চেন্নাই: পুনৰ একেখন মঞ্চৰ তললৈ আহিল বিজেপি আৰু এ আই এ ডি এমকে । দুয়োটা দল মিত্ৰতালৈ অহাৰ লগে লগে এ আই এ ডি এম কেৰ মুৰব্বী এডাপ্পাডি কে পালানিস্বামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে । এডাপ্পাডি কে পালানিস্বামী, যাক ই পি এছ বুলিও কোৱা হয় ৷ তেওঁ প্ৰধানমন্ত্ৰীক অটল সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
লগতে তেওঁৰ দলে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে এন ডি এৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে । ই পি এছ শুকুৰবাৰে সন্ধিয়া এক্সৰ এটা পোষ্টত কয় যে এনডিএৰ সৈতে অংশীদাৰিত্বত সহযোগিতা আগবঢ়াই এআইএডিএমকে গৌৰৱান্বিত ।
তেওঁ কয়, "তামিলনাডুৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে এই অংশীদাৰী দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত ।" তেওঁ লগতে কয়, "এআইএডিএমকেৰ প্ৰতি অটল সমৰ্থন আগবঢ়োৱাৰ বাবে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো ।’’
তেওঁ আৰু কয়, ‘‘এনডিএৰ সৈতে অংশীদাৰিত্ব কৰি আমি গৌৰৱান্বিত । তামিলনাডুৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে এক অংশীদাৰী দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠা কৰা এক মিত্ৰতা । এই গুৰুত্বপূৰ্ণ মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নিৰ্দেশনাৰ সৈতে, এআইএডিএমকেয়ে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ আৰু তেওঁৰ পৰিৱৰ্তনশীল দৃষ্টিভংগীত অৰিহণা যোগাবলৈ এন ডি এৰ মিত্ৰশক্তিৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব ।"
I extend my gratitude to the Hon’ble Prime Minister Shri Narendra Modi ji for his unwavering support to @AIADMKOfficial .
— Edappadi K Palaniswami-SayYEStoWomenSafety&AIADMK (@EPSTamilNadu) April 11, 2025
We are honoured to be welcomed into a partnership with NDA . An alliance founded on a shared vision for Tamil Nadu’s progress and prosperity.
At this… pic.twitter.com/2yzWReEC3u
তেওঁ লগতে কয়, "আমি একেলগে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, দুৰ্নীতি আৰু অপশাসনৰ পৰা মুক্ত এক বৃহত্তৰ তামিলনাডু গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তামিলনাডুৰ জনসাধাৰণ এখন স্বচ্ছ, উন্নয়নকেন্দ্ৰিত চৰকাৰৰ যোগ্য আৰু আমি আগন্তুক বিধানসভা নিৰ্বাচনত সেয়া দিবলৈ সংকল্পবদ্ধ ।"
শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন ডি এৰ সৈতে এআইএডিএমকেৰ মিত্ৰতা নিশ্চিত কৰি ঘোষণা কৰে যে ২০২৬ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচন ইপিএছৰ নেতৃত্বতে অনুষ্ঠিত হ'ব । শ্বাহে শাসকীয় ডিএমকেক সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, এনইইটি আৰু ৩-ভাষাৰ নীতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰত মনোযোগ নিদিয়াৰ বাবে সমালোচনা কৰে ।
ইফালে ডিএমকেয়ে এই মিত্ৰতাক তীব্ৰ সমালোচনা কৰে । শাসকীয় দলটোৱে এআইএডিএমকে-বিজেপি মিত্ৰজোঁটক তামিলনাডুৰ প্ৰতি বিশ্বাসঘাতকতা বুলি অভিহিত কৰে ।
উল্লেখ্য যে, শ্বাহে আৰ এছ এছৰ চিন্তাবিদ এছ গুৰুমূৰ্তিৰ সৈতে আলোচনা কৰে আৰু দুপৰীয়ালৈকে তামিলনাডুৰ মুখ্য বিৰোধী দল এআইএডিএমকেৰ সৈতে বিজেপিৰ মিত্ৰতা নিশ্চিত কৰে । দুয়োজন এন ডি এ মিত্ৰজোঁটৰ অংশ আছিল যিয়ে ২০১৯ৰ লোকসভা নিৰ্বাচন আৰু দুবছৰ পিছত ৰাজ্যিক নিৰ্বাচনৰ সন্মুখীন হৈছিল ।
সংবাদমেলত অমিত শ্বাহে কয়, "এআইএডিএমকে আৰু বিজেপিৰ নেতাসকলে এনডিএৰ বেনাৰত পৰৱৰ্তী টিএন বিধানসভা নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত লৈছে । এই নিৰ্বাচন ৰাষ্ট্ৰীয় পৰ্যায়ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু এআইএডিএমকেৰ মুৰব্বী এডাপ্পাডি পালানিস্বামীৰ অধীনত ৰাজ্যিক পৰ্যায়ত যুঁজ দিয়া হ'ব ।"
শ্বাহে কয়, "১৯৯৮ চনৰ পৰা এআইএডিএমকে দল এনডিএ মিত্ৰজোঁটৰ অংশ হৈ আহিছে আৰু দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী মোদীজী আৰু মহান (স্বৰ্গীয় মুখ্যমন্ত্ৰী) জয়াললিতাজীয়ে একেলগে ৰাষ্ট্ৰীয় ৰাজনীতিত কাম কৰিছিল । এটা সময়ত এই মিত্ৰজোঁটটোৱে সাধাৰণ নিৰ্বাচনৰ ৩৯ খন আসনৰ ভিতৰত ৩০ খন আসন লাভ কৰিছিল ।"
শ্বাহে লগতে কয়, "মই নিশ্চিত যে এনডিএয়ে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু তামিলনাডুত এনডিএ চৰকাৰ গঠন কৰিব ।"