫২৮; প্ৰথম নিশা কটালে বেংগালুৰুৰ আগ্ৰাহাৰা কেন্দ্ৰীয় কাৰাগাৰত - PRAJWAL REVANNA PRISONER NUMBER