ETV Bharat / bharat

সন্ত্ৰাসবাদক ধ্বংস কৰাত আমাৰ সহযোগ থাকিব: চৰকাৰলৈ বিৰোধীৰ পূৰ্ণ সমৰ্থন - ALL PARTY MEETING AT DELHI

নিৰাপত্তা ব্যৱস্থাত আসোঁৱাহ থকা কথা স্বীকাৰ কৰে চৰকাৰে । সন্ত্ৰাসবাদ ৰোধৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা প্ৰতিটো কাৰ্যক বিৰোধীয়ে সমৰ্থন কৰিব বুলি কয় বিৰোধীয়ে ।

All Party Meeting at Delhi
সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস কৰিবলৈ কেন্দ্ৰৰ প্ৰতিটো কাৰ্যক আমি সমৰ্থন কৰিম- ৰাহুল গান্ধীয়ে কয় (ANI)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 9:28 PM IST

Updated : April 24, 2025 at 10:40 PM IST

6 Min Read

নতুন দিল্লী : জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কূটনৈতিক পৰ্যায়ত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । সন্ত্ৰাসবাদ ৰোধ বা পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে যি সিদ্ধান্তই গ্ৰহণ নকৰক কিয় আমাৰ সম্পূৰ্ণ সমৰ্থন আছে বুলি সৰ্বদলীয় বৈঠক মন্তব্য কৰে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ।

জানিব পৰা মতে, আজি চৰকাৰে সংসদ ভৱনত আহ্বান কৰা সৰ্বদলীয় বৈঠক ইতিমধ্যে শেষ হৈছে । এই বৈঠকৰ অধ্যক্ষতা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । সভা আৰম্ভ হোৱাৰ পাছত দুই মিনিট মৌন প্ৰাৰ্থনা কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত নিৰীহ লোকসকলক সকলোৱে শ্ৰদ্ধাঞ্জলি জনায় ।

এই সৰ্বদলীয় বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, জে পি নাড্ডা, কিৰেণ ৰিজিজুকে ধৰি শাসকীয় দলৰ অন্যান্য মন্ত্ৰী আৰু জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে । সৰ্বদলীয় বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, প্ৰায় দুঘণ্টা ধৰি চলে এই সৰ্বদলীয় বৈঠকখন । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীয়ে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক সকলো পক্ষই গৰিহণা দিছে । চৰকাৰে যি ব্যৱস্থাই গ্ৰহণ নকৰক কিয় বিৰোধীয়ে চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি কয় ৰাহুল গান্ধীয়ে ।

ইফাীলে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে । তেওঁ কয় যে জম্মু-কাশ্মীৰত শান্তি বজাই ৰখাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত ।

  • চৰকাৰে স্বীকাৰ কৰিলে যে নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটি হৈছে !

সূত্ৰ অনুসৰি সৰ্বদলীয় বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে স্বীকাৰ কৰে যে নিৰাপত্তাৰ বিসংগতি আছে । ইফালে এই বৈঠকত অধিকাংশ ৰাজনৈতিক দলে চোৰাংচোৱা বিফলতা আৰু তাত উপযুক্ত নিৰাপত্তা বাহিনী নিয়োগ কৰাৰ বিষয়টো উত্থাপন কৰে ।

ৰাহুল গান্ধীয়ে এই ঘটনা সংঘটিত হোৱা ঠাইত নিৰাপত্তাৰক্ষী কিয় নাছিল বুলিও প্ৰশ্ন কৰে । তেতিয়া এই সন্দৰ্ভত চৰকাৰে কয় -

সাধাৰণতে এই পথটো জুন মাহত যেতিয়া অমৰনাথ যাত্ৰা আৰম্ভ হয় তেতিয়া এই পথটো মুকলি কৰা হয়, কাৰণ অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীসকলে এই স্থানতে জিৰণি লয় । কিন্তু এইবাৰ চৰকাৰক অৱগত নকৰাকৈ স্থানীয় ট্যুৰ অপাৰেটৰে তালৈ পৰ্যটকৰ বুকিং ল’বলৈ আৰম্ভ কৰিলে আৰু ২০ এপ্ৰিলৰ পৰা পৰ্যটকক লৈ যাবলৈ আৰম্ভ কৰিলে, যিটোৰ বিষয়ে স্থানীয় কৰ্তৃপক্ষই অৱগত নাছিল । এই কাৰণেই তাত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হোৱা নাছিল, কিয়নো এই স্থানত নিয়োগ প্ৰতি বছৰে অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ আগতে জুন মাহত ঘটে ।

সূত্ৰ অনুসৰি, AIMIMৰ সাংসদ আছাদুদ্দিন ওৱাইছিয়ে সিন্ধু জল সন্ধি সাময়িকভাৱে নিষ্ক্ৰিয় কৰাৰ বিষয়ত কয়, ''আমাৰ হাতত পানী জমা বা বন্ধ কৰাৰ কোনো ব্যৱস্থা নাই । এনে পৰিস্থিতিত সন্ধি স্থগিত ৰখাৰ কি লাভ ?''

এই সন্দৰ্ভত চৰকাৰে উত্তৰ দি কয়, ''চৰকাৰৰ উদ্দেশ্য প্ৰকাশৰ বাবে আৰু এটা বাৰ্তা দিবলৈ আৰু ভাৰত চৰকাৰৰ ভৱিষ্যতৰ স্থিতি কি হ’ব সেই কথা ক’বলৈ এই কাম কৰা হৈছে ।''

সূত্ৰই জনোৱা মতে, বৈঠকত চোৰাংচোৱা ব্যুৰোৰ (আই বি) সঞ্চালকে ১৫ মিনিটৰ উপস্থাপন কৰে ।

লগতে পঢ়ক : কঠোৰ স্থিতিত ভাৰত: পানীৰ পিছত এইবাৰ বন্ধ কৰি দিয়া হ'ল আটাৰী-ৱাঘা সীমান্ত

লগতে পঢ়ক : ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ: উত্তৰ প্ৰদেশত পাকিস্তানীৰ হাহাকাৰ

  • অমিত শ্বাহ আৰু জয়শংকৰে ৰাষ্ট্ৰপতি মুৰ্মুক অৱগত কৰে

সৰ্বদলীয় বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে অৱগত কৰে ।

  • পহলগাম আক্ৰমণৰ ক্ষেত্ৰত সকলো দল একত্ৰিত হ’ব লাগে : অধীৰ ৰঞ্জন

কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় বুলি অভিহিত কৰি কয় যে সকলো দলে একত্ৰিত হৈ সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন ।

মুৰ্ছিদাবাদত সংবাদ মাধ্যমৰ আগত ভাষণ দি চৌধুৰীয়ে কয়, "যেতিয়া দেশ সংকটৰ মাজেৰে পাৰ হয়, তেতিয়া সকলো বিৰোধী দলৰ সৈতে সাধাৰণ আলোচনা কৰি সিদ্ধান্তত উপনীত হোৱাটো প্ৰতিখন চৰকাৰৰ কৰ্তব্য । লগতে সকলো বিৰোধী দলৰ মতামত জনাটো প্ৰতিখন চৰকাৰৰ দায়িত্ব । এয়া কোনো এটা দলৰ নহয়, দেশৰ কথা । এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় । আমি সকলোৱে একত্ৰিত হৈ কংক্ৰিট লোৱাটো প্ৰয়োজন । সকলোৰে সন্মতি সাপেক্ষে পদক্ষেপ লয়, গতিকে আমাৰ দলে এই সৰ্বদলীয় বৈঠকখনক সমৰ্থন কৰে ।''

ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী-লেনিনবাদী) মুক্তিৰ সাধাৰণ সম্পাদক দিপাংকৰ ভট্টাচাৰ্যই পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৰ্বদলীয় বৈঠকক “নিৰ্বাচিত জনসংযোগ কচৰৎ” বুলি অভিহিত কৰি চৰকাৰক সমালোচনা কৰে যে সৰু সৰু দলসমূহক ইয়াৰ পৰা আঁতৰাই ৰাখিছে ।

এক বিবৃতিত ভট্টাচাৰ্যই কয় যে জম্মু-কাশ্মীৰত ক্ষমতাত থকা নেশ্যনেল কনফাৰেন্স আৰু চিপিআই (এমএল) লিবাৰেশ্যনৰ দৰে দলসমূহক বৈঠকৰ পৰা আঁতৰাই ৰখাটোৱে এই বিষয়ত চৰকাৰৰ গুৰুত্বহীনতা দেখুৱাইছে ।

ভট্টাচাৰ্যই কয় যে এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ আৰু নিৰাপত্তা বিফলতাৰ পৰিপ্ৰেক্ষিতত সামূহিক পৰামৰ্শৰ বাবে প্ৰকৃত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে চৰকাৰে কেৱল নিৰ্বাচিত জনসংযোগ অনুশীলনৰ প্ৰতিহে আগ্ৰহী ।

২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত বৈছাৰণলৈ অহা পৰ্যটকক সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল, য’ত ২৬ জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হৈছিল । ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত উপত্যকাত সংঘটিত এইটোৱেই আছিল আটাইতকৈ ভয়াৱহ আক্ৰমণ ।

  • পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে

এই আক্ৰমণৰ পিছতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কঠোৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে । বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত ভাৰতে ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লয় যেতিয়ালৈকে পাকিস্তানে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ সমৰ্থন বন্ধ নকৰে ।

ইয়াৰ উপৰিও আট্টাৰী চেক পোষ্টো তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়া হৈছে । পাকিস্তানী উচ্চায়ুক্তৰ সকলো বিষয়াক এসপ্তাহৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে সাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত পাকিস্তানী নাগৰিকক প্ৰদান কৰা সকলো ভিছা বাতিল কৰি ৪৮ ঘণ্টাৰ ভিতৰত সকলো পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে ।

জানিব পৰা মতে, কাইলৈ(শুকুৰবাৰ) ৰাহুল গান্ধী যাব জম্মু-কাশ্মীৰলৈ ।

লগতে পঢ়ক : পানী-সীমান্ত ইতিমধ্য়ে বন্ধ, বাতিল কৰা হ’ল পাকিস্তানী নাগৰিকৰ ভিছা

লগতে পঢ়ক : সময়সীমা ৪৮ ঘন্টা: বিপদত পৰিছে ধৰ্মীয় ভ্ৰমণত পাকিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দুসকল

Last Updated : April 24, 2025 at 10:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.