ভাৰতৰ আকাশেৰে পাখি মেলি উৰি যাব নোৱাৰিব পাকিস্তানী বিমান
এইবাৰ বন্ধ কৰি দিয়া হৈছে আকাশমাৰ্গ ৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰত সম্প্ৰতি আছে এক্সন মুডত ৷

Published : May 1, 2025 at 12:05 PM IST
নতুন দিল্লী: পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চিৰবৈৰী দেশ পাকিস্তানৰ বিৰুদ্ধে কেতবোৰ প্ৰতিশোধমূলক পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে ৷ সিন্ধু জল চুক্তি বাতিল, আট্টাৰী-ৱাঘা সীমান্ত বন্ধ, পাকিস্তানী নাগৰিকৰ ভিছা বাতিলকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে ৷
এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাতিলৰ পিছতে নিজৰ আকাশমাৰ্গ ব্য়ৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে ভাৰতে ৷ শেহতীয়াকৈ পাকিস্তান বিমান সংস্থাৰ দ্বাৰা পৰিচালিত বিমান সেৱাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে ভাৰতে ।
পাকিস্তানত পঞ্জীয়নভুক্ত বিমানসমূহৰ লগতে দেশখনৰ বিমান সংস্থা আৰু পাকিস্তানৰ দ্বাৰা পৰিচালিত, মালিকানাধীন বা লিজত লোৱা বিমানসমূহৰ বাবেও ভাৰতীয় আকাশমাৰ্গ এতিয়াৰে পৰা উপলব্ধ নহ’ব । পাকিস্তানৰ সামৰিক বিমানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব বুলি ভাৰতৰ এজন শীৰ্ষ চৰকাৰী বিষয়াই জানিবলৈ দিয়ে ।
এই সন্দৰ্ভত বুধবাৰে সন্ধিয়া ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে (এ এ আই) এখন জাননী জাৰি কৰিছিল ৷ 23 মে'লৈকে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা । বিষয়াজনৰ মতে, বৃহস্পতিবাৰে মাজনিশা ১২ বজাৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হ'ব ।
সাধাৰণতে নোটাম(NOTAM) হৈছে বিমান পৰিচালনাৰ সৈতে জড়িত লোকসকলৰ বাবে প্ৰয়োজনীয় তথ্য থকা জাননী । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ অন্যতম হৈছে চৰকাৰৰ এই শেহতীয়া পদক্ষেপ ৷
উল্লেখ্য যে, পাকিস্তানে এসপ্তাহ পূৰ্বে ভাৰতীয় বিমানৰ বাবে বন্ধ কৰি দিছিল নিজৰ আকাশমাৰ্গ ৷ যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত বাধাৰ সৃষ্টি হৈছিল ৷
অৱশ্যে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো পোনপটীয়া বিমান সেৱাৰ ব্যৱস্থা নাই । পাকিস্তান এয়াৰলাইন্সে ছিংগাপুৰ, মালয়েছিয়া আৰু পূব এছিয়াৰ অন্যান্য দেশলৈ বিমান সেৱাৰ বাবে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰে । এজন শীৰ্ষ বিমান পৰিবহণ নিয়ন্ত্ৰকে (এ টি চি) কয় "পাকিস্তান এয়াৰলাইনছৰ এনে বহু বিমান নাই, যিয়ে ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰে ।"
পহলগাম আক্ৰমণৰ এদিন পিছত অৰ্থাৎ ২৩ এপ্ৰিলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহুকেইটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে আৰু তৃতীয় দেশৰ জৰিয়তে ভাৰতৰ সৈতে সকলো বাণিজ্য বন্ধ কৰি দিয়ে ।
ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰা কাৰ্যক নাকচ কৰি পাকিস্তানে কয় যে পানীৰ সোঁত বন্ধ কৰাৰ যিকোনো পদক্ষেপক “যুদ্ধৰ কাৰ্য” হিচাপে গণ্য কৰা হ’ব ।
লগতে পঢ়ক: ভাৰতৰ বাবে বন্ধ হ'ল পাকিস্তানৰ আকাশমাৰ্গ; আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত বাধা - INDIGO

