পত্নীৰ অবৈধ প্ৰেমত বাধা দি নিজৰ জীৱনলৈ বিপদ মতাতকৈ প্ৰেমিকৰ সৈতে বিয়াকেই কৰাই দিলে স্বামীয়ে
১৩ বছৰীয়া সুখৰ সংসাৰ । মাজতে প্ৰেমিকৰ প্ৰৱেশ । ৩ দিন পূৰ্বে আহিল এক নতুন খবৰ ।

Published : June 14, 2025 at 2:47 PM IST
আমেঠি: ইন্দোৰৰ সোনম আৰু মীৰাটৰ মুস্কানৰ কাহিনীয়ে সকলোকে পেলাইছে গভীৰ চিন্তাত । তেনে সময়তে উত্তৰ প্ৰদেশৰ আমেঠিত এই দুই ঘটনাৰ বিপৰীত এক কাহিনী । আমেঠিৰ এজন লোকে তেওঁৰ পত্নীক বিয়া দিলে পত্নীৰ প্ৰেমিকলৈ । এতিয়া কি ক'ব ? এয়া প্ৰেমৰ বাবে ত্যাগ নে সোনম-মুস্কানৰ ঘটনাৰ ভয় ?
ঠিকেই, অবৈধ প্ৰেমত বাধা দি ইহসংসাৰ ত্যাগ কৰাতকৈ সেই প্ৰেমক স্বীকৃতি দি ভালে-কুশলে থকাই ভাল । হয়তো তেনে এক চিন্তা কৰিয়েই ১৩ বছৰ পূৰ্বে সামাজিক ৰীতি-নীতিৰে বিবাহ কৰাই অনা পত্নীক বিয়া দিলে পত্নীতকৈ ১০ বছৰ সৰু প্ৰেমিকৰ সৈতে ।
১০ বছৰ সৰু প্ৰেমিকৰ সৈতে আইনীভাৱে বিয়া দিয়াৰ পিছতে মহিলাগৰাকীয়ে আনন্দ মনেৰে বিদায় ল'লে স্বামীৰ পৰা । জানিব পৰা গৈছে যে দুয়োৰে মাজত কেইবাবছৰ ধৰি লুকাই-চুৰকৈ চলি আছিল মিলা-প্ৰীতিৰ খেল ।

১৩ বছৰ পূৰ্বে মোহনগঞ্জ থানাৰ কূটমাৰা গাঁৱৰ সীমাৰ সৈতে আমেঠিৰ দক্ষিণৱাৰা নিৱাসী সতইৰ সামাজিক ৰীতি-নীতিৰে বিবাহ সম্পন্ন হৈছিল । ১৩ টা বছৰে দুয়ো পতি-পত্নী হিচাপে জীৱন নিৰ্বাহ কৰিছিল । কিন্তু তিনিদিন পূৰ্বে তেওঁলোকৰ সম্পৰ্কই ল'লে নতুন মোৰ । পতি-পত্নীৰ মাজত প্ৰৱেশ কৰিলে তৃতীয় পক্ষই ।

সীমাৰ প্ৰেমিক হঠাতে সীমাক লগ কৰিবলৈ আহি ওলালহি তেওঁলোকৰ ঘৰত । সীমাৰ স্বামী সতয়ে পত্নীক আন ব্যক্তিৰ সৈতে দেখি আচৰিত হয় । অৱশেষত বহু ভাবি-চিন্তি প্ৰেমিকৰ সৈতে তেওঁৰ পত্নীক বিয়া কৰাই দিয়ে ।
এতিয়া শুনক সীমাৰ প্ৰেম কাহিনী । চাৰি-পাঁচ বছৰ পূৰ্বে সীমাৰ সাক্ষাৎ হৈছিল চুবুৰীয়া শিৱানন্দৰ সৈতে । প্ৰথম দেখাতে সীমা আৰু শিৱানন্দ দুয়ো দুয়োৰে প্ৰেমত পৰিল । লাহে লাহে প্ৰেম গভীৰ হৈ মনে মনে ইটোৱে সিটোক লগ দিয়া হ'ল আৰু এই প্ৰক্ৰিয়া বাঢ়ি বাঢ়ি গৈ থাকিল । কিন্তু শিৱানন্দই সীমাৰ ঘৰলৈ আহি লগ কৰোতেই ধৰা পৰিল ।

সতইৰ বয়স ৩৫ আৰু সীমাৰ ৩২ । ইফালে সীমাৰ প্ৰেমিক শিৱানন্দৰ বয়স ২৫ বছৰ । সীমা আৰু সতই দুয়ো ১৩ বছৰে বৈবাহিক জীৱন কটাই আহিছে যদিও তেওঁলোকৰ কোনো সন্তান হোৱা নাছিল । কেইবাবাৰো সীমাক বুজাইছিল যদিও কোনো প্ৰভাৱ পৰা নাছিল বুলি উল্লেখ কৰি সতয়ে কয়, "অৱশেষত মই শহুৰক ঘৰলৈ মাতিলো আৰু তেওঁৰ প্ৰেমিক শিৱানন্দৰ সৈতে আইনীভাৱে লিখা-পঢ়া কৰি দিলো । মোৰ সীমালৈ ভয় লাগিবলৈ ধৰিছিল, সেয়েহে সীমাক তেওঁৰ প্ৰেমিকৰ সৈতে বিয়া দি দিলো ।"

অধিবক্তা ৰাম কৃষ্ণ ভাৰতীয়ে কয়- "শিৱানন্দ নামৰ যুৱকজনৰ সৈতে সতইৰ পত্নীৰ অবৈধ সম্পৰ্ক আছিল । যেতিয়া সীমাৰ স্বামীয়ে এই বিষয়ে গম পাল, তেতিয়া সীমাৰ মাকৰ ঘৰৰ মানুহক মাতি তেওঁৰ বিয়া প্ৰেমিকৰ সৈতে কৰাই দিয়ে ।"

