ETV Bharat / bharat

জ্ঞানবাপী মন্দিৰৰ ব্যাসজীৰ বেছমেন্টত পূজা কৰাৰ অনুমতি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Gyanvapi Case: জ্ঞানবাপী মছজিদৰ ভূগর্ভস্থ অংশত পূজা কৰিবলৈ অনুমতি দিয়াৰ বিষয়টোক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে । এই গোচৰত মুছলমান পক্ষই দুটাকৈ আবেদন দাখিল কৰিছিল । উচ্চ ন্যায়ালয়ে মুছলমান পক্ষৰ দুয়োখন আৱেদন নাকচ কৰি ‘ব্যাসজী’ৰ বেছমেণ্টত পূজা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে ।

Gyanvapi mosque complex
Worship in Vyas Ji Basement
author img

By ETV Bharat Assamese Team

Published : February 26, 2024 at 11:59 AM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 26 ফেব্ৰুৱাৰী: জ্ঞানবাপী কমপ্লেক্সৰ ‘ব্যাসজী’ৰ ভূগর্ভস্থ অংশত পূজাৰ অধিকাৰৰ বিৰোধিতা কৰিছিল মুছলমান পক্ষই । এই সন্দৰ্ভত মুছলমান পক্ষই বাৰাণসী জিলা ন্যায়াধীশৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দুখন আবেদন দাখিল কৰিছিল । আজি অৰ্থাৎ সোমবাৰে বিষয়টো শুনানি গ্ৰহণ কৰি থকাৰ সময়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে এটা ডাঙৰ সিদ্ধান্ত লৈছে ।

মুছলমান পক্ষৰ দুয়োখন আৱেদন নাকচ কৰাৰ বিপৰীতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ‘ব্যাসজী’ৰ বেছমেণ্টত পূজা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে । আবেদন নাকচ কৰাৰ পিছত এতিয়া মুছলমান পক্ষই উচ্চতম ন্যায়ালয়লৈ যাব পাৰিব । আপোনালোকক কওঁ যে বাৰাণসী জিলা ন্যায়াধীশে ‘ব্যাসজী’ৰ বেছমেণ্টত পূজা কৰিবলৈ হিন্দু পক্ষক অনুমতি দিছিল । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি উচ্চ ন্যায়ালয়লৈ গৈছিল মুছলমান পক্ষ ।

বাৰাণসী জিলা ন্যায়াধীশৰ নিৰ্দেশ দিয়া পূজা অব্যাহত থাকিব বুলি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত উল্লেখ কৰিছে । জ্ঞানবাপী গোচৰত হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে কয়, ‘‘এলাহাবাদ উচ্চ ন্যায়ালয়ে অঞ্জুমান এৰেঞ্জমেণ্টছৰ দুয়োখন আবেদন নাকচ কৰিছে । অৰ্থাৎ যি পূজা চলি আছিল, একে ধৰণেৰে চলি থাকিব । যদি তেওঁলোক উচ্চতম ন্যায়ালয়লৈ যায় তেন্তে আমিও তাত আমাৰ মতামত দাঙি ধৰিম ।’’

উল্লেখ্য যে জ্ঞানবাপী মছজিদ পৰিচালনা কৰা সংস্থা অঞ্জুমান ইণ্টেজামিয়া মছজিদ কমিটীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাৰ বিচাৰপীঠে । ইয়াৰ পিছত তেওঁ নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল ।

ব্যাসজীৰ বেছমেণ্টত কেতিয়া পূজা নিষিদ্ধ হৈছিল : ১৯৯৩ চনৰ ডিচেম্বৰৰ পৰা জ্ঞানবাপী চৌহদত বেৰিকেডযুক্ত অঞ্চলত প্ৰৱেশ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল । তেতিয়াৰ পৰা ব্যাসজীৰ বেছমেণ্টত পূজা হোৱা নাছিল । ৰাগ-ভোগকে ধৰি অন্যান্য অনুষ্ঠানবোৰো বন্ধ হৈ গৈছিল । হিন্দু পক্ষইও আদালতত দাবী কৰিছিল যে ইংৰাজৰ শাসনৰ সময়তো ইয়াত পূজা অনুষ্ঠিত হৈছিল । বেছমেণ্টত হিন্দু পূজাৰ লগত জড়িত সামগ্ৰী আৰু বহুতো প্ৰাচীন ভাস্কৰ্য আৰু ধৰ্মীয় গুৰুত্ব থকা অন্যান্য সামগ্ৰী আছে ।

ব্যাসজীৰ বেছমেণ্ট কি : উল্লেখ্য যে জ্ঞানবাপী মছজিদ কমপ্লেক্সত চাৰিটা বেছমেণ্ট আছে, ইয়াৰে এটা বেছমেণ্ট বৰ্তমান ইয়াত বাস কৰা ব্যাস পৰিয়ালৰ দখলত আছে । তাক ‘‘ব্যাসজীৰ বেছমেণ্ট’’ কোৱা হয় । জ্ঞানবাপী মছজিদ কমপ্লেক্সৰ দক্ষিণ দিশত অৱস্থিত ব্যাসজীৰ বেছমেণ্ট । ১৯৯৩ চনলৈকে পুৰোহিত সোমনাথ ব্যাসে তাত পূজা কৰিছিল । তাৰ পিছত তেতিয়াৰ চৰকাৰৰ নিৰ্দেশত বিষয়াসকলে বেছমেণ্টটো বন্ধ কৰি দিলে । তেতিয়াৰ পৰা তাত পূজা হোৱা নাই ।

লগতে পঢ়ক: ভাৰতীয় ৰাষ্ট্ৰীয় লোক দলৰ নেতাক চলন্ত গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা