২১০ গৰাকী নিহতৰ ভিতৰৰ ১৮৭ গৰাকীৰ DNA-ৰ নমুনা মিল, পৰিয়ালক হস্তান্তৰ
সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে গুজৰাটৰ স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা মন্ত্ৰী ঋষিকেশ পেটেলে ৷

By ANI
Published : June 19, 2025 at 12:14 PM IST
নতুন দিল্লী: আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ এটা সপ্তাহ পাৰ হ’ল ৷ এই শোকাবহ বিমান দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ ভিতৰত সংগ্ৰহ কৰা ২১০ জনৰ ডি এন এ নমুনা ১৮৭ জন লোকৰ সৈতে মিল খায় ৷ তাৰপিছতে উক্ত মৃতদেহকেইটা পৰিয়ালক হস্তান্তৰ কৰা হয় বুলি গুজৰাটৰ স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা মন্ত্ৰী ঋষিকেশ পেটেলে সদৰি কৰে ৷
সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমত প্ৰকাশিত পোষ্টটো আছিল এনেধৰণৰ-
Summary of Mortal Remains
— Rushikesh Patel (@irushikeshpatel) June 19, 2025
UPDATED UP TO :- 19/06/2025 , 8:30 a.m.
NO. OF DNA MATCH - 210
NO. OF RELATIVES CONTACTED- 210
NO. OF MORTAL RELEASED- 187
Remaining Mortal remains will be handed over soon.
আনহাতে, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বিমানৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান কঠোৰ তথা নতুন নিয়মৰ খচৰা প্ৰকাশ কৰে । ১৮ জুনত জাৰি কৰা এয়াৰক্ৰাফ্ট (ডেমলিচন অৱ অবষ্ট্ৰাকচন) ৰুলছ, ২০২৫ শীৰ্ষক এই খচৰাখন চৰকাৰী ৰাজপত্ৰত প্ৰকাশ পোৱাৰ পিছত বলবৎ কৰা হ’ব ।
এই নিয়মৰ উদ্দেশ্য হৈছে নিৰ্দিষ্ট বিমানবন্দৰ এলেকাত থকা আকাশলংঘী অট্টালিকা আৰু গছ-গছনিৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা কৰ্তৃপক্ষক প্ৰদান কৰা । বিমানৰ উৰণপথত সন্মুখীন হোৱা বাধাৰ ফলত সংঘটিত দুৰ্ঘটনা ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
খচৰাত এনেদৰে উল্লেখ কৰা হৈছে, "আইনৰ ১৮ নং ধাৰাৰ উপ-ধাৰা (১)ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰিছে আৰু সংশ্লিষ্ট বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত বিষয়াই যদি কোনো অট্টালিকা বা গছ-গছনি উক্ত অধিসূচনাৰ অধীনত নিয়ম ভংগ কৰা বুলি বিশ্বাস কৰিবলৈ বাধ্য হৈছে, তেন্তে তেওঁ উক্ত ধাৰাটোৰ উপ-ধাৰা (৩) অনুসৰি, যি ধৰণৰ বিষয়েই নহওঁক কিয় অট্টালিকা বা গছৰ মালিকক অধিসূচনাৰ প্ৰতিলিপি প্ৰদান কৰিব লাগিব ।’’
খচৰাৰ অধীনত নিৰ্ধাৰিত উচ্চতাৰ সীমা উলংঘা কৰা যিকোনো গঠনৰ দায়িত্বত থকা বিমানবন্দৰৰ বিষয়াই জাননী প্ৰেৰণ কৰিব পাৰিব । মালিকসকলে ষাঠি দিনৰ ভিতৰত বিশদ তথ্য, গঠনৰ মাত্ৰা আৰু ছাইট প্লেনকে আদি কৰি যাৱতীয় তথ্যসমূহ বিষয়াগৰাকীক দাখিল কৰিব লাগিব । অন্যথা নিৰ্দেশনা অমান্য কৰাৰ ফলত অট্টালিকা ধ্বংস বা গছ-গছনি কটাৰ ব্যৱস্থা গ্ৰহণ কৰিব বিমানবন্দৰ কৰ্তৃপক্ষই ৷
‘‘সংশ্লিষ্ট বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত বিষয়াই তৎক্ষণাত এনে উলংঘাৰ প্ৰতিবেদন সঞ্চালকপ্ৰধানলৈ বা তেওঁৰ দ্বাৰা অনুমোদিত যিকোনো বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব’’ বুলিও খচৰাখনত উল্লেখ কৰা হৈছে ৷
লগতে কোৱা হৈছে “সবিশেষ সঞ্চালকপ্ৰধানলৈ প্ৰেৰণ কৰাৰ আগতে বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত বিষয়াই সবিশেষৰ শুদ্ধতাৰ বিষয়ে আৰু ইয়াৰ বাবে নিজকে সন্তুষ্ট কৰিব লাগিব ৷ তেওঁৰ সংশ্লিষ্ট চৌহদত প্ৰৱেশ কৰাৰ অধিকাৰ থাকিব আৰু ক্ষেত্ৰ অনুসৰি অট্টালিকা বা গছৰ মাত্ৰা শাৰীৰিকভাৱে পৰীক্ষা কৰাৰ অধিকাৰ থাকিব ৷ এনে ভৌতিক পৰীক্ষণৰ সময়ত সকলোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ বাধ্য হ’ব ।’’
যদি কোনো নিয়ম মানি চলা নহয়, তেন্তে দায়িত্বত থকা বিষয়াই বিষয়টো জিলা উপায়ুক্তক অৱগত কৰিব লাগিব ৷ এই প্ৰক্ৰিয়াটো নীতি-বহিৰ্ভূতভাৱে কৰা যিকোনো নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে প্ৰযোজ্য হ’ব ৷

