75 বছৰত আপুনি অৱসৰৰ বাবে সাজুনে- ৰেৱন্ত ৰেড্ডীৰ প্ৰশ্ন মোদীলৈ - Telangana CM Q to Modi
Telangana CM Q to Modi : বিজেপিত অৱসৰৰ বয়স স্থিৰ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতি ধৰিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ৷ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক নীতিকো সমালোচনা ৰেড্ডীৰ ৷

By ANI
Published : May 11, 2024 at 11:25 AM IST
নেশ্যনেল ডেস্ক, 11 মে’ : তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এক সংবাদমেলযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰে যে যিহেতু তেওঁ নিৰ্বাচিত প্ৰতিনিধিৰ অৱসৰৰ বয়স বিজেপিত 75 বছৰ হ’ব বুলি সিদ্ধান্ত লৈছিল, সেয়েহে তেওঁৰ ক্ষেত্ৰতো সেয়া প্ৰযোজ্য হ’বনে ?
মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয়, "এজন নিৰ্বাচিত প্ৰতিনিধিৰ বাবে বিজেপিত অৱসৰৰ বয়স হিচাপে 75 বছৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । এইদৰে তেওঁ বলপূৰ্বকভাৱে আদৱানী, মুৰুলী মনোহৰ যোশী আৰু আন আন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে সিদ্ধান্ত লৈছে । নৰেন্দ্ৰ মোদীয়ে 75 বছৰত ভৰি দিবলৈ মাত্ৰ এবছৰ বাকী আছে । মই সেই একেটা প্ৰশ্নই নৰেন্দ্ৰ মোদীক সুধিব বিচাৰিছো ৷ আপুনি 75 বছৰ বয়সত অৱসৰ ল’বলৈ সাজু নে ?"
মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ অৰ্থনৈতিক নীতি সন্দৰ্ভতো প্ৰশ্ন তোলে । ৰেড্ডীয়ে আৰু কয়, "মই আপোনালোকক এটা কথা সোঁৱৰাই দিব বিচাৰিছো । 1947 চনৰ পৰা 2014 চনলৈকে 14 জন প্ৰধানমন্ত্ৰীয়ে, প্ৰায় 67 বছৰ ধৰি, 55 লাখ কোটি ঋণ লৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে 113 লাখ কোটি ঋণ গ্ৰহণ কৰিছে । তেওঁ এই দেশখন ধ্বংস কৰিলে ।
‘‘দেশখন সংকটৰ মুখামুখি হৈছে । গতিকে তেওঁ যি নথি-পত্ৰ দাখিল কৰিছে, আমি সেই নথি-পত্ৰবোৰক বিশ্বাস নকৰো ৷ কাৰণ তেওঁ নিৰ্বাচনত জয়ী হ'বলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে ।" তেওঁ কয় ৷
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যখনৰ মানুহে দুগুণ ‘R’ কৰৰ বোজা ল’ব লাগিব। "তেলেংগানাত কংগ্ৰেছ ক্ষমতালৈ অহাৰ পিচৰে পৰাই দুগুণ 'R' কৰ সম্পৰ্কে আলোচনা চলি আছে । এটা 'R' তেলেংগানাৰ বাবে, আৰু আনটো দিল্লীৰ বাবে । দুয়োটাই মিলি হায়দৰাবাদ আৰু তেলেংগানাক এটা ATM ত পৰিণত কৰিছে...৷ "
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহানগৰীখনৰ মানুহে "ৰজাকাৰ" কৰৰ বোজাও বহন কৰিব লাগিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ইয়াত হায়দৰাবাদত ট্ৰিপল আৰ টেক্সৰ বোজা ল'ব লাগিব । ইয়াত এটা R ৰাজাকাৰৰ বাবে । এই ৰাজাকাৰ টেক্স কেনেকৈ চলি থাকে সেয়া পুৰণি হায়দৰাবাদত দেখা যায় । কংগ্ৰেছ, বি আৰ এছৰ সমৰ্থক আৰু মজলিছৰ সাংসদ যিসকলে দীৰ্ঘদিন ধৰি শাসনত থকা সত্বেও মানুহক মৌলিক সুবিধা প্ৰদান কৰা নাই ।"
তেলেংগানাৰ 17 খন আসনৰ আটাইকেইখন আসনৰ বাবে 13 মে’ত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটগ্ৰহণ হ’ব ।
লগতে পঢ়ক: তেলেংগানাৰ মুখ্যমন্ত্ৰীক 'সৎ প্ৰতাৰক' আখ্যা কেটিআৰৰ

