প্ৰয়াগৰাজত অখিলেশ যাদৱ আৰু ডিম্পল যাদৱৰ ফটো ভাইৰেল
Akhilesh dimple fake photo: মাফিয়া আতিক আহমেদৰ কৱৰত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু তেওঁৰ পত্নী ডিম্পল যাদৱ । দুস্কৃতিকাৰীয়ে দুয়োৰে ফটো ভাইৰেল কৰাৰ অভিযোগ । অখিলেশ যাদৱ আৰু তেওঁৰ সাংসদ পত্নীক বদনাম কৰিবলৈ এক ষড়যন্ত্ৰ কৰাৰ অভিযোগ সমাজবাদী পাৰ্টিৰ ।

Published : March 7, 2024 at 1:56 PM IST
নেশ্যনেল ডেস্ক,৭ মাৰ্চ: মাফিয়া আতিক আহমেদৰ কৱৰত দেখা গ'ল সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ আৰু তেওঁৰ পত্নী ডিম্পল যাদৱক । সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল এই ছবি । ভাইৰেল ফটোৰ কেপশ্বনত দুস্কৃতিকাৰীয়ে অখিলেশ যাদৱ আৰু তেওঁৰ পত্নী ডিম্পল যাদৱক মাফিয়া আতিক আহমেদৰ পুত্ৰ আৰু বোৱাৰী বুলি বৰ্ণনা কৰাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ । ঘটনা সন্দৰ্ভত ইতিমধ্য়ে দাখিল কৰা হয় এখন এজাহাৰ । মণিজ শ্ৰীবাস্তৱৰ বিৰুদ্ধে এই সন্দৰ্ভত ৰুজু কৰা হয় এক গোচৰ ।

ঘটনা সন্দৰ্ভত উত্তৰ নগৰ বিধানসভা সমষ্টিৰ বাবে সমাজবাদী পাৰ্টীৰ পৰা টিকট লাভ কৰা সন্দীপ যাদৱে জৰ্জ টাউনত গোচৰ ৰুজু কৰে বুলি জানিবপৰা গৈছে । অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই নেতাগৰাকীয়ে । ইফালে যোৱাতো বৰ্ষৰ ১৫ এপ্ৰিলত মাফিয়া ভাতৃ আতিক আহমেদ আৰু আশ্ৰাফৰ সৈতে অখিলেশ যাদৱৰ সম্পৰ্ক থকা বুলি ওলোৱা প্ৰসংগক লৈ সমাজবাদী পাৰ্টীৰ লোকসকল ক্ষোভিত হৈ থকা বুলি এক তথ্য পোহৰলৈ আহিছে ।
তেনে সময়তে অখিলেশ যাদৱ আৰু সাংসদ ডিম্পল যাদৱৰ ভুৱা ফটো ভাইৰেল কৰাৰ বাবে সমাজবাদী পাৰ্টিৰ নেতাসকলে জৰ্জ টাউন আৰক্ষী থানাৰ চৌহদত সাব্যস্ত কৰে প্ৰতিবাদ । সমাজবাদী পাৰ্টীৰ লোকসলৰ অভিযোগ কৰে যে, অখিলেশ যাদৱ আৰু তেওঁৰ সাংসদ পত্নীক বদনাম কৰিবলৈ এক ষড়যন্ত্ৰ কৰা হৈছে । দুস্কৃতিকাৰীয়ে, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ ফটো সম্পাদনা কৰি এই মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফলৈ শ্ৰদ্ধাঞ্জলি জনোৱা ফটো ভাইৰেল কৰে ।
এক সূত্ৰ অনুসৰি, অখিলেশ যাদৱ আৰু তেওঁৰ পত্নী দুয়ো মুলায়ম সিং যাদৱৰ স্মাৰক স্থানলৈ যোৱাৰ সময়তে এই ফটো তুলি সম্পাদনা কৰি লিখা হৈছিল যে অখিলেশ যাদৱে তেওঁৰ পত্নীৰ সৈতে মাফিয়া আতিক আৰু আশ্ৰাফৰ কবৰত ফুল দিবলৈ গৈছিল ।
লগতে পঢ়ক: কেজৰিৱালৰ বিৰুদ্ধে আদালতত ইডিৰ পুনৰ অভিযোগ দাখিল: ৭ মাৰ্চত শুনানি

