মুম্বাই : যেন কালিকা লাগিছে এয়াৰ ইণ্ডিয়াত । আহমেদাবাদ বিমান দুৰ্ঘটনাৰ পিছৰ পৰা দেশৰ সবাতোকৈ পুৰণি বিমান সেৱা প্ৰতিষ্ঠানটোৰ ইখনৰ পিছত সিখন বিমানত যান্ত্ৰিক বিজুতি ওলাইছে । যাৰ বাবে কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে বা মাজ আকাশু পৰা উভতি আহিবলগা হৈছে । এইবাৰ শুকুৰবাৰেও অনুৰূপ ঘটনা সংঘটিত হয় ।
এয়াৰ ইণ্ডিয়াই ৰক্ষণাবেক্ষণ আৰু পৰিচালনাগত কাৰণত শুকুৰবাৰে চাৰিখন আন্তঃৰাষ্ট্ৰীয় সেৱাকে ধৰি ৮খন বিমান বাতিল কৰা বুলি বিমান পৰিবহণ সংস্থাটোৱে প্ৰকাশ কৰিছে । এয়াৰ ইণ্ডিয়াই কয় যে তেওঁলোকৰ গ্ৰাউণ্ড ষ্টাফে যাত্ৰীসকলে যাতে অতি সোনকালে নিজৰ নিজৰ গন্তব্যস্থানলৈ উৰা মাৰিব পাৰে তাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ উপৰি যাত্ৰীসকলে যদি বিমান যাত্ৰা বাতিল কৰে তেন্তে সম্পূৰ্ণ টিকটৰ মূল্য ঘূৰাই দিয়া বা যাত্ৰাৰ সময় পুনৰ নিৰ্ধাৰণৰ ব্যৱস্থা কৰা হৈছে বুলি বিমান সংস্থাটোৱে জনায় ।
বাতিল হোৱা আন্তঃৰাষ্ট্ৰীয় বিমানসমূহ হ’ল ডুবাইৰ পৰা চেন্নাইলৈ AI906, দিল্লীৰ পৰা মেলবোৰ্ণলৈ AI308, মেলবোৰ্ণৰ পৰা দিল্লীলৈ AI309 আৰু ডুবাইৰ পৰা হায়দৰাবাদলৈ AI2204 । এয়াৰ ইণ্ডিয়াই জনোৱা মতে, চাৰিখন ঘৰুৱা বিমান পুনেৰ পৰা দিল্লীলৈ AI874, আহমেদাবাদৰ পৰা দিল্লীলৈ AI456, হায়দৰাবাদৰ পৰা মুম্বাইলৈ AI-2872, আৰু চেন্নাইৰ পৰা মুম্বাইলৈ AI571 বাতিল কৰা হৈছে ।
ইয়াৰ পূৰ্বে টাটা গ্ৰুপৰ মালিকানাধীন বিমান সংস্থাটোৱে বৃহস্পতিবাৰে কয় যে ২১ জুনৰ পৰা ১৫ জুলাইৰ ভিতৰত ১৬টা আন্তঃৰাষ্ট্ৰীয় পথত বিমান সেৱা হ্ৰাস কৰাৰ লগতে ৩টা বহিঃৰাষ্ট্ৰৰ গন্তব্যস্থানত বিমান সেৱা বন্ধ কৰা হ’ব ।
১২ জুনত আহমেদাবাদত সংঘটিত হোৱা মাৰাত্মক বিমান দুৰ্ঘটনাৰ পিছত হোৱা বিঘিনিৰ সৈতে যুঁজি থকা বিমান সংস্থাটোৱে কয় যে ইয়াৰ উদ্দেশ্য হৈছে সময়সূচীৰ স্থিতিশীলতা পুনৰ ঘূৰাই অনা আৰু যাত্ৰীসকলৰ অন্তিম মুহূৰ্তত হোৱা অসুবিধা কম কৰা । ডাঙৰ আকাৰৰ বিমানেৰে চলোৱা বিমান সেৱা সাময়িকভাৱে ১৫ শতাংশ হ্ৰাস কৰিব বুলি কোৱাৰ এদিন পিছতে এই ঘোষণা কৰা হৈছে ।
বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে এই হ্ৰাস ২০২৫ চনৰ ২১ জুনৰ পৰা কাৰ্যকৰী হ’ব আৰু কমেও ১৫ জুলাইলৈকে চলিব । দিল্লী-নাইৰোবি, অমৃতসৰ-লণ্ডন (গেটৱিক) আৰু গোৱা (মোপা)-লণ্ডন (গেটৱিক)ত ১৫ জুলাইলৈকে সেৱা বন্ধ থাকিব ।
দিল্লী-নাইৰোবি পথত প্ৰতি সপ্তাহত চাৰিখন বিমান সেৱা থকাৰ বিপৰীতে অমৃতসৰ-লণ্ডন (গেটৱিক) আৰু গোৱা (মোপা)-লণ্ডন (গেটৱিক) পথত সপ্তাহত তিনিখনকৈ বিমান সেৱা চলি আছে বুলি বিমান সংস্থাটোৱে প্ৰকাশ কৰিছে ।