আডৱানীয়ে যিটো কাম কৰিব পৰা নাছিল সেই কাম কৰি দেখুৱালে অমিত শ্বাহে... পিছে কি সেই কামটো !
কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে কৃতিত্ব অৰ্জন কৰিলে অমিত শ্বাহে । ২২৫৮ দিন এই পদত কাৰ্যনিৰ্বাহ ।

Published : August 5, 2025 at 4:24 PM IST
নতুন দিল্লী: ভাৰতৰ সৰ্বাধিক সময়ৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্ব নিৰ্বাহ কৰাৰ অভিলেখ লিপিবদ্ধ হৈছে অমিত শ্বাহৰ নামত । ২০১৯ চনৰ ৩০ মে’ত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ২২৫৮ দিন এই পদত কাৰ্যনিৰ্বাহ কৰা অমিত শ্বাহে মঙলবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আডৱানীৰ পূৰ্বৰ অভিলেখ ভংগ কৰে ।
শ্বাহৰ কাৰ্যকালে কংগ্ৰেছৰ প্ৰবীণ নেতা গোবিন্দ বল্লভ পন্তৰ কাৰ্যকালকো অতিক্ৰম কৰিলে । ইয়াৰ ফলত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ) চৰকাৰৰ মূল স্তম্ভ হিচাপে শ্বাহৰ স্থিতি অধিক শক্তিশালী হৈছে ।
উল্লেখ্য় যে ২০১৯ চনত সংসদত আজিৰ দিনটোতেই ৩৭০ অনুচ্ছেদ বাতিলৰ কথা ঘোষণা কৰা হৈছিল । এই দিনটোতে অৰ্থাৎ ৫ আগষ্টত শ্বাহে, এই কৃতিত্ব অৰ্জন কৰিলে । প্ৰণিধানযোগ্য় যে এই ঘোষণাৰ ফলত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল হৈছিল । অমিত শ্বাহৰ পূৰ্বে গৃহমন্ত্ৰী হিচাপে আটাইতকৈ দীৰ্ঘদিনীয়া কাৰ্যকাল থকা নেতাসকলৰ ভিতৰত কংগ্ৰেছ নেতা গোবিন্দ বল্লভ পন্ত আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা লালকৃষ্ণ আডৱানী অন্যতম ।
ইয়াৰ পূৰ্বে লালকৃষ্ণ আডৱানীয়ে ২২৫৬ দিন (১৯৯৮ চনৰ ১৯ মাৰ্চৰ পৰা ২০০৪ চনৰ ২২ মে’লৈ) এই পদত অধিষ্ঠিত হৈছিল । একে সময়তে ২০১৯ চনৰ ৩০ মে’ৰ পৰা অমিত শ্বাহে গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহাৰ লগতে ২০২৫ চনৰ ৪ আগষ্টলৈকে ২২৫৮ দিন সম্পূৰ্ণ কৰিছে ।
১৯৫৫ চনৰ ১০ জানুৱাৰীৰ পৰা ১৯৬১ চনৰ ৭ মাৰ্চলৈ মুঠ ৬ বছৰ ৫৬ দিন দেশৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল গোবিন্দ বল্লভ পন্তে । অমিত শ্বাহে ২০১৯ চনৰ ৩০ মে'ত দেশৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০২৪ চনৰ ৯ জুনলৈকে এই পদত অধিষ্ঠিত হয় । গৃহ মন্ত্ৰালয়ৰ উপৰি তেওঁ দেশৰ প্ৰথমগৰাকী সমবায় মন্ত্ৰীও ।
তদুপৰি অমিত শ্বাহে গুজৰাটৰ গৃহমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত অধিষ্ঠিত হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে অমিত শ্বাহৰ কাৰ্যকালত ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দৃশ্যপটৰ বহুতো বিকাশ হৈছে ।
৩৭০ নং অনুচ্ছেদৰ ঐতিহাসিক বিলুপ্তি আৰু জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰাটো শ্বাহৰ অন্যতম উল্লেখযোগ্য় সিদ্ধান্ত । তেতিয়াৰ পৰাই অঞ্চলটোত আইন-শৃংখলাৰ লক্ষণীয়ভাৱে উন্নতি হোৱাৰ লগতে শিলগুটি নিক্ষেপ কৰাৰ ঘটনাৰ প্ৰায় অন্ত পৰিছে । সমগ্ৰ দেশতে বাওঁপন্থী উগ্ৰবাদ, নক্সালবাদ আৰু মাওবাদী কাৰ্যকলাপৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ব্যাপকভাৱে হ্ৰাস পাইছে ।
ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণৰ শান্তিপূৰ্ণ অগ্ৰগতি, নতুন অপৰাধমূলক ন্যায় আইন ৰূপায়ণ, নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ সফল প্ৰণয়ন আৰু কাৰ্যকৰীকৰণে এই সময়ছোৱাক আৰু অধিক উজলাই তুলিছে । উত্তৰ-পূবৰ কেইবাখনো শান্তি চুক্তি সম্পাদনেৰে কেইবাখনো দীৰ্ঘদিনীয়া বিদ্ৰোহৰ সমাধান কৰাৰ ক্ষেত্ৰতো শ্বাহে বিশেষ ভূমিকা গ্ৰহণ কৰিছে ।

