আহমেদাবাদ: গুজৰাট আৰক্ষীয়ে ৰাজ্যখনত অবৈধভাৱে বসবাস কৰা লোকসকলক বিতাড়নৰ লক্ষ্যৰে ব্যাপক কাৰ্যসূচী আৰম্ভ কৰিছে । মহিলা আৰু শিশুসহ ১,০২৪ জন বাংলাদেশী প্ৰব্ৰজনকাৰীক আটক কৰিছে আৰক্ষীয়ে ।
কেন্দ্ৰীয় চৰকাৰে প্ৰায়ে নথি-পত্ৰবিহীন বাংলাদেশী নাগৰিকক "অনুপ্ৰৱেশকাৰী" বুলি অভিহিত কৰি তেওঁলোকক দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ কৰে । শনিবাৰে গুজৰাট চৰকাৰে এক বিবৃতিত কয় যে আৰক্ষী বাহিনীয়ে সামূহিকভাৱে নিশাটোৰ ভিতৰতে ১,০২৪ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে ।
আহমেদাবাদত কমেও ৮৯০ জন বাংলাদেশী আৰু চুৰাটত ১৩৪ জন বাংলাদেশীক আটক কৰি ৰখা হৈছে । ৰাজ্যখনৰ গৃহমন্ত্ৰী হৰ্ষ সংঘবীয়ে এই সফলতাক গুজৰাট আৰক্ষীৰ সৰ্ববৃহৎ অভিযান বুলি অভিহিত কৰিছে । সংঘবীয়ে গুজৰাটত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নিজা ইচ্ছামতে আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিবলৈ সকীয়াই দিয়ে, নহ’লে তেওঁলোকক গ্ৰেপ্তাৰ কৰি বিতাড়িত কৰা হ’ব বুলিও হুমকি দিয়ে ।
মন্ত্ৰীগৰাকীয়ে অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় প্ৰদান কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে । সংঘবীয়ে কয় যে, আটকাধীন লোকসকলে গুজৰাটলৈ অহাৰ পূৰ্বে ভাৰতৰ বিভিন্ন প্ৰান্তত থাকিবলৈ পশ্চিমবংগৰ পৰা লাভ কৰা ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰিছিল ।
মন্ত্ৰীগৰাকীয়ে কয়, "এই লোকসকলৰ বহুতেই ড্ৰাগছ সৰবৰাহ, মানৱ সৰবৰাহৰ সৈতে জড়িত । আমি দেখাৰ দৰে শেহতীয়াকৈ আটক হোৱা চাৰিজন বাংলাদেশীৰ ভিতৰত দুজনে আল-কায়দাৰ শ্লীপাৰ চেলত কাম কৰিছিল । এই বাংলাদেশীসকলৰ পটভূমি আৰু গুজৰাটত তেওঁলোকৰ কাৰ্যকলাপৰ বিৰুদ্ধে তদন্ত চলোৱা হ'ব ।"
“তেওঁলোকক বিতাড়নৰ সকলো পদ্ধতি অতি সোনকালে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আটকাধীন বাংলাদেশী নাগৰিকসকল দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুজৰাটত উপস্থিত হ’বলৈ ব্যৱহাৰ কৰা ভুৱা নথি-পত্ৰৰ তদন্তও কৰিম আৰু ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰাসকলৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব"- তেওঁ লগতে কয় ।
পশ্চিমবংগৰ এটা নেটৱৰ্কে ভুৱা পৰিচয় পত্ৰ প্ৰস্তুত কৰাৰ অভিযোগত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । আইনী পদ্ধতি অনুসৰণ কৰি আটকাধীন লোকসকলক বাংলাদেশলৈ বিতাড়িত কৰা হ’ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে । আটকাধীন বাংলাদেশী নাগৰিকসকলে ৰাজ্যত কেনেকৈ ভুৱা নথি-পত্ৰ লাভ কৰিলে, তাৰ প্ৰমাণ পশ্চিমবংগক প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।
সংঘবীয়ে কয় যে সমগ্ৰ গুজৰাটত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে । তদুপৰি নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি পাকিস্তানী নাগৰিকক গুজৰাট এৰি যাবলৈ স্পষ্ট নিৰ্দেশ দিয়া হৈছে ।
আৰক্ষী সঞ্চালকপ্ৰধান বিকাশ সাহায়ে কয়, “বন্দীসকলক সোধা-পোছা কৰা হৈছে আৰু তথ্যচিত্ৰ আৰু অন্যান্য প্ৰমাণৰ ভিত্তিত তেওঁলোকৰ জাতীয়তা নিৰ্ণয় কৰা হৈছে । আৰক্ষীয়ে তেওঁলোক বাংলাদেশী নাগৰিক বুলি প্ৰমাণ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) ৰ সহায়ত তেওঁলোকক বিতাড়নৰ প্ৰক্ৰিয়া অতি সোনকালে সম্পন্ন কৰা হ’ব ।"
সাহায়ে কয় যে, শনিবাৰে পুৱা প্ৰায় ৩ বজাত আহমেদাবাদ আৰু চুৰাটত একেলগে এই অভিযান চলোৱা হয় । প্ৰাথমিক তদন্তত ধৰা পৰিছে যে আটকাধীন লোকসকল নিচাযুক্ত দ্ৰব্য, মানৱ সৰবৰাহ আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত আছিল ।
সীমান্তৱৰ্তী অঞ্চলৰ নিৰাপত্তাৰ সুৰুঙা লৈ বছৰ বছৰ ধৰি লক্ষাধিক বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰি আহিছে । যোৱা আগষ্ট মাহত ঢাকাত হোৱা বিপ্লৱৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে । ভাৰতলৈ পলায়ন কৰা হাছিনাই বাংলাদেশৰ প্ৰত্যাৰ্পণৰ অনুৰোধ অৱজ্ঞা কৰি গণহত্যাকে ধৰি বহু অভিযোগৰ সন্মুখীন হৈছে ।
লগতে পঢ়ক: কঠোৰ নিৰাপত্তাবাহিনী; অনন্তনাগত ১৭৫ জন সন্দেহযুক্ত লোকক আটক