কুৰুক্ষেত্ৰ: কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ সূৰ্যৰ পোহৰে পোহৰাই তোলা ষ্টুডিঅ’ত এগৰাকী যুৱশিল্পী নিজৰ কেনভাছৰ সন্মুখত থিয় হৈ নিজৰ শিল্পকৰ্মত ব্যস্ত । পিছফালৰ পৰা দেখিলে সকলো স্বাভাৱিক যেনেই লাগে, যেন এগৰাকী শিল্পীয়ে নিজৰ পৰৱৰ্তী সৃষ্টিৰ কথা চিন্তা কৰি আছে । কিন্তু অলপ ওচৰলৈ বা তেওঁৰ সন্মুখলৈ গ’লে আপুনি নিশ্চুপ হৈ পৰিব, আৱিষ্কাৰ কৰিব যে ভাৰতী অৰ্থাৎ শিল্পীগৰাকী কিছু অসাধাৰণ সৃষ্টিশীল কামত নিমগ্ন হৈ আছে ।
কিন্তু ৰ’ব, ভাৰতীৰ এইটোৱেই একমাত্ৰ কথা নহয় যিয়ে আপোনাক আপ্লুত কৰিব । আপোনাক আৰু বেছি আপ্লুত কৰিব পৰা কথাটো হ’ল ব্ৰাছ বা ইজেল ধৰিবলৈ ভাৰতীৰ হাত নাই । কটা হাত, ভৰি আৰু মুখেৰে তেওঁ ৰং কৰে । ভাৰতীয়ে প্ৰমাণ কৰিছে যে প্ৰতিভা কেৱল হাততেই নিহিত নহয়, হাত নথকা সকলো প্ৰতিভাশালী হ’ব পাৰে... আৰু উত্তৰাখণ্ডৰ ৰামনগৰৰ যুৱ শিল্পীগৰাকীয়ে এই কথা সঁচা বুলি প্ৰমাণ কৰিছে । বৰ্তমান কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা সূক্ষ্ম কলাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ভাৰতীয়ে আকৰ্ষণীয় শিল্পকৰ্ম সৃষ্টি কৰিছে, যিয়ে শিল্পপ্ৰেমী আৰু ৰসিকসকলক আকৰ্ষণ কৰিছে ।

শিশু অৱস্থাত ভাৰতীৰ জীৱন সলনি হৈছিল, যিদিনা তাই অজানিতে এটা বিস্ফোৰক বস্তু স্পৰ্শ কৰিছিল আৰু সি বিস্ফোৰিত হৈছিল, যাৰ ফলত তাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । ভাৰতীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে ভাৰতীৰ দুয়োখন হাত কাটি পেলোৱাৰ পৰামৰ্শ দিয়ে । "কি হৈছিল বুজিবলৈ মই বহুত সৰু আছিলো। কিন্তু বাস্তৱ বুজি পোৱাৰ পিছত মই মোৰ ভাগ্যক মানি লৈছিলো যদিও কেতিয়াও হাৰ মানিব পৰা নাছিলো, বৰঞ্চ মোৰ সকলো শক্তিৰে যুঁজিছিলো ।" ভাৰতীয়ে কয় ।

উত্তৰাখণ্ডৰ নৈনিতালৰ সমীপৰ ৰামনগৰৰ বাসিন্দা ভাৰতীৰ চাৰি ভাই-ভনী আছে । ভাৰতীয়ে ইতিমধ্যে দেউতাকক হেৰুৱাইছে আৰু মাক এগৰাকী গৃহিণী । ভাৰতীয়ে আৰু কয়, "মই জানিছিলোঁ যে মই পঢ়িব লাগিব আৰু কেৰিয়াৰ গঢ়িব লাগিব । মই মোৰ পৰিয়ালটো চোৱাচিতা কৰিব বিচাৰিছিলো আৰু মোৰ সপোন পূৰণ কৰিব বিচাৰিছিলো ।"
হতাশাৰ বলি হোৱাতকৈ ভাৰতীয়ে পঢ়া-শুনা অব্যাহত ৰাখিছিল আৰু কোনো সহায় অবিহনে দৈনন্দিন কাম-কাজ সম্পাদন কৰিবলৈ শিকিছিল । দশম শ্ৰেণীৰ পিছত তেওঁৰ এজন শিক্ষকে তেওঁক সূক্ষ্ম কলাৰ সৈতে পৰিচয় কৰাই দিছিল আৰু সেয়া আছিল তেওঁৰ জীৱনৰ আন এক টাৰ্নিং পইণ্ট । সূক্ষ্ম কলাৰ সৈতে তাইৰ সম্পৰ্ক আৰম্ভ হৈছিল পৰীক্ষা-নিৰীক্ষাৰ পৰা – ভাৰতীয়ে ভৰি আৰু মুখ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল আৰু সফল হৈছিল । ভাৰতীয়ে সময়ৰ লগে লগে এক সুকীয়া শৈলী গঢ়ি তুলিছিল ।

আজি ভাৰতীয়ে নিজৰ বাবে এক সুকীয়া স্থান গঢ়ি তুলিছে । এগৰাকী নিপুণ শিল্পী, কিন্তু তাতোকৈ বেছি তেওঁ এগৰাকী প্ৰেৰণা । চিত্ৰময় উত্তৰাখণ্ডত ডাঙৰ-দীঘল হোৱা ভাৰতীৰ সৃষ্টিবোৰ বেছিভাগেই প্ৰকৃতিৰ দ্বাৰা পৰিচালিত, আমাৰ চৌপাশৰ জীৱনৰ সৌন্দৰ্য্যক কেন্দ্ৰ কৰিয়েই তেওঁ নিজৰ সৃষ্টি কৰ্মত ব্যস্ত । চণ্ডীগড়, অমৃতসৰ আৰু দিল্লীত তেওঁৰ চিত্ৰ প্ৰদৰ্শিত হৈছে । ভাৰতীয়ে কয়, “বিশ্বাস কৰাটো কঠিন কিন্তু মই নিজৰ প্ৰাকৃতিক ৰং নিজেই বনাওঁ । মোৰ লক্ষ্য সদায় শিল্পৰ জৰিয়তে আমাৰ সংস্কৃতিক ৰক্ষা কৰা ।”
ভাৰতী ইমানতে থমকি ৰোৱা নাই । যেতিয়াই ভাৰতী নিজৰ গৃহ চহৰলৈ যায়, তেতিয়াই তেওঁ কন কন শিশুক চিত্ৰকলাৰ শিক্ষা দিয়ে । "মোৰ যি দক্ষতা আছে সেয়া নৱ প্ৰজন্মৰ হাতলৈ যাব লাগিব । মই বিচাৰো যে তেওঁলোকে ডাঙৰ সপোন দেখিব আৰু শিল্পক নিজৰ শক্তি হিচাপে গঢ়ি তোলক ।"

কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ তেওঁৰ অধ্যাপক আৰু সহকৰ্মীসকলে ভাৰতীৰ কৰ্ম আৰু নিষ্ঠাৰ শলাগ ল’বলৈ শব্দ বিচাৰি নাপায় । তেওঁৰ অন্তৰ্নিহিত শিল্পকলাৰ প্ৰশংসা কৰি সূক্ষ্ম কলা বিভাগৰ মুৰব্বী ড০ গুৰু চৰণ সিঙে কয়, “হাত থকাসকলেও হয়তো ভাৰতীৰ কামৰ সূক্ষ্মতাৰ সৈতে মিল ৰাখিব নোৱাৰে । তেওঁ কেৱল ছাত্ৰ-ছাত্ৰীকে নহয়, অধ্যাপকসকলকো অনুপ্ৰাণিত কৰে ।”
ভাৰতীৰ সহপাঠী তনিষাই লগতে কয়, “আমি সকলো কথাতে কান্দি থাকো । কিন্তু ভাৰতীৰ কথা ভাবিলেই প্ৰতিটো সমস্যা পাহৰি যাওঁ । আমাৰ দৰে স্বাভাৱিক মানুহে কৰিব নোৱৰা কাম ভাৰতীয়ে কৰিছে । কল্পনা কৰকচোন কোনোবাই প্ৰতিদিনে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কিন্তু তথাপিও অভিযোগ কৰা নাই । তাই মাথোঁ সম্ভাৱনাৰে ভৰপূৰ ।”

যুগ যুগ ধৰি চলি অহা কথাষাৰ মনত পেলাওক, “মনে যদি হাৰ নামানে, তেন্তে শৰীৰেও অনুসৰণ কৰে ।” নিযুক্তি এই আৰু বহুতো কথা । সীমাবদ্ধতা যে মনত থাকে আৰু থাকিবলৈ দিলে মানুহক প্ৰভাৱিত কৰে তাৰ প্ৰমাণ ভাৰতী । সাহসৰ এক উৎকৃষ্ট নিদৰ্শন সৃষ্টি কৰাৰ বাবে ভাৰতীলৈ অভিনন্দন ।