নতুন দিল্লী: গুজৰাটৰ আহমেদাবাদত উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান । বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হোৱা এই বিমানখনত আছিল প্ৰায় ২৪২ গৰাকী যাত্ৰী । এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ পিছত সকলো কাৰ্যসূচী বাতিল কৰে দিল্লী বিজেপিয়ে ।
বৃহস্পতিবাৰে সন্ধিয়া দিল্লীস্থিত বাংলাদেশৰ দূতাবাসত ৰাজ্যিক বিজেপিৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল । যাৰ প্ৰস্তুতিত ব্যস্ত আছিল প্ৰতিগৰাকী নেতা ৷ আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাৰ পিছত বাতিল কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷
দিল্লীৰ মুখ্য়মন্ত্ৰী ৰেখা গুপ্তাই এই ঘটনাত শোকপ্ৰকাশ কৰি কয়, ‘‘আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ খবৰটো অত্যন্ত বেদনাদায়ক আৰু চাঞ্চল্যকৰ । আটাইকেইগৰাকী যাত্ৰী আৰু তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে সকলো যাত্ৰী সুৰক্ষিত হয় আৰু আহতসকলে শীঘ্ৰে আৰোগ্য লাভ কৰে । এই কঠিন সময়ত আমি সকলো ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থিয় দিছো ।’’
अहमदाबाद में एयर इंडिया के विमान के दुर्घटनाग्रस्त होने का समाचार अत्यंत पीड़ादायक और स्तब्ध कर देने वाला है।
— Rekha Gupta (@gupta_rekha) June 12, 2025
मैं सभी यात्रियों एवं उनके परिजनों के प्रति गहरी संवेदना व्यक्त करती हूँ। ईश्वर से प्रार्थना है कि सभी यात्री सकुशल हों और घायल लोगों को शीघ्र स्वास्थ्य लाभ मिले।
इस…
ৰাজ্যিক বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘আহমেদাবাদত এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাৰ খবৰটো অত্যন্ত দুখজনক আৰু অসহ্যকৰ ৷ সকলো যাত্ৰী আৰু ক্ৰু সদস্যৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছো, আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো আৰু বিদেহী আত্মাৰ প্ৰতি মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দুৰ্ঘটনাটোত আপোনজনক হেৰুওৱা পৰিয়ালবৰ্গসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।’’
ইয়াৰোপৰি নতুন দিল্লীৰ সাংসদ বনছুৰী স্বৰাজেও শুকুৰবাৰে পুৱা এক সংবাদমেল সম্বোধন কৰি মোদী চৰকাৰৰ ১১ বছৰীয়া কাৰ্যকালৰ সাফল্যৰ বিষয়ে জনসাধাৰণৰ আগত অৱগত কৰা কথা আছিল, যিটো এতিয়া পিছুৱাই দিয়া হৈছে । বৰ্তমান এই দুৰ্ঘটনাটোৰ ওপৰতে সকলোৰে দৃষ্টি আবদ্ধ হৈ আছে ৷
বাংলাদেশৰ দূতাবাসত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী বাতিল
নোবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ পূৰ্বপুৰুষৰ ঘৰত বাংলাদেশৰ এটা হিংসাত্মক গোষ্ঠী প্ৰৱেশ কৰি সা-সম্পত্তি ভাঙি-ছিঙি লণ্ডভণ্ড কৰাৰ এটি চি চি টিভি ফুটেজ পোহৰলৈ আহিছে ৷ এই সন্দৰ্ভত বিজেপিয়ে তীব্ৰ আপত্তি দৰ্শাইছে ।
अहमदाबाद में एयर इंडिया विमान हादसे की खबर बेहद दु:खद और विचलित करने वाली है, सभी यात्रियों और क्रू मेंबर्स की सलामती के लिए प्रार्थना करता हूं।
— Virendraa Sachdeva (@Virend_Sachdeva) June 12, 2025
मैं ईश्वर से शोक संतप्त परिवारों को असहनीय पीड़ा को सहने की शक्ति प्रदान करने एवं घायलों को शीघ्र स्वास्थ्य़ लाभ प्रदान करने की…
যাৰ বাবে বৃহস্পতিবাৰে বিয়লি ৪ বজাত বাংলাদেশৰ দূতাবাসত ৰাজ্যিক বিজেপিৰ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল যদিও এতিয়া সেই প্ৰতিবাদ স্থগিত ৰখা হৈছে । বিমান দুৰ্ঘটনাৰ বাবে এই প্ৰতিবাদ স্থগিত ৰখা বুলি অৱগত কৰিছে ৰাজ্যিক বিজেপিয়ে ।
এয়াৰ ইণ্ডিয়াৰ বিমান AI 171 দুৰ্ঘটনা
গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে এয়াৰ ইণ্ডিয়াৰ বিমান AI 171 । এই বিমানখনত প্ৰায় ২৪২ জন যাত্ৰী আছিল । লাভ কৰা তথ্য অনুসৰি উৰণৰ কিছু সময়ৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
এই মৰ্মান্তিক ঘটনাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে বাৰ্তালাপ কৰে । মোদীয়ে তেওঁলোকক আহমেদাবাদলৈ গৈ বিমান দুৰ্ঘটনাৰ পিছত ক্ষতিগ্ৰস্ত লোকসকলক যাতে সকলো ধৰণৰ সহায় আগবঢ়োৱা হয়, তাৰ প্ৰতি লক্ষ্য ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ।