ETV Bharat / bharat

গুমৰাগ চমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত অৰুণাচল

অৰুণাচত বাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে ফাগুনৰ প্ৰথম বুধবাৰৰ পৰিৱৰ্তে কিয় ১৫ ফেব্ৰুৱাৰীত পালন কৰে আলি আঃয়ে লৃগাং ? জানো আহক ৷

ALI AYE LIGANG
গুমৰাগ চমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত অৰুণাচল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 15, 2025 at 5:50 PM IST

4 Min Read
Choose ETV Bharat

জোনাই: অসম-অৰুণাচল সীমান্তৰ অৰুণাচলৰ অয়ানত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰিলে মিচিং জনগোষ্ঠীৰ একমাত্ৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং । মিচিং জনগোষ্ঠীসকলে পূৰ্বৰে পৰা মানি অহা ৰীতি-নীতি অনুসৰি পুৱা বীজ সিঁচা, সমূহীয়া খাদ্য, গুমৰাগ চমান, ঐনিতম আদিৰে অয়ান গাঁৱৰ মুৰংঘৰৰ বাকৰিত গাঁৱৰ বোৱাৰী-জীয়ৰীসকলে গুমৰাগ নৃত্যৰে আকাশ-বতাহ ৰঙীন কৰি তোলে ।

মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে উৎসৱ । আলি আঃয়ে লৃগাং মানেই ফাগুন, ফাগুন মানেই আলি আঃয়ে লৃগাং ৷ আজি অৰুণাচলত থকা মিচিং জনগোষ্ঠীয় গাঁও অয়ানৰ লগতে অৰুণাচলৰ বিভিন্ন মিচিং গাঁৱত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশে ৷ গুমৰাগ চমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অৰুণাচল ৷ পুৱাৰে পৰা অৰুণাচলত থকা গাঁৱৰ মিচিং ডেকা-গাভৰু, বোৱাৰীৰ লগতে বয়োজ্যেষ্ঠসকলে একেলগে উদযাপন কৰিছে অতিকৈ আপোন তথা মিচিংসকলৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং ৷

গুমৰাগ চমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত অৰুণাচল (ETV Bharat Assam)

অসম আৰু অৰুণাচলৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা মিচিং জনগোষ্ঠীৰ লোকসকলে পূৰ্বতে যেতিয়া মদাৰ-শিমলু-কম্বং ফুলে, তেতিয়াই খেতি কৰা সময় আহি পৰিছে বুলি বিশ্বাস কৰি ফাগুন মাহ অহাৰ লগে লগে ১২ দিন বা ৭ দিনলৈ পালন কৰিছিল আলি আঃয়ে লৃগাং ৷

১৫ ফেব্ৰুৱাৰীত কিয় অৰুণাচলত পালন কৰা হয় আলি আঃয়ে লৃগাং :

ফাগুনৰ প্ৰথম বুধবাৰটো মিচিংসকলে শুভ দিন বুলি বিশ্বাস কৰে ৷ মিচিং বাঃনে কৌবিঙে ফাগুনৰ প্ৰথম বুধবাৰ দিনটো অসমত আলি আঃয়ে লৃগাং পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে যদিও অৰুণাচলৰ মিচিং জনগোষ্ঠীৰ লোকসকলে এটা নিৰ্দিষ্ট দিন ধাৰ্য কৰি ফেব্ৰুৱাৰীৰ ১৫ তাৰিখটোত আলি আঃয়ে লৃগাং উৎসৱ পালন পালন কৰে ৷

অৰুণাচল অয়ানত বসবাস কৰা মিচিং আৰু আদী লোকসকলে মিলি অৰুণাচলৰ চৰকাৰক আবেদন কৰি এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি আলি আঃয়ে লৃগাং উদযাপনৰ বাবে চৰকাৰী বন্ধ ঘোষণা কৰাৰ বাবে আহ্বান জনায় ৷ সেইমতে অৰুণাচলত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে ২০১৮ চনৰ পৰা ১৫ ফেব্ৰুৱাৰী দিনটোত আলি আঃয়ে লৃগাং পালন কৰি আহিছে ৷ গতিকে অৰুণাচল আৰু অসম দুয়োখন ৰাজ্যত বসবাস কৰা মিচিং জনগোষ্ঠীৰ লোকসকলে একেলগে প্ৰতি বছৰৰ ফ্ৰেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখে আলি আঃয়ে লৃগাং উৎসৱটো পালন কৰিবলৈ আহ্বান জনাই অয়ান গাঁৱৰ গাঁওপ্ৰধানে ।

ALI AYE LIGANG
অৰুণাচলত আলি আঃয়ে লৃগাং (ETV Bharat Assam)

অয়ান গাঁৱৰ গাঁওপ্ৰধানে সকলোকে এই দিনটোৰ শুভেচ্ছা জনাই কয়, "অৰুণাচলতকৈ অসমত মিচিঙৰ জনগোষ্ঠীয় লোকৰ জনসংখ্যা বেছি ৷ আলি আঃয়ে লৃগাং পালন কৰিবলৈ কোনো এখন চৰকাৰে দিন নিৰ্ধাৰণ কৰিব নোৱাৰে ৷ এই দিনটোক লৈ চৰকাৰো দোমোজাত আছে ৷ আমাক কোনো নিৰ্দিষ্ট বাৰ নালাগে, চৰকাৰী কেলেণ্ডাৰত এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি অসম আৰু অৰুণাচলত একে দিনাই আলি আঃয়ে লৃগাং পালন কৰিব লাগে ৷"

অৰুণাচলত থকা মিচিংসকলে আজিৰে পৰা পথাৰত সিঁচা শস্যক পোক-পৰুৱাই যাতে খাই নষ্ট নকৰে তাৰ বাবে দঃঞি পঃল কাৰ্চিং কাৰ্তাকক পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাৰ্থনা জনাই পথাৰত বীজ ৰোপণৰ কাৰ্য আৰম্ভ কৰে । মাংগলিক কাৰ্যৰ পিছতে মুৰংঘৰত একেলগে বহি পুৰাং আপিন, পোৰা গহৰি মাংস, আদা-নহৰু-শুকান মাছৰ চাটনিৰ লগত পঃৰ আপঙৰ জুতি লয় বুঢ়া- বুঢ়ী, ডেকা-গাভৰু, বোৱাৰী সকলোৱে । ইফালে আজিৰে পৰা গুমৰাগ চমান ঐনিতম কাবানেৰে মুখৰিত হৈ পৰিব অৰুণাচলৰ অয়ানৰ মিচিং গাঁও ।

ALI AYE LIGANG
গুমৰাগ চমান আৰু ঐনিতমৰ ধ্বনিৰে মুখৰিত অৰুণাচল (ETV Bharat Assam)

কিয় পালন কৰা হয় আলি আঃয়ে লৃগাং :

আদী মিচিং বাঃনে কৌবিঙৰ সভাপতি মজিত পাৱই কয়, "জনগোষ্ঠীটোৰ লোকসকলে সম্পূৰ্ণ পৰম্পৰাগতভাৱে আলি আঃয়ে লৃগাং উৎসৱ পালন কৰে ৷ যুগ যুগ ধৰি চলি অহা এই উৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং জনগোষ্ঠীৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আৰু চেমনীয়াসকল আনন্দিত হোৱা পৰিলক্ষিত হয় । মিচিং ডেকা-গাভৰুসকলে গুমৰাগ নৃত্য কৰি পৃথিৱীত বৰষুণ অহাৰ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আলি আঃয়ে লৃগাঙৰ পৰাই আৰম্ভ কৰে । এই উৎসৱ পালন কৰি মিচিং জনগোষ্ঠীৰ লোকসকলে শস্য সিঁচা, আলুৰ বীজ ৰোপণ আদি খেতি কাম আৰম্ভ কৰে । নৈপৰীয়া মিচিংসকলে নিজৰ উপাস্য দেৱতাসকলৰ ওচৰত আশীৰ্বাদ বিচাৰি নিজৰ শস্য পথাৰত যাতে কোনো অমংগল নহয়, তাৰ কামনা কৰাৰ লগতে জীৱ-জন্তুৰো মংগল কামনা কৰি জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ নিজৰ ঘৰখনৰ লগতে দেশখনলৈ সুখ-শান্তি আৰু উন্নতিৰ কামনা কৰে ।"

লগতে পঢ়ক: আলি আঃয়ে লৃগাং: কেতিয়াৰ পৰা আৰম্ভ হ'ল ফাগুনৰ প্ৰথমটো বুধবাৰে পালন কৰাৰ পৰম্পৰা ?

লৃগাঙত প্ৰিয়জনক ৰিঃবি গাচেং দিবলৈ সীমাহীন ব্যস্ত মিচিং গাভৰু

গুমৰাগৰ ছন্দত মতলীয়া বিহপুৰীয়াবাসী