চৰকাৰী ভৱনৰ বাবে 'কালাৰ কোড'ৰ নিৰ্দেশনা ওড়িশা চৰকাৰৰ
Colour code in Odisha : শিক্ষানুষ্ঠানৰ পিছত এইবাৰ চৰকাৰী ভৱনক ইউনিফৰ্ম পিন্ধাব ওড়িশা চৰকাৰে । চৰকাৰী ভৱনৰ বাবে কালাৰ কোড নিৰ্ধাৰণ ।

Published : October 7, 2024 at 10:50 PM IST
নিউজ ডেস্ক, ৭ অক্টোবৰ : ওড়িশা চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । এতিয়াৰে পৰা ৰাজ্যখনৰ সকলো চৰকাৰী ভৱন একে ৰঙেৰে উজলিব লাগিব । অৰ্থাৎ সকলো চৰকাৰী ভৱনৰ ৰং একে হ'ব লাগিব ।
ওড়িশা চৰকাৰৰ নিৰ্দেশনা, সকলো চৰকাৰী ভৱনৰ ৰং কমলা কৰিব লাগিব । বিদ্যালয়ৰ ইউনিফৰ্মৰ ৰং সলনি কৰাৰ পিছত এইবাৰ ওড়িশা চৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী ভৱনৰ বাবে একে ৰং বাধ্যতামূলক কৰিছে । নিৰ্দেশনা অনুসৰি, বাহিৰৰ দেৱালখন কমলা ৰঙৰ আৰু ইয়াৰ ব'ৰ্ডাৰ ৰঙা ৰঙৰ হ'ব লাগিব ।
উল্লেখ্য যে যোৱা ১ অক্টোবৰত ৰাজ্যখনৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ইউনিফৰ্মৰ ৰং আৰু ডিজাইন সলনি কৰাৰ পিছত ওড়িশাৰ মোহন চৰণ মাঝি নেতৃত্বাধীন বিজেপি চৰকাৰে সকলো চৰকাৰী ভৱনৰ বাবে ব'ৰ্ডাৰৰ ৰঙা ৰঙৰ সৈতে কমলা ৰঙৰ 'ইউনিফৰ্ম কালাৰ কোড'ত অনুমোদন জনাইছে ।
লোক নিৰ্মাণ বিভাগে এই সন্দৰ্ভত সোমবাৰে মুখ্য অভিযন্তা (অসামৰিক আৰু পথ), মুখ্য অভিযন্তা (ডি পি কিউ), মুখ্য অভিযন্তা তথা পৰিচালন সঞ্চালক, অ' বি এণ্ড চি চি লিমিটেড আৰু লোক নিৰ্মাণ বিভাগৰ অধীনস্থ সকলো মুখ্য অভিযন্তালৈ এখন পত্ৰ জাৰি কৰিছে ।
“… সকলো নতুন চৰকাৰী ভৱনৰ লগতে বৰ্তমানৰ সাময়িক মেৰামতি/নৱীকৰণৰ কামৰ সময়ত চৰকাৰী ভৱনসমূহৰ বাবে এতিয়াৰে পৰা ইউনিফৰ্ম কালাৰ কোড গ্ৰহণ কৰাৰ বাবে চৰকাৰৰ অনুমোদনৰ বিষয়ে মোক জনোৱাৰ নিৰ্দেশ দিয়া হৈছে ।" লোক নিৰ্মাণ বিভাগৰ ই আই চি তথা বিশেষ সচিবে জাৰি কৰা পত্ৰখনত উল্লেখ কৰা হৈছে ।
উল্লেখ্য যে চৰকাৰে অনুমোদন জনোৱা কালাৰ কোড অনুসৰি কমলা ৰং {আৰ জি বি মিশ্ৰণ (177, 85, 79)} বাহিৰৰ দেৱালৰ বাবে আৰু ৰঙা ব'ৰ্ডাৰ { আৰ জি বি মিশ্ৰণ (254,190,152)} হ'ব লাগিব ।

