যেন আকাশৰ পৰা যমদূতৰ ৰূপ লৈ খহি আহিছিল বিমানখন ! সময়ে মৃত্যুৰ মেলা পতা ঠাইটুকুৰা
দুৰ্ভগীয়া শিশুটিয়ে একো গমকেই নাপালে, নিমিষতে ছাই হৈ গ'ল ৷

Published : June 14, 2025 at 11:17 AM IST
বিকাশ কৌশিক
আহমেদাবাদ: সমগ্ৰ বিশ্বক জোকাৰি যোৱা আহমেদাবাদৰ বিমান দুৰ্ঘটনাটোত অভিশপ্ত বিমানখনৰ মুঠ 242 গৰাকী যাত্ৰীৰ ভিতৰত 241 গৰাকীয়েই সাবটি ল'লে মৃত্যুক ৷
ইয়াৰ উপৰিও যিটো অট্টালিকাৰ ওপৰত বিমানখনৰ এটা অংশ খহি পৰিছিল সেই অট্টালিকাটো আছিল চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হোষ্টেল ৷

এই শোকাৱহ ঘটনাত উক্ত হোষ্টেলটোৰো চাৰিগৰাকী ছাত্ৰ আৰু এগৰাকী চিকিৎসকৰ পত্নীকে ধৰি মুঠ পাঁচগৰাকীয়ে মৃত্য়ুক সাবটিলে ৷ কেৱল ইমানেই নহয়, এই মৰ্মান্তিক ঘটনাটোত প্ৰাণ হেৰুৱাইছে আৰু 24 গৰাকী লোকেও ৷

এওলোকৰ মাজত কিন্তু এজনো নাছিল অভিশপ্ত বিমানখনৰ যাত্ৰী ৷ তেওঁলোক আছিল যি ঠাইত বিমানখন আকাশৰ পৰা খহি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হ'ল সেই অঞ্চলৰ স্থানীয় লোক ৷ যিটো মেডিকেল হোষ্টেলৰ মূধচত খহি পৰিছিল বিমানখন, সেই হোষ্টেলটোৰ সমূখতে এখন চাহৰ দোকান দি পৰিয়ালটো চলাইছিল এগৰাকী মহিলাই ৷

সেইদিনাও খুলিছিল দোকানখন ৷ মাতৃৰ সৈতে সিদিনা দোকানত আছিল 13 বছৰীয়া পুত্ৰও ৷ আকাশৰ পৰা দুৰন্ত গতিত যমদূতৰ ৰূপ লৈ যি সময়ত বিমানখন সেই অট্টালিকাটোৰ ওপৰত খহি পৰিছিল সেই মুহূৰ্তত মহিলাগৰাকীৰ পুত্ৰ দোকানৰ লগতে থকা চাঁৰপাই (পৰম্পৰাগত বিছনা)খনত শুই আছিল ৷
দুৰ্ভগীয়া শিশুটিয়ে একো গমকেই নাপালে ৷ নিমিষতে ছাই হৈ গ'ল ৷ এনেদৰে সেই সময়ত সেই স্থানৰ আশে-পাশে থকা 24 গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে হৃদয় কঁপাই যোৱা এই বিমান দুৰ্ঘটনাটোৱে ৷
বিমানখন খহি পৰা স্থানলৈ এতিয়া দাঁতিকাষৰীয়াতো বাদেই দূৰ-দূৰণিৰ পৰাও মানুহৰ সোঁত বৈছে ৷ সকলো আহিছে এই শোকাৱহ ঘটনা সংঘটিত হোৱা ঠাইডোখৰ এবাৰ চাবলৈ আৰু উভতি গৈছে দুচকু তিয়াই ৷
লগতে পঢ়ক: এই 5 গৰাকী দুৰ্ভগীয়াইও ধৰিবই নোৱাৰিলে কি হ'ল, কেনেকৈ হ'ল: মাথো বন্ধ হৈ গ'ল উশাহ

