ETV Bharat / bharat

ৰে’লৰ সংঘৰ্ষত হাতীৰ মৃত্যু ৰোধ কৰিব AI এ - AI TO PREVENT ELEPHANT DEATH

অত্যাধুনিক AI EleSense Live এ ৰে’লপথৰ ৩০ মিটাৰ ভিতৰত হাতী বা আন কোনো জন্তুৱে প্ৰৱেশ কৰিলে, ইয়াৰ ফটো-ভিডিঅ’ ৰে’ল-বন বিভাগলৈ প্ৰেৰণ কৰি সতৰ্ক কৰিব ।

AI TO PREVENT ELEPHANT DEATH
প্ৰতিনিধিত্বমূলক ফটো (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 10:19 AM IST

Updated : April 5, 2025 at 10:40 AM IST

5 Min Read

জলপাইগুৰি: ৰে’লৰ সংঘৰ্ষত হাতীৰ মৃত্যু ৰোধ কৰিবলৈ ৰে’ল আৰু বন বিভাগে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে । জীৱ-জন্তুৰ জীৱন বচাবলৈ বিভাগটোৱে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰিছে । এতিয়াৰে পৰা হাতী বা আন কোনো বৃহৎ জন্তু ৰে’লপথৰ ওচৰলৈ আহিলে বা ৰে’লপথত উঠিলে ‘AI EleSense Live’-এ ইয়াৰ ভিডিঅ’ আৰু ফটো প্ৰেৰণ কৰিব ।

পশ্চিমবংগত এইবাৰ প্ৰথমবাৰৰ বাবে এলেচেন্স লাইভ প্ৰযুক্তিৰ জৰিয়তে ৰে’ল আৰু বন বিভাগে ভিডিঅ’ৰ লগতে লাভ কৰিব সতৰ্কবাণী । এইদৰে তেওঁলোকে জানিব পাৰিব ৰে’লপথৰ ওচৰত কিমান হাতী আছে তথা কোন দিশলৈ হাতীবোৰ গৈ আছে । এলেচেন্স লাইভে এই বাৰ্তা আৰু তেওঁলোকৰ স্থানৰ ভিডিঅ’ ৰে’লৱে আৰু বন বিভাগৰ সৈতে একেলগে শ্বেয়াৰ কৰিব ।

AI TO PREVENT ELEPHANT DEATH
গৰুমাৰা বন্যপ্ৰাণী সংমণ্ডলত এলেচেন্স লাইভ সংস্থাপন (SNAP Foundation FB Account)

ইতিমধ্যে ৰে’লৰ সংঘৰ্ষৰ ফলত হাতীৰ মৃত্যু ৰোধৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে বহু ঠাইত এলিয়েন এলাৰ্মিং চিষ্টেম স্থাপন কৰা হৈছিল । যাৰ ফলত হাতী ৰে’লপথৰ ওচৰলৈ আহিলে মেছেজ, ছবি আৰু ভিডিঅ’ৰ জৰিয়তে সংকেত দিয়া হয় । প্ৰযুক্তিৰ ব্যৱহাৰৰ লগে লগে ৰে’লৰ সংঘৰ্ষত হাতীৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে ।

অৱশ্যে ৰে’লৱেইও ইয়াৰ গতিও নিয়ন্ত্ৰণ কৰিব পাৰে । যদি কোনোবাই ট্ৰেকত হাতী অহা ধৰা পৰে, তেন্তে ৰে’লখন ৰখাই দিয়া হয় । প্ৰথম অৱস্থাত হাতীটোৰ ভৌতিক গঠনৰ প্ৰতি লক্ষ্য ৰাখি এই যন্ত্ৰসমূহ স্থাপন কৰা হৈছিল । কিন্তু পোৱালি হাতী আহিলে চেন্সৰটোৱে কাম কৰা নাছিল কাৰণ এই যন্ত্ৰবোৰ ডাঙৰ হাতীৰ আকাৰ অনুযায়ী ফিট কৰা হৈছিল ।

এলেচেন্স লাইভ প্ৰযুক্তিৰ সহায়ত সকলোৰে ফটো আৰু ভিডিঅ’ চেন্সৰৰ দ্বাৰা লোৱা আৰু কেপচাৰ কৰা হ’ব । AI Elesense এ ফটো আৰু ভিডিঅ’ৰ জৰিয়তে জীৱ-জন্তুৰ আগমনৰ লাইভ মেছেজ প্ৰেৰণ কৰিব । অৱশ্যে হাবিৰ মাজত হাতী কৰিড’ৰত স্থাপন কৰা অতি আধুনিক যন্ত্ৰটো চুৰি হোৱাৰ আশংকা আছে ।

অৱশ্যে কোনোবাই ইয়াক চুৰি কৰিবলৈ চেষ্টা কৰিলে তেওঁ বিপদত পৰিব, কাৰণ চোৰটো কেমেৰাৰ সন্মুখলৈ অহাৰ লগে লগে তেওঁৰ ফটো লোৱা হ’ব আৰু এলাৰ্ম বাজিব । লগতে একে সময়তে ৰে’ল আৰু বন বিভাগলৈও এই বাৰ্তা প্ৰেৰণ কৰা হ’ব ।

ৰে’লপথৰ কাষৰ হাতী কৰিড’ৰত হাতীক ৰে’লৰ খুন্দাত পৰাৰ পৰা ৰক্ষা কৰিবলৈ ভইচ ফ’ৰ এলিফেণ্ট ছাপৰ্টে এই ডিভাইচটো স্থাপনৰ বাবে পুঁজি আগবঢ়াইছে । স্নেপ ফাউণ্ডেচনে তেওঁলোকক সহায় কৰিছে ।

এই ডিভাইচে কেনেকৈ বাৰ্তা প্ৰেৰণ কৰিব ?

ৰে’লপথৰ পৰা ৩০ মিটাৰ ভিতৰত হাতী বা আন কোনো জন্তু আহিলে এই যন্ত্ৰটোৱে ফটো আৰু ভিডিঅ’ লৈ ৰে’ল আৰু বন বিভাগক এলাৰ্ম বজাই ইয়াৰ তথ্য দিব । ইয়াত এটা পেটাৰ্ণ চেন্সৰ আছে যিটো বন্যপ্ৰাণীৰ উচ্চতা, শৰীৰৰ উষ্ণতা অনুভৱ কৰি সক্ৰিয় হ’ব । ইয়াৰ উপৰিও এই চেন্সৰটোৱে মানুহক চিনাক্ত কৰিবলৈও সক্ষম ।

সপ্তাহৰ সাত দিন ২৪ ঘণ্টাই এই ডিভাইচটোৰ ৰেকৰ্ডিং চলি থাকিব । ফটো আৰু ভিডিঅ’সমূহ স্বয়ংক্ৰিয়ভাৱে ক্লাউড ষ্ট’ৰেজত সংৰক্ষণ কৰা হ’ব । গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান, জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী কৰিড’ৰ আৰু বক্সা ব্যাঘ্ৰ প্ৰকল্পৰ ৰে’লপথত মুঠ ৯০টা এলেচেন্স লাইভ স্থাপন কৰা হ’ব । কেলিফৰ্ণিয়াস্থিত ফাণ্ডিং এজেন্সী ভয়েজ ফ’ৰ এছিয়ান এলিফেণ্ট ছাপৰ্টে এই প্ৰকল্পৰ বাবে ব্যয় কৰিছে ৫৮ লাখ টকা ।

স্নেপ ফাউণ্ডেছনৰ কাৰ্যবাহী সঞ্চালক কৌস্তৱ চৌধুৰীয়ে কয়, "এলেচেন্স লাইভৰ আগতে এই ডিভাইচটোৱে কেৱল মেছেজহে প্ৰেৰণ কৰিছিল । এতিয়া এই এলেচেন্স লাইভত ভিডিঅ' আৰু ফটো দুয়োটা উপলব্ধ হ'ব । ই হাতী বা আন বন্যপ্ৰাণীৰ ফটো আৰু ভিডিঅ' প্ৰেৰণ কৰিব । ফলস্বৰূপে ৰে'ল আৰু বন বিভাগে নিশ্চিত হ'ব যে তাত জীৱ-জন্তু আছে নে বা ৰে'লপথৰ ওচৰত কিমান জীৱ-জন্তু আছে । আগতে বাৰ্তা আহিছিল কিন্তু কিমান জীৱ-জন্তু আছে সেয়া জানিব পৰা হোৱা নাছিল ।"

"আমি ৫৮ লাখ টকা খৰচ কৰিছো । স্নেপ ফাউণ্ডেচনে কাৰিকৰী যন্ত্ৰ স্থাপনৰ কাম কৰি আছে । গৰুমাৰা বন্যপ্ৰাণী বিভাগৰ চাপৰামাৰী অভয়াৰণ্যত, জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত আৰু বক্সা ব্যাঘ্ৰ প্ৰকল্পৰ দমনপুৰত মুঠ ৯০টা যন্ত্ৰ স্থাপন কৰা হৈছে । চাপৰামাৰী অভয়াৰণ্যত ২৪ টা মান যন্ত্ৰ স্থাপন কৰা হৈছে । যোৱা এবছৰত, এলেচেন্সৰ এই প্ৰথমটো প্ৰযুক্তিৰ জৰিয়তে আমি ১২৪০টা হাতীয়ে ডিভাইচসমূহৰ ওচৰৰ ৰে’লপথত হাতী কৰিড’ৰ পাৰ হোৱা দেখিছো । ইয়াৰ বাবেই হাতীৰ মৃত্যু ৰোধ কৰা হৈছে ।" কৌস্তৱ চৌধুৰীয়ে কয় ৷

ইফালে, বন্যপ্ৰাণী বিভাগৰ উত্তৰ বংগৰ মুখ্য বনকৰ্মী ভাস্কৰ জেভিয়ে কয়, "এলেচেন্স গতি ভিত্তিক চেন্সৰটো মোবাইল চিম কাৰ্ড নেটৱৰ্কৰ সৈতে সংযুক্ত । ৰে'ল আৰু বন বিভাগৰ এটা দলে তথ্য বিনিময় কৰিব । বিশেষকৈ ৰে'লৱেৰ পিলাৰ নম্বৰ চাই তথ্য বিনিময় কৰা হ'ব । আগতে ভুল তথ্য বহুত আহি আছিল । এতিয়া ভিডিঅ' আৰু ছবিও আহিব, গতিকে ইয়াৰ কোনো সম্ভাৱনা নাই । যদি কোনো বাহন আহে তেন্তে ইয়াৰ বিষয়েও আমাৰ হাতত তথ্য থাকিব । চাপৰামাৰী অভয়াৰণ্যত ৰে’ল লাইনৰ কাষত ২৪টা কেমেৰা স্থাপন কৰা হ’ব ।"

লগতে পঢ়ক: এন এফ ৰেলৱেৰ বলিষ্ঠ পদক্ষেপ; ৰক্ষা পৰিল ১৬৮৭ টা হাতীৰ জীৱন

Last Updated : April 5, 2025 at 10:40 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.