ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : যাত্ৰীৰ ৰূপত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী - AIR INDIA PLANE CRASH

লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাত পতিত হয় ৷

AIR INDIA PLANE CRASH
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰতীকী ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 12, 2025 at 4:51 PM IST

3 Min Read

আহমেদাবাদ: আহমেদাবাদৰ মেঘানীনগৰ আই জি কমপ্লেক্সত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ উক্ত বিমানখনত আছিল ২৪২ গৰাকী যাত্ৰী ৷ তাৰ ভিতৰত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল যাত্ৰীৰ ৰূপত ৷

বয়িং বিমানখনে দ্ৰুতগতিত তললৈ নামি অহা দেখা গৈছিল আৰু দুপৰীয়া প্ৰায় ২ বজাত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ মেঘানীনগৰ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱাতো কেমেৰাত ধৰা পৰিছিল । ইটিভি ভাৰতৰ হাতত পৰা তথ্য় অনুসৰি, বিমানখনৰ দ্বিতীয় শাৰীৰ আসনত যাত্ৰী হিচাপে আছিল গুজৰাটৰ দুবাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বিজয় ৰূপানী ৷

AIR INDIA PLANE CRASH
গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ ফাইল ফটো (ANI)

গুজৰাটৰ মুখ্যমন্ত্রী কার্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই বিষয়টো সন্দৰ্ভত এনেদৰে কয়, ‘‘মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে তাৎক্ষণিকভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰাৰ নির্দেশ দিছে ৷ তেওঁ আহত যাত্ৰীসকলৰ প্ৰয়োজনীয় চিকিৎসা সুনিশ্চিত কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে ।’’

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত গুজৰাট চৰকাৰৰ মুখ্য সচিব পংকজ যোশী আৰু অন্যান্য শীৰ্ষ বিষয়াসকলে ফোনযোগে যোগাযোগ অব্যাহত ৰাখিছে ৷ লগতে আহত যাত্ৰীসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰিব পৰাকৈ গ্ৰীণ কৰিডৰ নিৰ্মাণ কৰি তুলিবলৈ পৰামৰ্শ প্ৰদান কৰিছে ৷ তদুপৰি আহতসকলে যাতে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ চিকিৎসা সেৱা লাভ কৰে, তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ৷

আনহাতে, এয়াৰ ইণ্ডিয়াৰ আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে আহমেদাবাদ-লণ্ডনৰ মাজত চলাচল কৰা এয়াৰ ইণ্ডিয়াৰ ফ্লাইট এ আই ১৭১ বিমানখন বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হয় ।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী মুখপাত্ৰই কয়- ‘‘আহমেদাবাদ-লণ্ডনৰ মাজত যাত্ৰা কৰা AI 171 বিমানখন আজি অৰ্থাৎ ১২ জুন ২০২৫ তাৰিখে এক দুৰ্ঘটনাত পতিত হয় ৷ এই মুহূৰ্তত আমি সবিশেষ জনোৱাৰ চেষ্টা অব্যাহত ৰাখিছো আৰু শেহতীয়া তথ্যসমূহ airindia.com আৰু আমাৰ এক্স হেণ্ডেলত যিমান সোনকালে পাৰি শ্বেয়াৰ কৰিম ।’’

এই ভয়ংকৰ বিমান দুৰ্ঘটনাটোৰ সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, আৰক্ষী আয়ুক্তৰ সৈতে কথা পাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । লগতে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷

ডি জি চি এৰ তথ্য অনুসৰি আহমেদাবাদৰ পৰা গেটৱিকলৈ এ আই-১৭১ নম্বৰৰ অপাৰেটিং ফ্লাইট নম্বৰ এয়াৰ ইণ্ডিয়া বি ৭৮৭ ভি টি-এ এন বি আহমেদাবাদৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে দাও দাওকৈ জ্বলি উঠে বিমানখন ৷ অগ্নিকাণ্ডৰ ফলত ওলোৱা ক’লা ধোঁৱা বহু নিলগৰ পৰাই দেখা গৈছিল ৷

সংবাদ সংস্থা PTI-ৰ আগত এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই উল্লেখ কৰা মতে, এই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ আৰু ১ জন কানাডাৰ নাগৰিক আছিল ৷

লগতে পঢ়ক: উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান: দুই শতাধিক যাত্ৰীৰ মৃত্যু - AIR INDIA FLIGHT CRASH

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.