ট্ৰাম্পৰ শুল্ক ভাবুকিৰ মাজতে মস্কোত উপস্থিত নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
ডোভালৰ ৰাছিয়া ভ্ৰমণে অধিক চৰ্চা লাভ কৰিছে ৷ কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে ভাৰতক ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় নকৰিবলৈ নিৰ্দেশ দিছে ৷

Published : August 6, 2025 at 10:20 PM IST
নতুন দিল্লী: ৰাছিয়াৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত চলি আছে উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ তাৰ মাজতে ৰাছিয়াৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব আৰু প্ৰতিৰক্ষা সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ মঙলবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল মস্কোত উপস্থিত হয় ৷ ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে প্ৰকাশ কৰিছে এই কথা ।
আনহাতে, মস্কোত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু ৰাছিয়াৰ উপ-ৰক্ষা মন্ত্ৰী কৰ্ণেল জেনেৰেল আলেকজেণ্ডাৰ ফমিনৰ মাজত হোৱা বৈঠকত ভাৰত আৰু ৰাছিয়ায়ো দ্বি-পাক্ষিক প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে ।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি ভাৰতৰ ৰাষ্ট্ৰদূতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা সহযোগিতাৰ দায়িত্বত থকা কৰ্ণেল জেনেৰেল ফমিনক সাক্ষাৎ কৰে আৰু এই বৈঠক “ৰাছিয়া-ভাৰতৰ সম্পৰ্কৰ বাবে পৰম্পৰাগতভাৱে আড়ম্বৰপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশ” ত অনুষ্ঠিত হয় ।
বিবৃতিটোত এনেদৰে কোৱা হৈছে, ‘‘বৈঠকৰ সময়ত দুয়োপক্ষই দ্বি-পাক্ষিক আলোচনাৰ প্ৰাসংগিক বিষয়সমূহ বিশেষকৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিতংভাৱে আলোচনা কৰে আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ মনোভাৱেৰে প্ৰাসংগিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্য পুনৰ দৃঢ় কৰে ।’’
ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ ভাবুকি দিয়াৰ সময়তে এই বৈঠক অনুষ্ঠিত হয় । ডোভালৰ এই ভ্ৰমণ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে কাৰণ ট্ৰাম্পে ৰাছিয়াৰ পৰা ভাৰতৰ তেল আমদানি কৰাক লৈ সমালোচনা কৰিছে ।
সোমবাৰে সামাজিক মাধ্যম ট্ৰুথত ট্ৰাম্পে এনেদৰে কয়, ‘‘ভাৰতে বিপুল পৰিমাণৰ কেৱল ৰাছিয়াৰ তেল ক্ৰয় কৰাই নহয়, বিপুল লাভত ক্ৰয় কৰা তেলৰ এক বৃহৎ অংশ মুকলি বজাৰতো বিক্ৰী কৰি আছে । ৰাছিয়াই যুদ্ধত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰই ইউক্ৰেইনৰ কিমান মানুহক হত্যা কৰিছে তাক লৈ তেওঁলোকে চিন্তা নকৰে ।”
ভাৰতে এই অভিযোগ নস্যাৎ কৰি কয় যে বিশ্ব শক্তি বজাৰৰ স্থিতিশীলতা শক্তিশালী কৰিবলৈ ইউক্ৰেইন সংঘাতৰ আৰম্ভণিতে ৰাছিয়াৰ তেল আমদানি কৰিবলৈ আমেৰিকাই ভাৰতক উৎসাহিত কৰিছিল ।
সোমবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক বিবৃতিত এনেদৰে কয়, ‘‘যিকোনো বৃহৎ অৰ্থনীতিৰ দৰে ভাৰতেও নিজৰ জাতীয় স্বাৰ্থ আৰু অৰ্থনৈতিক নিৰাপত্তা ৰক্ষাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ৷ ভাৰতক লক্ষ্য কৰি লোৱাটো অনুচিত আৰু অযুক্তিকৰ ৷’’
ইয়াৰ পূৰ্বে ট্ৰাম্পে ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্ক ৰক্ষা কৰা দেশসমূহৰ ওপৰত ১০০% শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল যদিহে মস্কোৱে ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিত সন্মতি নিদিয়ে । ভাৰতে ৰাছিয়াৰ তেল ক্ৰয়ৰ সন্দৰ্ভত মঙলবাৰে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয়, ‘‘আমি বহু বক্তব্য শুনিছো যিবোৰ আচলতে ভাবুকি, যিয়ে দেশসমূহক ৰাছিয়াৰ সৈতে ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত বাধ্য কৰিবলৈ চেষ্টা কৰিছে ।’’
পেস্কোভে লগতে কয়, ‘‘আমি এই মন্তব্যসমূহক বৈধ বুলি নাভাবো । আমি বিশ্বাস কৰোঁ যে সাৰ্বভৌম দেশসমূহে অৰ্থনৈতিক সহযোগিতাৰ বাবে নিজৰ বাণিজ্যিক অংশীদাৰ বাছনি কৰাৰ অধিকাৰ থাকিব লাগে, কোনো বিশেষ দেশৰ স্বাৰ্থত সহযোগিতা বাছি লোৱাৰ অধিকাৰ থাকিব লাগে ।’’
উল্লেখ্য যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও চলিত মাহৰ শেষৰফালে ৰাছিয়া ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ।

