দিল্লীৰ প্ৰদূষণ আৰু বাসিন্দাসকলৰ আয়ুসৰ ওপৰত চিকাগো বিশ্ববিদ্যালয়ৰ উদ্বেগজনক প্ৰতিবেদন
ৰাজধানী দিল্লীত গড় সূক্ষ্ম কণা পদাৰ্থৰ (পি এম ২.৫) স্তৰ বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ ২০ গুণ অধিক ।

Published : August 29, 2025 at 2:30 PM IST
নতুন দিল্লী: যদিও পৰিৱৰ্তিত বতৰৰ পৰিস্থিতিত বৰ্তমান ৰাজধানী দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাইছে, কিন্তু বছৰ বছৰ ধৰি বায়ু প্ৰদূষণ ৰোধৰ কোনো যেন নামেই লোৱা নাই । বিশেষজ্ঞসকলৰ মতে, ইয়াৰ মুখ্য কাৰণ হৈছে বাস্তৱিক পৰ্যায়ত বছৰ বছৰজুৰি কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই । যদি বায়ু প্ৰদূষণৰ এই স্তৰ অব্যাহত থাকে তেন্তে মানুহৰ গড় আয়ুস ৮.২ বছৰ কমি যাব পাৰে ।
পি টি আইৰ তথ্য অনুসৰি, চিকাগো বিশ্ববিদ্যালয়ৰ বায়ু গুণমান জীৱন সূচকাংক (AQLI) ৰিপ'ৰ্টত কোৱা হৈছে যে ৰাষ্ট্ৰীয় ৰাজধানীত গড় সূক্ষ্ম কণা পদাৰ্থৰ (PM 2.5) স্তৰ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ নিৰ্দেশনাতকৈ ২০ গুণ অধিক । ২০২৩ চনত চহৰখনত পি এম ২.৫ৰ মাত্ৰা প্ৰতি ঘনমিটাৰত ১১১.৪ মাইক্ৰ'গ্ৰাম ৰেকৰ্ড কৰা হৈছিল । এইটো হৈছে হুৰ প্ৰতি ঘনমিটাৰত নিৰ্ধাৰিত ৫ মাইক্ৰ'গ্ৰামতকৈ ২২ গুণ অধিক । প্ৰতিবেদনত কোৱা হৈছে যে দূষিত বায়ুৰ কাৰণে দিল্লীবাসীৰ জীৱন প্ৰত্যাশাত সৰ্বাধিক হ্ৰাস হৈছে, যিটো বিশ্বৰ আন সকলো চহৰৰ তুলনাত সৰ্বাধিক ।
দিল্লীসহিতে সিন্ধু-গংগা ক্ষেত্ৰ সকলোতকৈ প্ৰদূষিত অঞ্চললৈ ৰূপান্তৰ হৈছে । ইয়াত বায়ু প্ৰদূষণৰ সৈতে জড়িত স্বাস্থ্য সম্বন্ধীয় সৰ্বাধিক চিন্তাৰ বিষয় আছে । বিশেষজ্ঞসকলৰ মতে, বাহনৰ পৰা নিৰ্গত প্ৰদূষিত দ্ৰব্যৰ ওপৰত নিয়ন্ত্ৰণ অনা, ঔদ্যোগিক প্ৰদূষণক নিয়ন্ত্ৰণ কৰা আৰু কাষৰীয়া ৰাজ্যত নৰা জ্বলোৱা সমস্যা ৰোধ কৰা, ৰাজধানীত প্ৰদূষিত বায়ুৰ স্বাস্থ্যৰ ওপৰত পৰা প্ৰভাৱ কম কৰাটো অত্যন্ত জৰুৰী ।
চিকাগো বিশ্ববিদ্যালয়ৰ শক্তি নীতি সংস্থাৰ (ই পি আই চি) তৰফৰ পৰা ২০২৫ বৰ্ষৰ বাবে এ কিউ এল আই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । উপগ্ৰহৰ জৰিয়তে লাভ কৰা পি এম ২.৫ তথ্যৰ ওপৰত ভিত্তি কৰি এই বিশ্বজনীন আৰু আঞ্চলিক প্ৰদূষণ স্তৰ আৰু মানৱ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ পূৰ্বানুমান কৰে ।

