নতুন দিল্লী : মাজ আকাশত হঠাতে এখন বিমানৰ ভিতৰত সৃষ্টি হ’ল এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কি যাত্ৰী অথবা বিমান কৰ্মী- সকলোৰে অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে গতি কৰে ৷ দেওবাৰে এই ঘটনাটো সংঘটিত হৈছে ৰাষ্ট্ৰীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়াত ৷
জানিব পৰা মতে, দিল্লী-পাটনা বিমানখনত যাত্ৰী বহি থাকিব নোৱৰা অৱস্থাৰ সৃষ্টি হয় ৷ কিয়নো হঠাতে বিকল হৈ পৰে বিমানখনৰ AC ৷ ফলত অসহ্যকৰ উত্তাপ সহ্য কৰিব লগাত পৰে বিমান কৰ্মীৰ পৰা আদি কৰি সকলো যাত্ৰীয়ে ৷ উত্তাপ সহ্য় কৰি নোৱাৰি বিমান যাত্ৰীসকলে সৃষ্টি কৰে এক হিলস্থূলীয়া পৰিৱেশৰ ৷
ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’, লগতে বহু লোকে উজাৰিছে নিজৰ ক্ষোভ ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এয়াৰ ইণ্ডিয়াৰ দিল্লী-পাটনা বিমানখনৰ ভিডিঅ’ত সকলো যাত্ৰী ঘামি-জামি তিতি-বুৰি থকা দেখা গৈছিল । প্ৰায় এঘণ্টাৰো অধিক সময় বিমানৰ ভিতৰত এনে অৱস্থা হয় ৷
ये एयर इंडिया की दिल्ली पटना फ्लाइट है।बताने की ज़रूरत नहीं,सिर्फ़ इनको देखिए और सुनिए।लिखने का कोई असर होगा इसकी उम्मीद नहीं है।अभी 10 दिन पहले पटना दिल्ली फ्लाइट का भी ऐसा ही हाल था।तब भी लिख कर ध्यान आकृष्ट करने की कोशिश की थी।@airindia @RamMNK pic.twitter.com/Lu1fGUQYqj
— Sukesh Ranjan (@RanjanSukesh) May 18, 2025
সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে গৰম সহ্য কৰিব নোৱাৰি যাত্ৰীসকলে বিমানখনৰ ভিতৰতে বহি বৰ্ডিং পাছ, কিতাপ আৰু যিকোনো বস্তুৰে বিচি শৰীৰটো শীতল কৰিবলৈ চেষ্টা কৰা দেখা গৈছে ।
এটা ভিডিঅ’ ফুটেজত এজন যাত্ৰীয়ে কয়, ‘‘এঘণ্টাৰো অধিক সময় বন্ধ হৈ আছিল AC আৰু যাত্ৰীসকলক সহায় কৰিবলৈ এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীয়ে কোনোৱে চেষ্টা কৰা নাছিল ৷ বিমানখনত বহু বৃদ্ধ, সৰু ল’ৰা-ছোৱালী আছিল ৷ সকলোৰে অৱস্থা দুৰ্বিষহ হৈ পৰিছিল ।”
@airindia regarding AI2521 Delhi to Patna flight ! Air condition did not work and hundreds of passengers were on board in this scorching heat for 3 hours ! My brother in law who is a politician and EX MLA became unwell ! Can you fix this for the future please !
— Dr Bipin Jha🇮🇳 (@bipin_dr2009) May 18, 2025
ভিডিঅ’টো প্ৰত্যক্ষ কৰি ক’ব পাৰি যে বিমানৰ ভিতৰৰ পৰিস্থিতি কিমান ভয়ানক আছিল । ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে বিমান সংস্থাটোৱে উৰণৰ আগতে বিমানখন যিমান সঠিকভাৱে পৰীক্ষা কৰিব লাগিছিল, তেনেদৰে কৰা নাছিল । এই ঘটনাৰ বাবে ইতিমধ্যে বহুজনে এয়াৰ ইণ্ডিয়াক সমালোচনা কৰা দেখা গৈছে ।
ছ’চিয়েল মিডিয়াত বহুজনে কৈছে, ‘‘এয়াৰ ইণ্ডিয়াই যাত্ৰীক বিমানত উঠিবলৈ দিয়াৰ আগতে বেচিক চেকিং কৰিব লাগিছিল । ইয়াৰ ফলত বহু লোক ক্ষুব্ধ হৈ পৰিছে । বিপদৰ সন্মুখীন হৈছে যাত্ৰীসকল ।’’
জেনেৰেল চাৰ্জন, ডাঃ বিপিন ঝাই X ত লিখিছে: “দিল্লীৰ পৰা পাটনা অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান সংখ্যা AI2521ৰ AC-এ কাম কৰা নাছিল আৰু এই গৰমত ৩ ঘণ্টা ধৰি বিমানখনত আবদ্ধ হৈ আছিল শ শ যাত্ৰী । মোৰ ভিনদেউ, যি এজন ৰাজনৈতিক নেতা আৰু প্ৰাক্তন বিধায়ক, তেওঁ অসুস্থ হৈ পৰে । ভৱিষ্যতৰ বাবে এইটো আপোনালোকে ঠিক কৰিব পাৰিবনে...”
ये एयर इंडिया की दिल्ली पटना फ्लाइट है।बताने की ज़रूरत नहीं,सिर्फ़ इनको देखिए और सुनिए।लिखने का कोई असर होगा इसकी उम्मीद नहीं है।अभी 10 दिन पहले पटना दिल्ली फ्लाइट का भी ऐसा ही हाल था।तब भी लिख कर ध्यान आकृष्ट करने की कोशिश की थी।@airindia @RamMNK pic.twitter.com/Lu1fGUQYqj
— Sukesh Ranjan (@RanjanSukesh) May 18, 2025
এই ক্ষোভৰ প্ৰতি সঁহাৰি জনাই এয়াৰ ইণ্ডিয়াই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰি যাত্ৰীসকলক আশ্বাস দিয়ে যে বিষয়টো পুনৰীক্ষণ কৰা হৈছে । বিমান সংস্থাটোৱে পোষ্ট কৰিছিল, "এই বিষয়টো আমাৰ দৃষ্টিগোচৰ কৰাৰ বাবে ধন্যবাদ... ৷" ইয়াৰ সমান্তৰালকৈ এয়াৰ ইণ্ডিয়াও সাংবাদিকগৰাকীৰ এই টুইটৰ প্ৰতি সঁহাৰি জনায় ।
অৱশ্যে এই সন্দৰ্ভত কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই বিমান সংস্থাটোৱে । আনকি যাত্ৰীসকলক ক্ষতিপূৰণ দিয়া হৈছে নে নাই সেই কথাও কোৱা হোৱা নাই । আনকি এই লোকসকলক আন এখন বিমানলৈ সলনি কৰি দিয়া কৰা হ’ল নে সেই কথাও স্পষ্ট নহয় ।
এই ঘটনাই ভাৰতীয় বিমান পৰিবহণৰ সেৱাৰ মানদণ্ডক লৈ অধিক উদ্বেগ বৃদ্ধি কৰিছে । দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ বাবে বিমান সংস্থাটোৰ সুৰক্ষা আৰু আৰামৰ মানদণ্ডৰ ওপৰত বহু প্ৰশ্নৰ অৱতাৰণা হৈছে । এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তদন্ত আৰম্ভ কৰা হ’ব নে নহয় সেয়া এতিয়াও ঘোষণা কৰা নাই কৰ্তৃপক্ষই ।