আহমেদাবাদ: বৃহস্পতিবাৰে সংঘটিত দেশৰ আটাইতকৈ ভয়ানক বিমান দুৰ্ঘটনাই জোকাৰি গৈছে প্ৰতিজন নাগৰিকক । শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হয় এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কেম্পবেল উইলচন । এয়াৰ ইণ্ডিয়াই শুকুৰবাৰে প্ৰকাশ কৰে যে ব'য়িং-৭৮৭-৮ এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰা মৰা সময়তে ১২ গৰাকী ক্ৰু সদস্যসহ ২৪২ গৰাকী লোকে যাত্ৰা কৰিছিল আৰু এজনক বাদ দি এই সকলোৱেই ঘাতক দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় ।
এই সন্দৰ্ভত সামাজিক মাধ্যম X ত এয়াৰ ইণ্ডিয়াই লিখে, "১২ বছৰীয়া ব'য়িং-৭৮৭-৮ বিমানখনে আহমেদাবাদৰ পৰা ১৩.৩৮ ঘণ্টাত উৰা মাৰিছিল । য'ত ২৩০ গৰাকী যাত্ৰী আৰু ১২ গৰাকী ক্ৰু সদস্য আছিল । বিমানখনে উৰা মৰাৰ লগে লগেই দুৰ্ঘটনাত পতিত হয় । আমি আপোনালোকক জনাবলৈ পাই দুঃখিত যে ২৪২ গৰাকীৰ যাত্ৰীৰ ভিতৰত ২৪১ গৰাকীৰ মৃত্যু হৈছে । একমাত্ৰ জীৱিত ব্যক্তিগৰাকীক হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে ।"
UPDATE: Air India confirms that flight AI171, operating from Ahmedabad to London Gatwick on 12 June 2025, was involved in an accident.
— Air India (@airindia) June 12, 2025
The 12-year-old Boeing 787-8 aircraft departed from Ahmedabad at 1338 hrs, carrying 230 passengers and 12 crew.
The aircraft crashed shortly…
ইফালে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে এয়াৰ ইণ্ডিয়াৰ স্বত্বাধিকাৰী টাটা গ্ৰুপে । দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ ১ কোটি টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে TATA গ্ৰুপে ।
উল্লেখ্য যে ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয় নাগৰিক, ২৩ ব্ৰিটিছ নাগৰিক, ৭ গৰাকী পৰ্টুগাল নাগৰিক আৰু এগৰাকী কানাডাৰ নাগৰিক । এইসকল যাত্ৰীক লৈ উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰা মৰাৰ কেইমিনিটমান পিছতে চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নিকটৱৰ্তী চিকিৎসকৰ এটা হোষ্টেলৰ অট্টালিকাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাত পতিত হয় । এয়াৰলাইন কৰ্তৃপক্ষই জনোৱা অনুসৰি যাত্ৰীসকলৰ এজন ভাৰতীয়মূলৰ ব্ৰিটিছ নাগৰিকো আছিল ।