ETV Bharat / bharat

ভাৰতৰ মাটিত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ পাকিস্তানে মূল্য ভৰিব লাগিব : ৰাজনাথ সিং

পাকিস্তানক তীব্ৰ ভাষাৰে সকীয়নি দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ‘‘অপাৰেশ্যন সেন্দূৰ‘‘ৰ এতিয়াও অন্ত পৰা নাই ।

Rajnath Singh warns Pak
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (PTI)
author img

By PTI

Published : June 21, 2025 at 11:15 AM IST

2 Min Read
Choose ETV Bharat

উধমপুৰ : সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্দৰ্ভত পাকিস্তানক পুনৰ সকীয়নি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ । শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানক সকীয়াই দিয়ে যে ভাৰতৰ মাটিত ভৱিষ্যতে যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত দেশখনৰ ভয়াৱহ পৰিণতি হ’ব । কাৰণ সেন্দূৰ অভিযান এতিয়াও শেষ হোৱা নাই আৰু ভাৰত এই বিপদৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা ল’বলৈ সাজু ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে উধমপুৰস্থিত উত্তৰ কমাণ্ডৰ সেনা জোৱানক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেশ্যন সেন্দূৰে পাকিস্তানলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ দমন আৰু উৎপীড়ন নীতি কেতিয়াও সফল নহ’ব ।

সেনাধ্যক্ষ উপেন্দ্ৰ দ্বিবেদীক কাষত লৈ ৰাজনাথ সিঙে কয়, "অপাৰেশ্যন সেন্দূৰ এতিয়াও শেষ হোৱা নাই... এই অভিযানৰ জৰিয়তে আমি পাকিস্তানক কৈছোঁ যে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদ অব্যাহত ৰখাটো সহ্য কৰা নহ’ব আৰু ইয়াৰ সঁহাৰি বেয়াৰ পৰা অতি বেয়ালৈ ঢাল খাব ।"

উল্লেখ্য যে ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আঘাত হানে ।

"অপাৰেশ্যন সেন্দূৰ ২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু ২০১৯ চনৰ এয়াৰ ষ্ট্ৰাইকৰ (সীমান্তৰ সিপাৰে) এক স্বাভাৱিক অগ্ৰগতি আছিল । আমি পাকিস্তানক জনাইছিলোঁ যে ভাৰতৰ বিৰুদ্ধে দমন-উৎপীড়নৰ নীতি সফল নহ’ব ।" ৰাজনাথ সিঙে কয় ।

তেওঁ লগতে কয়, "ভাৰতৰ মাটিত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণ পাকিস্তানৰ বাবে বিপৰ্যয়জনক হিচাপে প্ৰমাণিত হ’ব । সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিকোনো ধৰণৰ ব্যৱস্থা ল’বলৈ ভাৰত সাজু ।"

লগতে পঢ়ক :দেশজুৰি ১ লক্ষ স্থানত ঐতিহাসিক গণ যোগাসনৰ নেতৃত্ব প্ৰদান প্ৰধানমন্ত্ৰীৰ - IDY 2025
লগতে পঢ়ক :এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ: বিশাখাপট্টনমৰ কেন্দ্ৰীয় অনুষ্ঠানৰ নেতৃত্বত প্ৰধানমন্ত্ৰী - IDY 2025