ফোঁচফোঁচাই থকা ফেঁটী সাপৰ ওপৰত বহিয়েই ৩০০ কিলোমিটাৰ যাত্ৰা
শব্দ শুনি চালকজনে প্ৰথমতে ভাবিলে টায়াৰ ফুটা বুলি । পিছত দেখে যে তেওঁৰ ওচৰতেই আছে জীয়া যম ।

Published : September 22, 2025 at 3:16 PM IST
আম্বালা: চালকৰ আসনৰ তলতেই আছে জীয়া যম ! এজন চালকে ৩০০ কিলোমিটাৰ দূৰত্ব ট্ৰাক চলাই গৈছে এই জীয়া যমৰ ওপৰত বহি । অথচ চালকজনে গমেই পোৱা নাছিল যে তেওঁৰ সমীপতেই আছে এডাল বিষাক্ত ফেঁটী সাপ ।
এই ঘটনাটো সংঘটিত হৈছে হাৰিয়ানাৰ আম্বালাত । এজন ট্ৰাক চালকে ৩০০ কিলোমিটাৰ দূৰত্ব ট্ৰাক চলোৱাটো কোনো জটিল কাম নহয় ; কিন্তু তেওঁৰ আসনৰ তলত যদি এডাল ফেঁটী সাপ থাকে আৰু তেওঁ গমেই নাপায়, তেতিয়া দেখা পোৱাৰ পিছত বাৰু কেনে অৱস্থা হ'ব ? আপুনি এনে এখন ছবি কল্পনা কৰকচোন । এই চাঞ্চল্যকৰ ঘটনাটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বৰ হাৰিয়ানাৰ আম্বালালৈ গৈ থকা অৱস্থাত সংঘটিত হৈছে । চালকৰ আসন তলত প্ৰায় সাত ফুট দীঘল এডাল ফেঁটী সাপ উদ্ধাৰ কৰে এজন ট্ৰাক চালকে ।
শব্দ শুনি চালকজনে প্ৰথমতে ভাবিছিল টায়াৰ ফুটা বুলি । তেওঁ চকাটো চাই দেখে যে তাত কোনো ফুটা হোৱা নাই । অৱশ্যে এঠাইত চাহ খাই ট্ৰাকখনলৈ উভতি আহোঁতে চালকৰ আসনৰ ঠিক মাজতে ফেঁটী সাপডাল দেখা পায় । আতংকিত নোহোৱাকৈ তেওঁ ফৰিদাবাদৰ ট্ৰাক মালিকক ফোন কৰি ৰাজ্যৰ বন্যপ্ৰাণী বিভাগক খবৰ দিয়ে । বন্যপ্ৰাণী বিভাগৰ কৰ্মী ভাৰত কুমাৰে জানিবলৈ দিয়া মতে, এই তথ্য লাভ কৰাৰ কিছু সময়ৰ পিছতে তেওঁলোক নিশাই আম্বালালৈ ৰাওনা হয় ।
ভাৰত কুমাৰে লগতে কয়, "উদ্ধাৰকাৰী দলটোৱে সাপডাল ধৰিবলৈ প্ৰায় ১.৫ ঘণ্টা সময় লৈছিল । চালকৰ আসনৰ তলত থকা সাপডাল নিৰাপদে উদ্ধাৰ কৰি লৈ যোৱা হয় । সেই সময়ত ট্ৰাক চালকজনক ভয় খোৱা যেন লাগিছিল যদিও তেওঁ দলটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল ।"
ইপিনে, বন্যপ্ৰাণী পৰিদৰ্শক ৰাকেশ কুমাৰে কয়, "শনিবাৰে নিশা ৯ বজাত এই তথ্য লাভ কৰাৰ লগে লগে দলটো আম্বালালৈ ৰাওনা হয় । উদ্ধাৰৰ পিছত সাপডালক নিৰাপদে হাবিত এৰি দিয়া হয় । প্ৰায়ে বৰষুণ দিয়াৰ পিছত সাপে আশ্ৰয়ৰ বাবে বাহনত প্ৰৱেশ কৰে ।" বন বিভাগৰ বন্যপ্ৰাণী দলটোক ধন্যবাদ জনাই চালকজনে কয় যে তেওঁলোকৰ এই প্ৰচেষ্টাই তেওঁৰ জীৱন ৰক্ষা কৰিলে ।

